নলবাৰী, ১৮ মাৰ্চ: নলবাৰীত আজি নিৰ্বাচনী ৰণশিঙা বজালে বিজেপি-অগপ মিত্ৰজোঁটে । নলবাৰীৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত হয় নিৰ্বাচনী সভা । এই সভাত অগপ-বিজেপিৰ নেতা-কৰ্মীৰ লগত মত-বিনিময় কৰা হয় । সভাখনত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয়," নিৰ্বাচনত দলৰ হকে প্ৰচাৰ চলাবলৈ সাঁজু হৈ আছিলো ৷ কিন্ত এতিয়া নিজৰ বাবে ভোট খুজিব আহিবলগীয়া হ'ল ।"
- " class="align-text-top noRightClick twitterSection" data="">
অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশব মহন্ত আৰু মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰাৰ্থিত্ব গ্ৰহণ কৰা বুলিও মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে । একেদৰে উন্নয়নৰ প্ৰতিশ্ৰুতি নিদিও বুলি মন্তব্য কৰি সাংসদ আৰু সাধাৰণ মানুহৰ মাজত দুৰত্ব নাইকীয়া কৰিব বুলি মন্তব্য কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । তেওঁ চি পি আই এমৰ বিৰুদ্ধে সৰৱ হৈ কয়,"চিপিআইএম এতিয়া সৰ্বহাৰাৰ দল হৈ থকা নাই । "
ইপিনে, এই সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ফণীভূষণ চৌধুৰীক ভোট দিয়া মানে মোদীক ভোট দিয়া । আনহাতে, মুছলমান লোকক কংগ্ৰেছ এৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই চন্দ্ৰমোহন পাটোৱাৰীয়ে । যোৱাবাৰ আব্দুল খালেকক ভোট দিয়া ধৰ্মপুৰৰ মুছলমানে খালেকৰ ছাঁটোকে দেখা নাপালে বুলি কটাক্ষ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । বিজেপিক ভোট নিদিয়া অঞ্চলটোৰ বাট-পথ বানপানীয়ে উটুৱাই নিছিল বুলিও মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে।
লগতে পঢ়ক:ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী : ৰণজিৎ কুমাৰ দাস