ETV Bharat / politics

ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 4:35 PM IST

APCC felicitation program: বিগত সময়ত কেৱল পৰাজয়ৰ মুখ দেখি নিস্তেজ হৈ পৰা ৰাজীৱ ভৱন হৈ পৰিল প্ৰাণচঞ্চল । বিপুল হৰ্ষ-উল্লাসৰ মাজত গুৱাহাটীৰ ৰাজীৱ ভৱনত নৱ-নিৰ্বাচিত তিনিগৰাকী সাংসদক উষ্ম আদৰণি । ভূপেন বৰাৰ দৃঢ় বিশ্বাস যে অসমৰ ৰাইজৰ আশীৰ্বাদত 2026 ত শাসনত বহিব কংগ্ৰেছ । ৰাজীৱ ভৱনৰ পৰা দিছপুৰ এতিয়া বেছি দূৰ নহয় ।

APCC VICTORY CELEBRATION
APCC felicitation program (Bhupen Bora X handle)

গুৱাহাটী, ৭ জুন: সুদীৰ্ঘ সময়ৰ পাচত প্ৰাণচঞ্চল হৈ পৰিল গুৱাহাটীৰ ৰাজীৱ ভৱন । বিগত সময়ত কেৱল পৰাজয়ৰ মুখ দেখি নিস্তেজ হৈ পৰা ৰাজীৱ ভৱন আজি মুখৰিত হৈ পৰে । আশা কৰা ধৰণে ফল নাপালেও তিনিখনকৈ গুৰুত্বপূৰ্ণ আসন লাভ কৰাৰ পাচত যেন শক্তি পাইছে কংগ্ৰেছৰ সদৰ ৰাজীৱ ভৱনে । তাৰেই আভাস আজি ৰাজীৱ ভৱনত দেখিবলৈ পোৱা গ'ল ।

ৰাজীৱ ভৱনত বিজয় উৎসৱ (ETV Bharat Assam)

উখল-মাখল ৰাজীৱ ভৱন: আজি ৰাজীৱ ভৱনত বিজয় উৎসৱ পালন কৰা হয় । যুদ্ধ জয় কৰি অহা সেনাপতিৰ দৰে আজি কংগ্ৰেছৰ নৱনিৰ্বাচিত তিনিগৰাকী সাংসদকে আদৰণি জনোৱা হয় । বিপুল হৰ্ষ-উল্লাসৰ মাজত গুৱাহাটীৰ ৰাজীৱ ভৱনত নৱনিৰ্বাচিত তিনিগৰাকী সাংসদক উষ্ম আদৰণি জনোৱা হয় ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

লোকসভা নিৰ্বাচনত সফলতা: সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ 14 টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰে । তাকে লৈ অতিকৈ উৎফুল্লিত কংগ্ৰেছ দল । ধুবুৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইনে দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক 1012476 টা ভোটৰ ব্যৱধানত জয়ী হয় । সেইদৰে নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈ আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈ বিপুল ভোটত জয়ী হয় । আজি তিনিওগৰাকী নৱ-নিৰ্বাচিত সাংসদক গুৱাহাটীৰ ৰাজীৱ ভৱনত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় ।

APCC felicitation program
ৰকিবুল হুছেইন (ETV Bharat Assam)

তিনি বিজয়ী প্ৰাৰ্থীক সম্বৰ্ধনা: ৰাজীৱ ভৱনৰ প্ৰৱেশ পথৰ পৰা ৰেড কাৰ্পেটেৰে তিনিওগৰাকী নৱনিৰ্বাচিত সাংসদক আদৰণি জনোৱা হয় । প্ৰৱেশ পথতে প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন সংগঠন আৰু ব্যক্তি বিশেষে তিনিওকে সম্বৰ্ধনা জ্ঞাপন কৰে । মূল সভাকক্ষত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জাপি, শৰাই, গামোচা, ফুলৰ থোপা আদিৰে নৱ-নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক সম্ভাষণ জনোৱা হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৌৰোহিত্যত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি ভালেসংখ্যক বিধায়ক উপস্থিত থাকে ।

APCC felicitation program
প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান ভোটাৰক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - Lok Sabha Election Results 2024

2026 ত দিছপুৰ দখলৰ আশা ভূপেন বৰাৰ: আদৰণি ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসমৰ সকলো জাতি-জনগোষ্ঠী, ধৰ্ম-সম্প্ৰদায়কে ধৰি সকলো স্তৰৰ লোকক ধন্যবাদ জ্ঞাপন কৰে । যাৰ বাবে এই মুহূৰ্ত আহিছে । তেওঁ নৱ-নিৰ্বাচিত তিনিগৰাকী সাংসদকো অভিনন্দন জ্ঞাপন কৰে । অসমৰ ৰাইজে 14 খন আসনৰ ভিতৰত কংগ্ৰেছৰ তিনিজনক আশীৰ্বাদ দিছে বুলি সদৰী কৰি তেওঁ কয় যে সংখ্যাৰ ফালৰ পৰা তিনিজন জয়ী হৈছে যদিও ভোটৰ ফালৰ পৰা কংগ্ৰেছ দলে শাসকীয় বিজেপি দলতকৈ 0.05 শতাংশ ভোট বেছি পাইছে । অসমৰ ৰাইজে বিজেপিক 37.43 শতাংশ ভোট দিয়াৰ বিপৰীতে কংগ্ৰেছ দলক 37.48 শতাংশ দিছে । ইয়াৰ দ্বাৰা অসমৰ ৰাইজে এটা ইতিবাচক বাৰ্তা দিছে বুলি সদৰী কৰি তেওঁ কয় যে আমি ঐক্যবদ্ধভাৱে একক কণ্ঠত অসমৰ প্ৰগতিৰ কথা ক'ব পাৰিলে অসমৰ ৰাইজৰ আশীৰ্বাদত 2026 ত শাসনত বহিব পাৰিম ।

APCC felicitation program
গৌৰৱ গগৈ (ETV Bharat Assam)

কম্পিত মুখ্যমন্ত্ৰী: ৰাজীৱ ভৱনৰ পৰা দিছপুৰলৈ বেছি দূৰ নহয় বুলি প্ৰকাশ কৰি ভূপেন বৰাই কয় যে একতাই হৈছে শক্তি । একতাৰ এই শক্তিক ছিণ্ডিকেটৰ ধনে বাধা দিব নোৱাৰে । ধুবুৰীত অভিলেখ ভোটত জয়ী হোৱা ৰকিবুল হুছেইনৰ উত্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় এই নিৰ্বাচনত সমগ্ৰ দেশৰ মানুহে এটা বাৰ্তা দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভোটৰ ব্যৱধান ডেৰ লাখলৈ নামি আহিল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

সলনি নহয় চৰিত্ৰ: তেওঁ লগতে কয় যে অসমৰ মুছলমানক শত্ৰু সজাব বিচৰা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত মুছলমানসকলৰ সুখ-দুখৰ কথা কয় । এতিয়া ভোট নাপোৱা বাবে আক্ৰমণ কৰিছে । এয়া বিজেপিৰ চৰিত্ৰ । কংগ্ৰেছৰ চৰিত্ৰ সলনি নহয় বুলি সদৰী কৰি তেওঁ কয়, ‘‘আমি হাৰি হাৰি জিকোছো আৰু বিজেপি জিকি জিকি হাৰিছে ।’’ বিজেপিৰ শাসনকালত সংখ্যালঘু লোকসকল সুৰক্ষিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে যাৰ বাবে ৰকিবুল হুছেইনে দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰি জয়ী হৈছে ।

ৰাইজে সকীয়নি দিলে বিজেপিক: সম্বৰ্ধনা অনুষ্ঠানত নৱ-নিৰ্বাচিত তিনিগৰাকী সাংসদে নিজৰ মনৰ ভাব ব্যক্ত কৰে । আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘‘এই নিৰ্বাচনত আমি কিছু সফল হ'লো আৰু কিছু নহ'লো । কিন্তু এই নিৰ্বাচনে শাসকীয় দলক সকীয়নি দি এক বাৰ্তা প্ৰেৰণ কৰিলে ।’’ অসমৰ ৰাইজৰ আশীৰ্বাদত আমি তিনিজন সাংসদ পালো বুলি প্ৰকাশ কৰি তেওঁ কয় যে উজনি, নামনি আৰু মধ্য অসমত কংগ্ৰেছে তিনিজন সাংসদ পালে । ইয়াৰ দ্বাৰা অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে এক বাৰ্তা দিলে ৷ তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবিধান উলংঘা কৰাৰ প্ৰয়াসক এই নিৰ্বাচনী ফলাফলে বাধা দিলে ।

লগতে পঢ়ক: অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.