ETV Bharat / politics

অচিৰেই বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিব আঠ-ন জন নেতাই ! কি কয় কংগ্ৰেছৰ ভূপেন বৰাই ? - Bhupen Borah in Bajali - BHUPEN BORAH IN BAJALI

APCC President Bhupen Borah: কংগ্ৰেছ দললৈ যাবলৈ মন মেলিছে ৰাজ্যৰ আঠ-ন গৰাকী জ্যেষ্ঠ বিজেপি নেতাই ৷ শনিবাৰে বজালীত উপস্থিত হৈ এই বক্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে বানাক্ৰান্তৰ অৱস্থাৰ বুজ লয় সভাপতিগৰাকীয়ে ৷ পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে নিৰ্বাচন খেলিব কংগ্ৰেছে ৷

APCC President Bhupen Borah Claims at least 9 BJP leader of assam will join congress
বজালীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:36 AM IST

গুৱাহাটী, 23 জুন : "অতি শীঘ্ৰেই বিজেপিৰ আঠ-নগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগদান কৰিব ৷"- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । লগতে অনাগত পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁটৰ সৈতে বিশেষ ৰণনীতি প্ৰস্তুত কৰি কংগ্ৰেছে নিৰ্বাচন যুঁজত নামিব বুলি উল্লেখ কৰে বৰাই ।

বজালীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

শনিবাৰে বজালীত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ ইয়াৰ পাচত সভাপতিগৰাকীয়ে উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সাজু বুলি উল্লেখ কৰে । বানপানীৰ বাবে উপ-নিৰ্বাচন দেৰি হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

তেওঁ কয়, "নিৰ্বাচন কাৰো পৈতৃক সম্পত্তি নহয় l নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিবই লাগিব ৷ আগন্তুক 6 মাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বই লাগিব, অন্যথা আমি নিৰ্বাচন আয়োগৰ কাষ চাপিম l” আনহাতে, বিহালী বিধানসভা সমষ্টিটোত কংগ্ৰেছ দলে তথা সভাপতিগৰাকীয়ে নিজেই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: আগষ্টৰ ভিতৰত মন্ত্ৰীসভাৰ ৰূপ সলাই নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন পাতিব অসম চৰকাৰে - Panchayat election 2024

দলত্যাগী নেতা সন্দৰ্ভতো বৰাই মন্তব্য আগবঢ়াই কয়, “কংগ্ৰেছ ত্যাগ কৰি যোৱা বহু নেতাৰ এতিয়া কাবাডী খেলত চুই দি আউট হোৱা খেলুৱৈৰ দৰে অৱস্থা হৈছে ৷” সমান্তৰালভাৱে ভূপেন বৰাই আগন্তুক সময়ত বহু বিজেপি নেতাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি উল্লেখ কৰি কয় যে অতি শীঘ্ৰেই বিজেপিৰ আঠ-নগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগদান কৰাৰ যো-জা চলাইছে ৷ পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁটৰ সৈতে বিশেষ ৰণনীতি প্ৰস্তুত কৰি কংগ্ৰেছে নিৰ্বাচন খেলিব ৷ ৰকিবুল হুছেইনৰ স্থানত উপ-দলপতি নতুন হ'ব বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে : ভূপেন বৰা - Bhupen Borah on By election

উল্লেখ্য যে, শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বজালীত উপস্থিত হৈ পিপলা আৰু হেলনাত বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় এপিচিচিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰণৱ নাৰায়ণ দেৱৰ ঘৰত ভূপেন বৰা; মঙলদৈত নতুন মুখৰ সন্ধান কৰিছে নেকি কংগ্ৰেছে ? - Bhupen Borah in Mangaldoi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.