ETV Bharat / politics

এগজিট প'লে সদায় ভুল তথ্য প্ৰকাশ কৰি আহিছে : ভূপেন বৰা - Lok Sabha Election results 2024

APCC president on exit poll : কাইলৈ এক নতুন দিন চাবৰ বাবে ৰাইজ ৰৈ আছে বুলি বন্তব্য় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । চৰকাৰ কংগ্ৰেছেই গঠন কৰিব বুলি আশাবাদী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকী ।

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:03 PM IST

APCC president on exit poll
এগজিট প'লে সদায় ভুল তথ্য প্ৰকাশ কৰি আহিছে : ভূপেন বৰা (ETV BHARAT ASSAM)

যোৰহাট, ৩ জুন: লোকসভা নিৰ্বাচনৰ ভোটগণনালৈ মাজত মাত্ৰ কেইঘন্টামান বাকী ৷ কাইলৈ নিৰ্ণয় হ'ব কোনে গঠন কৰিব চৰকাৰ । ইয়াকে লৈ সকলোৰে মাজত আৰম্ভ হৈছে উৎকন্ঠা । এনে উৎকন্ঠাৰ মাজতেই সকলো দল তথা প্ৰাৰ্থীয়েই দাবী কৰি আছে বিজয় নিশ্চিত বুলি । আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যোৰহাটত আয়োজিত এক সংবাদমেলত এগজিট প'ল সন্দৰ্ভত কৰিলে মন্তব্য় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ মতে, এগজিট প'ল হেনো কেতিয়াও একজেক্ট প'ল হ'ব নোৱাৰে । এগজিট প'লত অধিকাংশই ফলাফল বিজেপিৰ পক্ষত থাকিব বুলি সমীক্ষা প্ৰকাশ কৰাৰ পিচতো কিন্তু ভূপেন বৰাই ক'লে,"এগজিট প'লে সদায় ভুল তথ্য প্ৰকাশ কৰি আহিছে । বিভিন্ন সংবাদ মাধ্যমে দিয়া এগজিট প'লৰ তথ্যসমূহে ৰাইজক কেৱল হাঁহিৰ খোৰাকহে দিছে ।"

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (ETV BHARAT ASSAM)

এগজিট প'ল কেতিয়াও একজেক্ট প'ল হ'ব নোৱাৰে বুলি মন্তব্য় কৰি ভূপেন বৰাই কয়," অসমত এইবাৰ ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছো ।" আজি যোৰহাটৰ কংগ্ৰেছ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ লগত এক বাৰ্তালাপত মিলিত হোৱাৰ পিচতেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কেইঘন্টামান পূৰ্বে এইদৰে মন্তব্য় কৰি তেওঁ লগতে কয়," কংগ্ৰেছ ত্যাগ কৰাসকলে কংগ্ৰেছ দলক কোনো ধৰণৰ ক্ষতি কৰিব পৰা নাই । বৰঞ্চ তেওঁলোকে যি দলত কংগ্ৰেছ ত্যাগ কৰি যোগ দিছে সেই দলহে দুৰ্বল হৈছে । এসময়ত কংগ্ৰেছৰ বৰপীড়াত থকাসকলে দলত্যাগ কৰি বিজেপিত যোগ দি কিন্তু নিৰ্বাচনী সভাত মঞ্চৰ তলত বহিহে ভাষণ শুনা দেখা পোৱা গ'ল । মই আজি যি স্থানলৈকে গৈছো, সকলো স্থানত কংগ্ৰেছ কৰ্মীসকলৰ মুখত হাঁহি দেখা পাইছো ৷ ইয়ে প্ৰমাণ কৰিছে ফলাফল কাৰ পক্ষত আছে । "

তেওঁ কয় যে অসমত বিজেপিয়ে যি কৈ আছে সেয়া এগজিট প'লত আহিছে । কিন্তু এয়া এক ভুৱা প্ৰচাৰহে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লগতে কয়," কাইলৈ এক নতুন দিন চাবৰ বাবে ৰাইজ ৰৈ আছে । গুৰুত্বপূৰ্ণ যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত ।" লগতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে গৰিষ্ঠসংখ্যক চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ কংগ্ৰেছৰ পক্ষে ভোটদান কৰিছে । এক কথাত ক'বলৈ গ'লে মালিকপক্ষক বাদ দি ৰাজ্যৰ ৮০ শতাংশ সাংবাদিকে বিৰোধীক ভোট দিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লগতে কয়," নিৰ্বাচনৰ পূৰ্বে বহুতে কৈছিল যে এইবাৰ কংগ্ৰেছ শূন্য় হ'ব । যদি ৰাজ্যৰ পৰা কংগ্ৰেছ শূন্য কৰিবলৈ হয় তেন্তে প্ৰথমে ৰাজ্যৰ ২৫ লাখ নিবনুৱা সমস্যা শূন্য কৰক ।"

ইপিনে, চীনে অৰুণাচলৰ মাটি দখল কৰাৰ কথা ৰাজ্যখনৰ সাংসদে লোকসভাত উথাপন কৰা পিচতো প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি পৰ্যন্ত স্পষ্টীকৰণ দাঙি নধৰিলে বুলি মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । আজিৰ এই অনুষ্ঠানত যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা, ৱাৰ্ড সদস্য দেৱজ্যোতি শ্ৰুতিকৰ, পল্লৱী গগৈ বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক:বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024 Exit Poll

2 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল: চক্ৰধৰ গগৈ - LOK SABHA ELECTION 2024

অপেক্ষা কাইলৈৰ বাবে; প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ৰ নতুন অভিলেখ গঢ়িব পাৰিবনে ? - Lok Sabha Election Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.