ETV Bharat / politics

আত্মবিশ্বাসী প্ৰদেশ কংগ্ৰেছ! লোকসভা নিৰ্বাচনত দখল কৰিব পাঁচটা সমষ্টি - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Assam Congress: লোকসভা নিৰ্বাচনত অসম কংগ্ৰেছে 5 খন আসন পাব বুলি নিশ্চিত হৈছে ৷ ভূপেন বৰাই জনালে এই কথা ৷ সেই কথা কংগ্ৰেছ হাইকামাণ্ডক অৱগত কৰোৱাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

BHUPEN BORAH
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 4:59 PM IST

গুৱাহাটী, ১৪ মে’ : অসমত শেষ হ’ল 2024ৰ সাধাৰণ নিৰ্বাচন । এতিয়া সকলো দলৰে নিৰ্বাচনী অংক আৰম্ভ হৈছে । কোনে কিমান আসন লাভ কৰিব? শাসক আৰু বিৰোধী দলে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী পৰ্যালোচনা ।

এই নিৰ্বাচনী পৰ্যালোচনাত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ কমেও পাঁচটা সংসদীয় সমষ্টিত জয়লাভৰ সম্ভাৱনা দেখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । দলটোৰ এটা উচ্চতৰীয় সূত্ৰই এই কথা জানিবলৈ দি কয় যে ইতিমধ্যে সম্পন্ন তাৎক্ষণিক নিৰ্বাচনোত্তৰ পৰ্যালোচনাত এনে ফলাফল হ’ব বুলি ৰাজ্যিক নেতৃত্ব পতিয়ন গৈছে ।

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতে নতুন দিল্লীলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই পর্যালোচনাৰ আধাৰতে কেন্দ্ৰীয় নেতৃত্বক প্ৰতিবেদন দাখিল কৰিছে । সেইমৰ্মে, কংগ্ৰেছে নগাঁও, কৰিমগঞ্জ, ধুবুৰী, যোৰহাট আৰু গুৱাহাটী সংসদীয় সমষ্টিত জয়লাভৰ আশা কৰিছে ।

পর্যালোচনা অনুসৰি নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত দলটোৰ জয়লাভ সহজ হ’ব আৰু ধুবুৰীত ভোটৰ ব্যৱধানে অভিলেখ গঢ়াৰ সম্ভাৱনা আছে । যোৰহাট আৰু গুৱাহাটীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে যদিও লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভৰ আশা কৰা হৈছে ।

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত যোৰহাট সংসদীয় সমষ্টিৰ অন্তর্গত সকলো জিলা, ব্লক আৰু মণ্ডল কংগ্ৰেছ কমিটীৰ প্ৰতিবেদন ইতিমধ্যে দলে পাইছে, তাৰ ভিত্তিত জয়লাভ নিশ্চিত বুলি দাবী কৰা হৈছে । যোৰহাটত ভোটৰ ব্যৱধান দুই লাখ পর্যন্ত হ'ব পাৰে বুলিও সূত্ৰটোৱে দাবী কৰিছে । সেইদৰে, দ্বিতীয় পর্যায়ত নিৰ্বাচন অনুষ্ঠিত নগাঁও আৰু কৰিমগঞ্জ সংসদীয় সমষ্টিত স্থানীয় কংগ্ৰেছ কমিটীবোৰৰ তথ্যই সহজ জয়লাভৰ ইংগিত দিছে । তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বিতং তথ্য এতিয়াও পাবলৈ আছে । সূত্ৰটোৰ মতে, কেবাজনো প্ৰার্থী সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ উপস্থিতিত স্থানীয় কংগ্ৰেছ কমিটী আৰু তত্ত্বাৱধায়কসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া পর্যালোচনা সভাখন এতিয়াও অনুষ্ঠিত কৰিব পৰা হোৱা নাই ।

বিতং পর্যালোচনাৰ বাবে কিছুদিনৰ ভিতৰতে প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰো বৈঠক বহিব বুলি প্ৰকাশ । এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন‌ বৰাক সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘‘ বিভিন্ন ৰাজনৈতিক মহলে ৭ টাত কংগ্ৰেছ দলে জয় হ'ব বুলি চৰ্চা হৈ আছে ৷ দলৰ বিভিন্ন কৰ্মীয়ে সাতটাতে জয়লাভ কৰাৰ কথা কৈ আছে । কিন্তু আমাৰ পৰ্যালোচনা মতে , নগাঁও, কৰিমগঞ্জ, ধুবুৰী, যোৰহাট আৰু গুৱাহাটী সংসদীয় সমষ্টিত জয়লাভৰ আশা কৰিছো । সেইমতে এই পৰ্যালোচনা দিল্লীত গৈ কংগ্ৰেছ হাইকামাণ্ডক অৱগত কৰিছো ।’’

উল্লেখ্য যে কংগ্ৰেছৰ এই পৰ্যালোচনা সত্যত পৰিণত হ’লে স্বাভাৱিকতে শাসকীয় দলটো বিপর্যয়ৰ সন্মুখীন হ’ব ৷ ২০১৯ চনত কংগ্ৰেছৰ তিনিজন প্ৰার্থীয়েহে জয়লাভ কৰিছিল । এইবাৰ পাঁচটা সমষ্টি দখল কৰিবলৈ সক্ষম হ'লে ৰাজ্যৰ ৰাজনীতিত ইয়ে স্বাভাৱিকতেই তাৎপর্য বহন কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১২ খনৰ দাবী অন্তসাৰশূণ্য হৈ পৰিব ।

অৱশ্যে, এনে জল্পনা-কল্পনাৰ অহা ৪ জুনৰ ভোটগণনাৰ দিনাহে অন্ত পৰিব ।

লগতে পঢ়ক: ৰাজ্যৰ ৫০ টা ষ্ট্ৰং ৰূমত ৰখা হৈছে ভি ভি পেটসহ ই ভি এম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.