ETV Bharat / politics

বিৰোধী ঐক্যত ফাঁট; ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীৰ সৈতে ৰাজনৈতিক যুঁজত নামিব INDI ঐক্য

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:22 PM IST

Loksabha Election 2024:ইণ্ডি মিত্ৰজোঁটৰ সৈতে ফাঁট ক্ৰমাৎ স্পষ্ট হৈ পৰিছে আপৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমত আপক লগত নোলোৱাকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চ । ডিব্ৰুগড় লোকসভা সমষ্টি কোনো কাৰণতে আপক এৰি দিবলৈ প্ৰস্তুত নহয় বিৰোধী ঐক্যমঞ্চ ৷ ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েই হ’ব বুলি একপ্ৰকাশ থিৰাং কৰা হৈছে ।

Assam AAP candidate will face the INDIA candidate IN Dibrugarh Lok Sabha constituency
বিৰোধী ঐক্যত ফাঁট; ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীৰ সৈতে ৰাজনৈতিক যুঁজত নামিব INDI ঐক্য

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: ইণ্ডি মিত্ৰজোঁটৰ সৈতে ফাঁট ক্ৰমাৎ স্পষ্ট হৈ পৰিছে আপৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমত আপক লগত নোলোৱাকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চ । ডিব্ৰুগড় লোকসভা সমষ্টি কোনো কাৰণতে আপক এৰি দিবলৈ প্ৰস্তুত নহয় বিৰোধী ঐক্যমঞ্চ ৷ ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েই হ’ব বুলি একপ্ৰকাশ থিৰাং কৰা হৈছে ।

দিল্লীত সোমবাৰে নিশা এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনকেন্দ্ৰিক বৈঠক অনুষ্ঠিত হৈছিল, য’ত এআইচিচিৰ নেতৃত্বৰ লগত সভাপতি ভূপেন বৰাকে ধৰি বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰিছিল ৷ এই সভাতেই নিশ্চিত হয় যে 14 খন আসনতেই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে অসমৰ 14 খন আসনতেই প্ৰাৰ্থিত্ব দিব ৷ তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সমষ্টিৰূপে বিবেচিত হৈছে ডিব্ৰুগড় সমষ্টিটো ।

ইতিমধ্যেই ডিব্ৰুগড়কে ধৰি 3 খন আসনত একপক্ষীয়ভাৱে নিজা প্ৰাৰ্থী ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে ৷ বিৰোধী ঐক্যমঞ্চলৈ এই তিনিখন আসন এৰি দিবলৈ আপ অসমৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে আহ্বান জনোৱা হৈছিল ৷ ডিব্ৰুগড়ত আপৰ ঘোষিত প্ৰাৰ্থী মনোজ ধানোৱাৰক সমৰ্থন জনাবলৈ আপ অসমে আহ্বান জনাইছে । অৰ্থাৎ লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰূপে মানি ল’ব খোজা নাই আপ অসমে ।

কিন্তু আপক কোনো কাৰণতেই ডিব্ৰুগড় আসনখন যে বিৰোধী ঐক্যই এৰি নিদিয়ে সেয়া নিশ্চিত হৈ পৰিছে ৷ আপক গুৱাহাটী নাইবা শোণিতপুৰ যিকোনো এখনহে আসন এৰি দিবলৈ প্ৰস্তুত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চ ৷ কিন্তু আপে অসমত তিনিখন আসন বিচাৰি নাচোৰবান্দা । স্বাভাৱিকতেই অসমৰ মিত্ৰজোঁটৰ পৰা আপ একপ্ৰকাৰ ওলাই যোৱাটো স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.