ETV Bharat / politics

হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন - ASSAM ASSEMBLY AUTUMN SESSION

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 11:53 AM IST

Assam Assembly Autumn Session 2024 : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনাও উত্তাল সদনৰ মজিয়া ৷ হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা ৷ যাৰ বাবে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে বিধানসভাৰ অধ্যক্ষই ৷

Assam Assembly Session 2024
হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন (Assam Assembly official page)

গুৱাহাটী, ২৯ আগষ্ট : আজি (বৃহস্পতিবাৰ) অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিন ৷ হিন্দু মুছলমানৰ প্ৰসংগকলৈ বিধানসভাৰ চতুৰ্থ দিনটোত উত্তপ্ত হৈ পৰে সদনৰ মজিয়া । মিঞা সম্প্ৰদায়ৰ লোকৰ পৰা হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা বিচাৰি বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে বিধানসভাত অধ্যক্ষক আহ্বান জনায় ৷

হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন (ETV Bharat)

বিধায়ক দেউৰীয়ে কৰা এই আহ্বানক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে । যাৰ বাবে বিধানসভাৰ অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।

  • হিন্দু শিক্ষয়িত্ৰীক মিঞাই জোৰ কৰি গৰুৰ মাংস খুৱায় : ৰমাকান্ত দেউৰী

বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি দেউৰীয়ে কয়, "সদনৰ ভিতৰত অতি স্পৰ্শকাতৰ বিষয় উপস্থাপন কৰিছিলো । হিন্দু শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ মিঞা এলেকাত নিৰাপত্তা নাই । লাহৰীঘাট, মোৰ সমষ্টিত হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই ।"

তেওঁ কয়, "অসমৰ যিবোৰ সংখ্যালঘু এলেকাত যি টেট শিক্ষকক নিযুক্তি দিছিল সেই হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নোহোৱা হৈছে । মিঞাই তেওঁলৈকক টানি লৈ যায়, জোৰ কৰি বিয়া পাতে । প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এই কথা অৱগত কৰোৱা হৈছিল । হিন্দু শিক্ষয়িত্ৰীক মিঞাই গৰুৰ মাংস খুওৱাৰ চেষ্টা কৰিছিল ।‌ আজিও হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই ।"

লগতে পঢ়ক : অসমত হিন্দু-মুছলমানৰ সংঘৰ্ষ সৃষ্টিৰ চক্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : অভিযোগ শ্বেৰমান আলীৰ - MLA Sherman Ali

  • সদনৰ মজিয়াত খিলঞ্জীয়া বিধায়কৰ নিৰাপত্তা নোহোৱা হৈছে :

বিধায়ক দেউৰীয়ে কয়, ‘‘এই কথা কোৱাত কংগ্ৰেছ আৰু এআই ইউডিএফৰ বিধায়ক জুই লাগি গৈছে । মিঞা সম্প্ৰদায়ক সাৱধান হোৱাৰ বাবে আহ্বান জনাইছো ।’’

ইপিনে বিধায়ক ভূৱন‌ পেগুয়ে কয়, ‘‘সদনৰ মজিয়াত আমাৰ নিৰাপত্তা নোহোৱা হৈছে । কংগ্ৰেছ আৰু এ আই ডি এফৰ বিধায়কে আমাক‌ এক প্ৰকাৰ মাৰিবলৈ আহিছে ।’’

  • ৰমাকান্ত দেউৰীয়ে সদনত বিশৃঙ্খল পৰিৱেশ সৃষ্টি কৰিছে :

কংগ্ৰেছৰ বিধায়ক বিধানসভাৰ বাহিৰত সাংবিদকক সম্বোধন কৰি ৰেকিবুদ্দিন আহমেদে কয়, ‘‘শিক্ষা বিভাগ প্ৰশ্নৰ গুৰুত্বপূৰ্ণ চেশ্যন চলি আছিল । তাৰ মাজতে ৰমাকান্ত দেউৰীয়ে সদনত‌ বিশৃঙ্খল পৰিৱেশ সৃষ্টি কৰে । এয়া দুৰ্ভাগ্যজনক ।’’

লগতে পঢ়ক : সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ - FIR against Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.