ETV Bharat / politics

শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন - MP Amritpal Singh

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 2:23 PM IST

MP Amritpal Singh : কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলি পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ল অমৃতপাল সিং । শপত গ্ৰহণৰ বাবে মুক্তি বিচাৰি গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিলে সিঙে । আৰক্ষীৰ জিম্মাত লোকসভালৈ লৈ যোৱাৰ বাবেও তেওঁ আবেদন জনালে ।

MP Amritpal Singh
শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ জুন : শেহতীয়াকৈ লোকসভা নিৰ্বাচনত পঞ্জাবৰ খাদুৰ চাহিবৰ পৰা জয়ী হৈছে খালিস্তানপন্থী নেতা অমৃতপাল সিঙে । কাৰাগাৰত বন্দী হৈ থাকিও সমষ্টিটোৰ পৰা জয়ী হৈছে অমৃতপাল সিং । ইয়াৰ পিচতে খাদুৰ চাহিবৰ পৰা নৱ নিৰ্বাচিত সাংসদ অমৃতপাল সিঙে পঞ্জাব চৰকাৰলৈ এখন বিশেষ পত্ৰ লিখিছে ।

অমৃতপাল সিঙে অমৃতসৰৰ উপায়ুক্তৰ জৰিয়তে গৃহ সচিবলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে । অমৃতপাল সিঙে তেওঁৰ পত্ৰত লিখিছে যে তেওঁক শপত ল'বলৈ মুক্তি দিব লাগে বা আৰক্ষীৰ জিম্মাত লোকসভালৈ তেওঁ আনিব লাগে ।

উল্লেখ্য যে পঞ্জাবৰ অন্যতম গুৰুত্বপূৰ্ণ আসন হৈছে খাদুৰ চাহিব । য'ৰ পৰা সাম্প্ৰদায়িক মুখ হিচাপে আত্মপ্ৰকাশ কৰা নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিঙে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে । তেওঁ প্ৰায় ডেৰ লাখ ভোটত জয়ী হৈছে । খাদুৰ চাহিব লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কুলবীৰ সিং জিৰাই ১,৮৮,৫৬৮ আৰু আম আদমি পাৰ্টীৰ প্ৰাৰ্থী ললজিৎ ভুল্লাৰে ১,৭৭,৫০২ ভোট লাভ কৰিছিল ।

খাদুৰ চাহিবৰ পৰা জয়ী হোৱাৰ পাচতে অমৃতপাল সিঙৰ সমৰ্থকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে । বিজয়ৰ পিচতে সমৰ্থকসকলে কৈছিল যে এয়া এগৰাকী অমৃতপাল সিঙৰ বিজয় নহয় এয়া খালছাৰ বিজয়, শিখ ৰাষ্ট্ৰৰ বিজয় । তেওঁলোকে কৈছিল যে অমৃতপাল সিঙে ৱাহিৰৰ জৰিয়তে যুৱকসকলক শিখ ধৰ্মৰ সৈতে সংযুক্ত কৰি তেওঁলোকক ড্ৰাগছৰ পৰা মুক্ত হ'বলৈ উৎসাহিত কৰিছিল ।

তেওঁলোকৰ মতে এয়া সত্যৰ জয় । শিখ সম্প্ৰদায়ৰ বাবে এক নতুন দিগন্তৰ সূচনা হৈছে বুলিও সমৰ্থকসকলে দাবী কৰিছিল । সমৰ্থকসকলৰ মতে কেৱল শিখসকলেই নহয় হিন্দু আৰু মুছলমানসকলেও অমৃতপাল সিঙক ভোট দিছে ।

লগতে পঢ়ক :মোদীৰ কেবিনেটত পুনৰ স্থান লাভ এই কেইগৰাকী মন্ত্ৰীৰ - Narendra Modi cabinet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.