ETV Bharat / politics

প্ৰণৱ নাৰায়ণ দেৱৰ ঘৰত ভূপেন বৰা; মঙলদৈত নতুন মুখৰ সন্ধান কৰিছে নেকি কংগ্ৰেছে ? - Bhupen Borah in Mangaldoi - BHUPEN BORAH IN MANGALDOI

Assam Politics: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক ব্যক্তিগত বিশেষ ভ্ৰমণে কৌতুহলৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত ৷ অৱশ্যে এই ভ্ৰমণ সম্পূৰ্ণ পাৰিবাৰিক বুলি মন্তব্য কৰিছে ভূপেন বৰাই ৷

APCC PRESIDENT VISITS BJP LEADER
হেৰুৱা ৰাজপাট পুনৰুদ্ধাৰ লক্ষ্য (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:39 PM IST

মঙলদৈ, 12 জুন : লোকসভা নিৰ্বাচনৰ পিচতে ৰাজ্যত দল সমূহে 2026ৰ নিৰ্বাচনী যুঁজলৈ আৰম্ভ কৰিছে প্ৰস্তুতি ৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে দলীয় স্থিতি, দুৰ্বলতা ইত্যাদিৰ বিশ্লেষণেৰে 26ৰ যুঁজলৈ সাজু হোৱা পৰিলক্ষিত হৈছে দলসমূহক ৷ ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছক ব্যাপক ৰূপত কুচ-কাৱাজ আৰম্ভ কৰা দেখা গৈছে ৷

2026ৰ নিৰ্বাচনী যুঁজলৈ প্ৰস্তুতি আৰম্ভ প্ৰদেশ কংগ্ৰেছৰ (ETV BHARAT ASSAM)

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতে উৎসাহী হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৷ অসমত হেৰোৱা ৰাজপাট পুনৰুদ্ধাৰ লক্ষ্যৰে কংগ্ৰেছ দলে কঁকালত টঙালি বান্ধিছে ৷ ইয়াৰ মাজতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত এক বিশেষ ভ্ৰমণে কৌতুহলৰ সৃষ্টি কৰিছে ৷ চৰ্চিত হৈছে যে, বিজেপিৰ শৰণাপন্ন হোৱা মঙলদৈৰ বহিষ্কৃত কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ বিপৰীতে সমষ্টিটোত নতুন মুখৰ সন্ধান কৰিছে দলটোৱে ৷

ৰাজ্যৰ এটা অন্যতম তথা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি মঙলদৈৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসে দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মুকলিকৈ বিজেপি দলক সমৰ্থন আগবঢ়াইছিল ৷ ইয়াৰ পিচতেই বিধায়কজনক দল পৰা বহিষ্কাৰ কৰি তেওঁৰ পদ খাৰিজ কৰিবলৈ কংগ্ৰেছ দলে বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছিল ৷ অৱশ্যে এতিয়ালৈকে বিধানসভাৰ অধ্যক্ষই এই সন্দৰ্ভত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পিচতে কংগ্ৰেছৰ সভাত হঠাৎ আবিৰ্ভাৱ ভৰত নৰহৰ - Bharat Narah sudden appear

ইয়াৰ মাজতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা অৱস্থাত মঙলদৈত কোচ ৰাজবংশীৰ এগৰাকী শীৰ্ষ নেতা তথা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱৰ ঘৰত সোমোৱাৰ পিচতে ৰাজনৈতিক মহলত ব্যাপক কৌতুহলৰ সৃষ্টি হৈছে ৷

বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য, ৰাজ্য চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও শেষ সময়ত দিলীপ শইকীয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰে ৷

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে: গৌৰৱ গগৈ - Leader of the Opposition

প্ৰণৱ নাৰায়ণ দেৱৰ বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত হোৱাৰ পিচতেই এতিয়া মঙলদৈৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত চলিছে বিশেষ চৰ্চা ৷ প্ৰণৱ নাৰায়ণ দেৱৰ জৰিয়তে মঙলদৈ বিধান সভা সমষ্টি পুনৰ দখল কৰিব নেকি কংগ্ৰছে ? কংগ্ৰেছত বসন্ত দাসৰ স্থান পূৰ কৰিব নেকি প্ৰণৱ নাৰায়ণে ? ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰণৱ নাৰায়ণ দেৱৰ ঘৰলৈ আগমনৰ উদ্দেশ্য কেৱল পাৰিবাৰিক বুলি মন্তব্য কৰে ৷ এই সন্দৰ্ভত ভূপেন বৰাই কয় যে, তেখেতৰ একমাত্ৰ ভগ্নীৰ স্বামীৰ ভাতৃ প্ৰণৱ নাৰায়ণ দেৱ ৷ সেয়েহে আগৰেই পৰাই প্ৰণৱ নাৰায়ণ দেৱৰ সৈতে এক পাৰিবাৰিক সম্পৰ্ক আছে বুলি কয় ভূপেন বৰাই ৷ আনহাতে কোচ ৰাজবংশীৰ নেতা প্ৰভাৱশালী নেতা প্ৰণৱ নাৰায়ণ দেৱেও ভূপেন বৰাৰ আগমন সম্পূৰ্ণ ঘৰুৱা বুলি দাবী কৰে ৷

উল্লেখ্য যে, বসন্ত দাসে বিজেপিৰ শৰণাপন্ন হোৱাৰ পিচত লগতে দলৰ পৰা বহিষ্কাৰ কৰাৰ পিচত কংগ্ৰেছে সমষ্টিটোত নতুন প্ৰাৰ্থীৰ সন্ধানত আছে ৷ সেয়েহে ঘৰুৱা হ’লেও ভূপেন বৰাৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি ক’ব খুজিছে একাংশই ৷ বৰ্তমান মঙলদৈ বিধান সভা সমষ্টিত ৰাজনৈতিক মহলত এই বিষয়ক লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ 2026ৰ নিৰ্বাচনত এই ভ্ৰমণে প্ৰভাৱ পেলাব নেকি ? প্ৰণৱ নাৰায়ণ দেৱৰ ৰাজনৈতিক বেনাৰ সলনি হ’ব নেকি তাকে লৈ এতিয়া ব্যাপক চৰ্চা অব্যাহত আছে ৷

লগতে পঢ়ক : চামগুৰিৰ পৰা নিৰ্বাচন খেলাৰ বাবে পুত্ৰৰ প্ৰতি সেউজ সংকেত পিতৃ ৰকিবুল‌ হুছেইনৰ - Assam Bye Election

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.