ETV Bharat / politics

নিৰ্বাচনী প্ৰচাৰত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ভূপেন বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:39 AM IST

BHUPEN BORA ELECTION CAMPAIGN : বৰপেটা আৰু ধুবুৰী সমষ্টিৰ দুই প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ৷ ফণীভূষণ চৌধুৰীৰ আদৰ্শ সুবিধাবাদ ৷ তেওঁ আঞ্চলিকতাবাদীও নহয়, ৰাষ্ট্ৰীয়তাবাদীও নহয় ৷ তেওঁ হৈছে মন্ত্ৰীত্ববাদী, এমপিত্ববাদী ৷ এই মন্তব্য ভূপেন বৰাৰ ৷

apcc leader bhupen bora starts election campaign for barpeta and dhubri lok sabha candidate
নিৰ্বাচনী প্ৰচাৰ (etv bharat assam)

ভূপেন বৰাৰ ভাষ্য (etv bharat assam)

বৰপেটা, ৩ মে’ : বৰপেটা আৰু ধুবুৰী সমষ্টিৰ দুই কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু দীপ বায়নৰ হকে বৰপেটা আৰু ধুবুৰীত মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সমীপৰ যতি গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

ভূপেন বৰাৰ দাবী - ফণীভূষণ চৌধুৰীৰ আদৰ্শ সুবিধাবাদ ৷ তেওঁ আঞ্চলিকতাবাদীও নহয়, ৰাষ্ট্ৰীয়তাবাদীও নহয় ৷ তেওঁ হৈছে মন্ত্ৰীত্ববাদী, এমপিত্ববাদী ৷ কেনেকৈ এম পি, মন্ত্ৰী, এমএলএ হ’ব পাৰে সেয়াই চিন্তা তেওঁৰ ৷ ফণীভূষণ চৌধুৰীক কেৱল সুবিধাবাদী আখ্যা দিয়ে তেওঁ ৷

ফণীভূষণ চৌধুৰীৰ দৰে আপোচকামী লোকক ৭ মে’ত ৰাইজৰ কাঠগঢ়াত উঠাই বেলট বাকচৰ জৰিয়তে বিচাৰৰ আবেদন কৰে ভূপেন বৰাই ভোটাৰক ৷ ভূপেন বৰাই গৰুখুঁটি প্ৰকল্পত চলা উচ্ছেদৰ সময়ত চোলা ফলা প্ৰসংগৰো অৱতাৰণা কৰে ৷ ভূপেন বৰাৰ দাবী - মিঞাৰ বাবে নহয়, মানৱতাবাদ ৰক্ষাৰ বাবেহে বুকুৰ চোলা ফালিছিল ৷ মানৱতাবাদক কোনো কাৰণতে আমি হত্যা কৰিবলৈ দিব নোৱাৰো ৷ দেশদ্ৰোহী জাতিদ্ৰোহী সিদ্ধান্ত লোৱাৰ পিচতো যদি অগপ-বিজেপি জিকিবলৈ হয় তেন্তে, এজিপি-বিজেপিক ক্ষমতাই মূৰত ধৰিব ৷

ভূপেন বৰাই বৰপেটাৰ প্ৰাৰ্থী দীপ বায়নৰ হকে হাতযোৰ কৰি ৰাইজৰ সন্মুখত ভোটভিক্ষা মাগে ৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান খহনীয়া আদি সমস্যাৰ সমাধানৰ বাবে হাতৰ চিনত ভোট দিবলৈ আহ্বান জনায় ৷ ইপিনে সাংবাদিকৰ আগত ভূপেন বৰাৰ মন্তব্য - ‘‘অসম চুক্তিৰ আত্মা হত্যাকাৰী অগপ-বিজেপি সন্মিলিত ষড়যন্ত্ৰক বৰপেটাক ৰাইজে ওফৰাব লাগিব ৷ ফণীভূষণে আঞ্চলিকতাবাদ নহয়, সুবিধাবাদৰ ৰাজনীতি কৰি আছে ৷ গুৰুজনাৰ সম্প্ৰীতিৰ পথ বিজেপিয়ে ৰুদ্ধ কৰিব বিচাৰিছে ৷ এতিয়া আমি শংকৰদেৱক মানিম নে বিজেপি আৰএছএচ এজিপিক মানিম বৰপেটাৰ ৰাইজে সেই সমিধান দিব লাগিব ৷’’

ধুবুৰী, কৰিমগঞ্জ, নগাঁৱৰ ৰাইজে হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি ত্যাগ কৰিছে ৷ এতিয়া সম্প্ৰীতিৰ মহামিলনৰ তীৰ্থ বৰপেটাই ফণীভূষণ চৌধুৰীক পৰাজিত কৰি কংগ্ৰেছক বিজয়ী কৰি সেই বাৰ্তা দিব বুলি আশাবাদী ভূপেন বৰা ৷ হিমন্ত আৰু আজমলৰ মাজত থকা চাচা-ভতিজাৰ সম্পৰ্কক লৈয়ো মন্তব্য কৰে তেওঁ ৷

ইপিনে শ্বেৰমান আলী আহমেদক বিধায়ক বুলিয়েই নামানে ভূপেন বৰাই ৷ ভূপেন বৰাই শ্বেৰমানক সজাত বন্দী ভাটৌ চৰাই বুলি অভিহিত কৰে ৷ মুখ্যমন্ত্ৰীৰ স্ক্ৰীপ্ট চাই কথা কোৱা মানুহ শ্বেৰমান ৷ গধূলি পোৱা স্ক্ৰীপ্ট চাই পুৱা সেইটো কয় শ্বেৰমান আলী আহমেদে বুলি কটাক্ষ কৰে তেওঁক ৷

লগতে পঢ়ক : শুকুৰ আলী মুখ্যমন্ত্ৰীৰ মাকৰ সন্তান : আজমল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.