ETV Bharat / politics

৭ দিনৰ অস্থায়ী মুক্তি লাগে অমৃতপাল সিঙক - Lok Sabha Election 2024

AMRITPAL SINGH : ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙে অস্থায়ী মুক্তিৰ বাবে পঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন জনাইছে । ৭ দিনৰ অস্থায়ী মুক্তি বিচাৰিছে সিঙে । কিন্তু কিয় ?

Lok Sabha Election 2024
৭ দিনৰ অস্থায়ী মুক্তি লাগে অমৃতপাল সিঙক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:20 AM IST

নেশ্যনেল ডেস্ক, ১০ মে' : এন এছ এৰ অধীনত অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী খালিস্তানী নেতা অমৃতপাল সিঙৰ নিৰ্বাচন খেলিবলৈ মন । নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ইতিমধ্যে অমৃতপাল সিঙে যো-জা চলাইছে । মনোনয়ন দাখিলৰ বাবেও প্ৰস্তুতি চলাইছে ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী সিঙে । সেয়েহে পঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়ত মনোনয়নৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ অস্থায়ী মুক্তিৰ অনুমতি বিচাৰিছে সিঙে ।

কাৰাগাৰত বন্দী অমৃতপাল সিঙে খাদুৰ চাহিব সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে । সেয়েহে আদালতক ৭ দিনৰ অস্থায়ী মুক্তিৰ বাবে তেওঁ আবেদন জনাইছে ।

লগতে পঢ়ক:নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে নেকি অমৃতপালক ! - Lok Sabha Election 2024

১ জুনত খাদুৰ চাহিব সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে । তেওঁৰ আবেদনত সিঙে ৭ দিনৰ অস্থায়ী মুক্তি বিচাৰিছে যাতে তেওঁ ১৪ মে'ত সময়সীমা শেষ হোৱাৰ পূৰ্বে মনোনয়ন দাখিল কৰিব পাৰে । তেওঁ কাৰাগাৰ কৰ্তৃপক্ষক তেওঁৰ ফটো তোলা আৰু নতুন বেংক একাউণ্ট খোলাকে ধৰি নথিপত্ৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈও আদালতৰ পৰা নিৰ্দেশনা বিচাৰিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে - Lok Sabha Election 2024

আবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে সিঙৰ পিতৃয়ে পঞ্জাবৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে অমৃতসৰৰ জিলা দণ্ডাধীশলৈ তেওঁৰ মনোনয়ন দাখিলৰ বাবে নিৰ্দেশনা প্ৰদান কৰিবলৈ পত্ৰ লিখিছে । ইফালে একাংশ সমৰ্থকে সমষ্টিটোত তেওঁৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে ।Amritpal Singh

উল্লেখ্য যে, যোৱা বছৰ এপ্ৰিল মাহতে অমৃতপাল সিঙক এনএছএৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । তেতিয়াৰে কটকটীয়া নিৰাপত্তাৰ মাজত সিঙ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক:অনিশ্চয়তাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.