গুৱাহাটী ৮ এপ্রিল: বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছ আৰু চি পি আই এম দলে কিছুদিন পূৰ্বে অভিযোগ দিয়াৰ পিচতে এইবাৰ কংগ্ৰেছ দলে নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰিছে বুলি সোমবাৰে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে । সোমবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াক এই সন্দৰ্ভত অভিযোগ পত্ৰ দিয়ে দলটোৱে । অসম বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নির্বাচনী আয়ুক্তলৈ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ যোগেদি কংগ্ৰেছ দলৰ বিৰুদ্ধে এক লিখিত অভিযোগ দাখিল কৰে ।
দিপ্লু ৰঞ্জন শৰ্মাই দেশৰ মুখ্য নির্বাচনী আয়ুক্তলৈ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ যোগেদি কংগ্ৰেছ দলৰ বিৰুদ্ধে দাখিল কৰা এক লিখিত অভিযোগ পত্ৰত উল্লেখ কৰিছে যে দেওবাৰে গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিং, ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত কংগ্ৰেছ দলে পাঁচ গেৰাণ্টি ঘোষণা কৰি নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰিছে ।
অভিযোগ পত্ৰত উল্লেখ কৰে যে কংগ্ৰেছে ঘোষণা কৰা পাঁচ গেৰাণ্টিৰ পূৰণ কৰিবৰ বাবে যাৱতীয় ধনৰাশিৰ উৎস, লগতে কেনেকৈ উক্ত গেৰাণ্টি বাস্তৱায়িত কৰিব তাৰ কোনো তথ্য দাঙি নধৰাকৈ কেৱল জনসাধাৰণক আভুৱা ভাৰিবৰ বাবে তথা নিৰ্বাচনত প্রলোভনৰ ৰাজনীতিৰে ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
অভিযোগনামা দাখিলৰ পাছত দিপ্লু ৰঞ্জন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছে পৰাজয়ৰ পূৰ্বানুমান কৰি হিতাহিত জ্ঞান হেৰুৱাইছে । ইতিমধ্যে কংগ্ৰেছে জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছে, সেয়েহে নির্বাচনী আচৰণবিধি ভংগ কৰি হ'লেও দলটোৱে ভোটাৰক প্রলোভনৰ ৰাজনীতিয়ে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে । কিন্তু কংগ্ৰেছৰ এই প্ৰলোভনৰ ৰাজনীতি জনসাধাৰণে বিশ্বাস নকৰে । তেওঁ কয় যে অসমৰ জনসাধাৰণ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ৰাজনীতিৰ পক্ষত আছে ।
উল্লেখ্য যে ৰাজ্যিক নির্বাচনী আয়োগে যোৱা শুকুৰবাৰে এক জাননীযোগে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ নিৰ্বাচনী আচৰণ বিধিৰ সন্দৰ্ভত বিস্তৃত বিৱৰণ বিচাৰিছিল । নির্বাচনী আয়োগৰ উক্ত জাননীৰ যথাযথ উত্তৰ আয়োগে নিৰ্ধাৰণ কৰা সময়ৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে দাখিল কৰে বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে সাংবাবিদকক জানিবলৈ দিয়ে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান ভূপেন বৰাৰ - Lok Sabha Election 2024