ETV Bharat / politics

ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row - HINDENBURG ADANI ROW

Assam congress protest in Guwahati : গুৱাহাটীস্থ ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত ৷ আদানীৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ ই ডিয়ে ভয় কৰা বুলি মন্তব্য ভূপেন বৰাৰ ৷

Assam congress protest in Guwahati
ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 7:06 PM IST

গুৱাহাটী, ২২ আগষ্ট : “ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ফাদিল হোৱা আদানীৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ ই ডিয়ে ভয় খাইছে ৷ আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সনা-পোটোকা ফাদিল হোৱাৰ ভয়ত যুটীয়া সংসদীয় কমিটি গঠন কৰিবলৈ বিজেপি চৰকাৰে ভয় খাইছে ৷ আমি এই কমিটি গঠন কৰিবলৈ বাধ্য কৰিম ৷ সংসদত আমাৰ বিৰোধীৰ ২০০তকৈয়ো অধিক সদস্য আছে ৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ যি কেলেংকাৰী ওলাইছে এয়া দেশৰ জনতাৰ ওচৰত তন্ন-তন্নকৈ ফাদিল কৰিব কংগ্ৰেছ দলে ৷”- হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আৰু ইয়াত নাম সাঙোৰ খাই পৰা উদ্যোগপতি গৌতম আদানীৰ প্ৰসংগত আজি এইদৰে হুংকাৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

“ ই ডি- এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক আমি সকীয়াই দিব খুজিছো যে তেওঁলোকে ই ডিক বিজেপিৰ পোহনীয়া কুকুৰৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰক ৷ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আমাৰ দেশৰ এটা সংবিধান প্ৰদত্ত প্ৰতিষ্ঠান ৷ এই অনুষ্ঠানৰ গৰিমা যোৱা সময়ছোৱাত যথেষ্ট লুণ্ঠিত হৈছে । আৰু সহ্য কৰা নহ’ব ৷”- ই ডিক বিজেপিৰ পোহনীয়া কুকৰৰ লগত তুলনা কৰি গুৱাহাটীত ই ডিৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে এই সকীয়নি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

উল্লেখ্য যে ই ডিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি অসমতো প্ৰদেশ কংগ্ৰেছে পালন কৰে প্ৰতিবাদ ৷ দেশৰ ৰাজ্যই ৰাজ্যই ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰিছে কংগ্ৰেছ দলে ৷ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ই ডিৰ কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ দেশত আলোড়ন সৃষ্টি কৰা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন, ছেবিৰ অধ্যক্ষৰ বিৰুদ্ধে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি একাধিক সাংসদৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰিও আন বিধায়ক আৰু নেতা-কৰ্মীয়ে ৷ ছেবিৰ অধ্যক্ষৰ বিৰুদ্ধে ই ডিয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগত ই ডিৰ গুৱাহাটীস্থিত কার্যালয়ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি সংস্থাটো বিজেপিৰ হাতৰ পুতলা হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে, প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ নেতা-কৰ্মীক প্ৰতিহত কৰিবলৈ সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন ৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ই ডিৰ কাৰ্যালয় চৌহদত বৃহৎসংখ্যক আৰক্ষীৰ মোতায়েন কৰা দেখা যায় ৷

লগতে পঢ়ক : ছেবিৰ অধ্যক্ষৰ পদত্যাগৰ দাবী; কংগ্ৰেছে দেশজুৰি কৰিব প্ৰতিবাদ

তিনিচুকীয়াত অসমীয়াক আক্ৰমণ অনা-অসমীয়াৰ : চোঁচৰাই চোঁচৰাই আটক প্ৰতিবাদকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.