ETV Bharat / politics

আঁচনিৰ চমকেৰে মহিলাক লক্ষ্য কৰি বিজেপিৰ ব্যাপক প্ৰচাৰ অভিযান - Lok Sabha Election 2024

Lok Sabha Election 2024: শাসকীয় দলে সকলো ভোটাৰৰ লগতে বিশেষভাৱে লক্ষ্য কৰি লৈছে মহিলা ভোটাৰসকলক । প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ভোটাৰসকলো আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে গেৰুৱা দলটোৱে । ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা ১,২১,২২,৬০২ গৰাকী । নতুন ভোটাৰৰ সংখ্যা সাত লক্ষাধিক । চৰকাৰী আঁচনিৰ বাৰ্তা লৈ ৰাইজৰ সমৰ্থন আদায়ৰ বাবে ঘৰে ঘৰে গৈছে বিজেপিৰ কৰ্মকৰ্তাসকল ।

Lok Sabha Election 2024
বিজেপিৰ ব্যাপক প্ৰচাৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 7:01 PM IST

গুৱাহাটী, ২৮ মার্চ: মাজত মাত্ৰ কেইটামান দিন বাকী । তুংগত উঠিছে প্ৰচাৰ অভিযান । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ ম‍ে'ত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব । সেয়ে এতিয়া সময় ভোটাৰ ৰাইজৰ সমৰ্থন আদায় কৰা আৰু যাৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে ।

শাসক-বিৰোধী উভয়ে এতিয়া ভোটাৰ ৰাইজৰ কাষলৈ গৈছে আৰু সমৰ্থন আদায়ৰ বাবে বহু কথাই কৈছে । শাসকীয় দল হিচাপে বিজেপিৰ বাবে প্ৰতিশ্ৰুতি দিয়াত আৰু ৰাইজক আকৰ্ষিত কৰাত বিশেষ সুবিধা হৈছে । এইবাৰ বিজেপি দলে সকলো ভোটাৰৰ লগতে মহিলা ভোটাৰসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছে ।

সেইদৰে প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ভোটাৰসকলকো আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে গেৰুৱা দলটোৱে । ইতিমধ্যে গেৰুৱা দলটোৱে প্ৰধানকৈ মহিলাসকলক টাৰ্গেট কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই এইবাৰ মুছলমান মহিলাসকলেও বিজেপিক ভোট দিব বুলি ৰাজহুৱাকৈ সদৰী কৰিছে । মুখ্যমন্ত্ৰীৰ মতে বিজেপি চৰকাৰৰ পৰা ৰাজ্যৰ মহিলাসকল ইমানেই উপকৃত হৈছে যে এইবাৰ আন দলে মহিলাসকলৰ ভোটেই নাপাব ।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি অসমৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ২,৪৩,০১,১৬০ গৰাকী । ইয়াৰে ১,২১,৭৯,৩৫৮ জন পুৰুষ আৰু ১,২১,২২,৬০২ গৰাকী মহিলা ভোটাৰ । আনহাতে প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া নতুন ভোটাৰৰ সংখ্যা হৈছে ৭ লাখ ২৬ হাজাৰ ৭৮৩ গৰাকী ।

লক্ষ্যণীয় বিষয় যে ৰাজ্যত ক্ৰমাৎ মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে মহিলাসকলৰ বাবে বহু আঁচনি দিছে । উল্লেখ্য যে অংগনৱাড়ী কর্মী-সহায়িকাৰ এককালিন সাহায্য প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয়, লাখপতি বাইদেউ আদি বহু আঁচনি ৰূপায়ণৰ কথাৰে নিৰ্বাচনত মহিলাসকলৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলাইছে শাসকীয় দলে ।

আনকি এই আঁচনিসমূহৰ সুবিধা প্ৰদানৰ বাবে ঘৰে ঘৰে গৈছে দলীয় কৰ্মকৰ্তা । ৰাইজৰ সমৰ্থন আদায়ৰ বাবে বিজেপিৰ কৰ্মকৰ্তা সকলে তৃণমূল পৰ্যায়ত ব্যাপকভাৱে অভিযান আৰম্ভ কৰিছে । ইফালে অসম চৰকাৰে ইতিমধ্যে ৰেছনকাৰ্ড থকা পৰিয়াললৈ আয়ুষ্মান অসম কাৰ্ডৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ উপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰে প্ৰতি ৩০০ টকা ৰাজসাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে । অবিবাহিত, বিধৱা, নিম্ন উপার্জন থকা পৰিয়ালৰ মহিলাসকলক প্ৰতিমাহে ১২৫০ টকা আদায় দিয়া আকর্ষণীয় অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে আঁচনি এখনো আৰম্ভ কৰিছে । এই আঁচনিৰ অধীনত আত্মসহায়ক গোটত থকা মহিলাসকলক এক লাখ পর্যন্ত সাহায্য আগবঢ়োৱা হ'ব ।

ইফালে বছৰি ৪ লাখ টকা উপাৰ্জন কৰা পৰিয়ালকো ৰেছনকাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ লগে লগে অংগনবাড়ী কর্মী-সহায়িকাসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে । যাৰ ফলত ১.২১ লাখ মহিলা উপকৃত হ'ব বুলি কোৱা হৈছে । উল্লেখ্য যে বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিয়াৰ কথা ঘোষণা কৰি ৰাজ্যৰ লাখ লাখ মহিলাৰ ভোট আদায় কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে ক্ষমতালৈ অহাৰ পিচত দলটোৱে মাইক্ৰ' ফাইনেলৰ ঋণ আদায় দিয়াৰ নামত এতিয়ালৈকে প্ৰায় ২ হাজাৰ কোটি টকা ব্যয় কৰিছে ।

ইফালে নতুন ভোটাৰসকলক আকৰ্ষণ কৰাৰ বাবে চৰকাৰখনে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰি চমক সৃষ্টি কৰিছে । আনকি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰসকলকো চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে স্কুটী প্ৰদান কৰা হৈছিল । শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল যাতে উৎসাহী হয় তাৰ বাবে চৰকাৰখনে এনেদৰে স্কুটী প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিলেও এই স্কুটী প্ৰদানৰ আঁৰত ভোটৰ অংক জড়িত হৈ আছে বুলি বিৰোধীয়ে পূৰ্বৰে পৰাই অভিযোগ উত্থাপন কৰি আহিছে ।

ইফালে ছাত্ৰীসকলৰ শিক্ষাৰ খৰচ বহন কৰাৰ বাবে চৰকাৰে 'মইনা' আঁচনি গ্ৰহণ কৰিছে । মুঠৰ ওপৰত এইবাৰ বিজেপিয়ে মহিলা ভোটাৰৰ ভোটেৰেই নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ ৰণকৌশল অৱলম্বন কৰিছে । বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত ১৩ খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে শেহতীয়া ভোটাৰ তালিকা অনুসৰি অসমত শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হৈছে ৪,৮৫৪ গৰাকী । সেইদৰে দৃষ্টিহীন ভোটাৰৰ সংখ্যা হৈছে ৪৫,১৭৬ গৰাকী ।

লগতে পঢ়ক: কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.