ETV Bharat / politics

ৰাণী নৰহ-ভৰত নৰহেও উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব: ভূপেন বৰা - Lakhimpur Lok Sabha Constituency

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 3:31 PM IST

Lakhimpur Lok Sabha Constituency: প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত ৰাণী নৰহেও উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব বুলি মন্তব্য ভূপেন বৰাৰ ৷ ইফালে কংগ্ৰেছৰ ডাল-পাতবোৰহে লৰি আছে, শিপা মজবুত হৈ আছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

LAKHIMPUR LOK SABHA CONSTITUENCY
উদয় শংকৰ হাজৰিকাৰ সৈতে ভূপেন বৰাৰ সংবাদমেল

লখিমপুৰ, ২৪ মাৰ্চ: পলমকৈ হ’লেও ঘোষণা হ’ল লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নাম । বিপৰীতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল আনগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰাণী নৰহ । শনিবাৰে নিশা প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিচত দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক’লে, ৰাণী নৰহৰ লগতে বিধায়ক ভৰত নৰহেও চলাব উদয় শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।

বৰাৰ এই বক্তব্যই বিশেষ তাৎপর্য বহন কৰিছে ৷ বৰাই কয় যে কংগ্ৰছৰ ডাল-পাতহে লৰি আছে । শিপা মজবুত হৈয়েই আছে । ভূপেন বৰাই কয় যে কংগ্ৰেছ দলৰ পৰা নেতাৰ অহা-যোৱা চলি আছে । বিধানসভাৰ প্ৰাক্তন ডেপুটি স্পীকাৰ আহিছে কংগ্ৰেছ দললৈ । চাৰিবাৰ বিধায়ক হোৱা প্ৰাক্তন মন্ত্ৰী গোপী দাস আহিছে কংগ্ৰেছলৈ । দলৰ পৰা যিদৰে দুই-এজন নেতা গৈছে, তেনেদৰে আন দলৰ নেতাও কংগ্ৰেছ দললৈ আহিছে । নেতাৰহে অহা যোৱা চলিছে । কিন্তু তৃণমূল পর্যায়ৰ কৰ্মীয়ে দল এৰা নাই । তৃণমূল পর্যায়ৰ কৰ্মীসকল হ’ল দলৰ শিপা । দলটোৰ শিপা মজবুত হৈ আছে । দলৰ ডাল-পাতবোৰ লৰিলেও শিপা মজবুত হৈ আছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

উল্লেখ্য যে দেওবাৰে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীক লগত লৈ তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে । প্ৰসংগক্ৰমে তেওঁ কয় যে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত থকা ৰাণী নৰহৰ দলত শক্তিশালী স্থিতি আছে । যুৱ কংগ্ৰেছৰ নেতৃত্বৰ পৰা তেওঁ কেন্দ্ৰীয় মন্ত্ৰীপৰ্যন্ত হৈছিল । ৰাণী নৰহৰ লগতে বিধায়ক ভৰত নৰহেও উদয় শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ভূপেন বৰাই ন দি কয় ।

বিজেপি দলক সমালোচনা কৰি ভূপেন বৰাই কয় যে কা, নিবনুৱা সমস্যা, জনজাতিকৰণ, মূল্যবৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দিশত বিজেপিৰ বঞ্চনাৰ পৰিপ্ৰেক্ষিতত ৰাইজে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে । ব্ৰহ্মপুত্ৰ খনন, দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’, বিদেশী বিতাড়ন, অসম চুক্তিৰ ৫ আৰু ৬ নং দফা, খিলঞ্জীয়াৰ সুৰক্ষা কৱচ, ভূমিপট্টা আদি পালেনে নাই বুলি প্ৰশ্ন তুলি ভূপেন বৰাই কয় অসমৰ ৰাইজে এতিয়া এই কথাবোৰ আলোচনা কৰিছে । ৰাইজৰ আলোচনা যিমানেই গভীৰ হ’ব বিজেপিৰ বিপদো সিমানেই গভীৰ হ’ব বুলি তেওঁ কয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে থৰকাছুটি হেৰুৱাই দৌৰি থকাটোৱেই কংগ্ৰেছে কেনেদৰে যুঁজ দিছে সেই কথা প্ৰমাণ দিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ মুখখন ভালকৈ চাই ল’বলৈ ভূপেন বৰাই ৰাইজক আহ্বান জনায় । সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকী শক্তিশালী বুলি ওলোৱা খবৰক নস্যাৎ কৰি প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই কয় যে সংসদত মাত নমতাৰ ৰেকৰ্ড আছে প্ৰদান বৰুৱাৰ ৷ মাত নমতা দিশত তেওঁ শক্তিশালী । সংসদত উত্থাপন নকৰিলে সমস্যা সমাধান কেনেকৈ হ’ব বুলি উল্লেখ কৰি উদয় শংকৰ হাজৰিকাই কয় তেওঁ নিৰ্বাচিত হ’লে বান, খহনীয়া, নিবনুৱা আদি সমস্যাসমূহ শক্তিশালীভাৱে উত্থাপন কৰিব ।

সমষ্টিৰ ৰাইজে এইবাৰ পৰিবৰ্তন আৰু নতুন মুখ বিচাৰিছে । ৰাইজৰ এই আশাৰ বাবেই কংগ্ৰেছে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব বুলি উদয় শংকৰ হাজৰিকাই আশা প্ৰকাশ কৰে । উল্লেখ্য কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত দেওবাৰে দুপৰীয়া লখিমপুৰৰ বিষ্ণু নগৰ আদৰ্শ গাঁৱৰ নামঘৰত উপস্থিত হৈ সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে উদয় শংকৰ হাজৰিকাই । লগতে ভূপেন বৰাসহ উপস্থিত থাকে কংগ্ৰেছ কৰ্মীসকল ।

নামঘৰত সেৱা লৈ আনুষ্ঠানিকভাবে দলীয় টিকট প্ৰদান কৰে ভূপেন বৰাই । উক্ত অনুষ্ঠানত প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ড৹ জয়প্ৰকাশ দাস আদিয়েও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: লখিমপুৰ কংগ্ৰেছৰ প্ৰাৰ্থী ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকা; কিয় বঞ্চিত হ’ল একালৰ প্ৰতাপী ৰাণী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.