ETV Bharat / politics

আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 6:29 PM IST

Updated : Jan 22, 2024, 10:06 AM IST

Attack on Nyay Yatra: জামুগুৰিহাটত আক্ৰমণৰ সন্মুখীন হ’ল ভূপেন বৰা ৷ মুখমণ্ডলত আঘাত ভূপেন বৰাৰ ৷ বিজেপি কৰ্মীৰ বিৰুদ্ধে অভিযোগ ৷ ৰাহুল গান্ধীও নামি গ’ল বাছৰ পৰা ৷

bhupen Borah attack
ভাৰত জোড়ো ন্যায় যাত্ৰা

ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, 21 জানুৱাৰী: অসমত প্ৰৱেশ কৰিয়েই বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ লখিমপুৰত ন্যায় যাত্ৰাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাৰ পিচত এইবাৰ শাৰীৰিক আক্ৰমণৰ সন্মুখী হৈছে ন্যায় যাত্ৰাত অংশগ্ৰহণকাৰী কংগ্ৰেছ নেতা ৷

দেওবাৰে শোণিতপুৰৰ জামুগুৰিহাটত উপস্থিত হোৱা ভাৰত জোড়ো যাত্ৰা কনভয়ত আক্ৰমণ কৰে একাংশ বিজেপি কৰ্মীয়ে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী কৰি থকা সময়তে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমান্তৰালকৈ বিজেপিয়ে এক ৰেলী কৰি কংগ্ৰেছ কৰ্মীৰ লগত সংঘাতত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত ন্যায় যাত্ৰা বাছৰ পৰা ৰাহুল গান্ধী নামি গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আক্ৰমণত ভূপেন বৰাই মুখমণ্ডলত আঘাত পোৱাৰ লগতে ৰক্তপাত হোৱাও পৰিলক্ষিত হয় ৷ স্থানীয় এগৰাকী যুৱকৰ হস্তক্ষেপত কথমপি প্ৰাণৰক্ষা পৰে ভূপেন বৰাৰ ৷

সমগ্ৰ ঘটনাৰ দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰা কাঢ়ি লোৱাৰো অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷ আনহাতে উক্ত অপ্ৰীতিকৰ পৰিস্থিতৰ বাবেই সভা অনুষ্ঠিত কৰাত পলম হয় ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ ৷ উক্ত সভালৈ লৈ যোৱা হয় ভূপেন বৰাক অধিক আক্ৰমণৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰা যুৱকজনক ৷

উল্লেখ্য যে ভাৰত জোড়ো ন্য়ায় যাত্ৰাই অসমত বহুখিনি সমস্যাৰ সন্মুখীন হোৱাৰো পৰিলক্ষিত ৷ এদিন পূৰ্বে লখিমপুৰত দুষ্কৃতিকাৰীয়ে ন্যায় যাত্ৰাৰ হৰ্ডিং ফালি পেলোৱা পৰিলক্ষিত হৈছিল ৷ উক্ত ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অনুমতি অবিহনে বেনাৰ লগোৱা বাবেই ফালি পেলাবলৈ বাধ্য হৈছিল ৷

অৱশ্যে দেওবাৰে জামুগুৰিহাটতত কংগ্ৰেছ নেতাৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক: লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ ফালি পেলোৱাৰ কাৰণ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ

Last Updated : Jan 22, 2024, 10:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.