ETV Bharat / politics

তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ উত্তৰবহীত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কিয় ? প্ৰশ্ন অজাপৰ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:53 PM IST

Direct recruitment examination Assam : পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰা আৰু অনিয়মৰ অভিযোগ ৷ অজাপৰ মুখপাত্ৰ অভিতাভ বৰঠাকুৰ আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কৰে এই অভিযোগ ৷

ADRE 2024
অসম জাতীয় পৰিষদৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰি আৰু পৰীক্ষাৰ নীতি-নিয়ম উলংঘা কৰি ৰাজ্য চৰকাৰে তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা বুলি অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদৰ নেতৃত্ব চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ পৰিছে । পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰা আৰু অনিয়মেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা বুলি অজাপৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে অভিযোগ কৰিছে ।

গুৱাহাটীত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি অভিতাভ বৰঠাকুৰে কয়- ‘‘তালাচীৰ নামত শিক্ষার্থীক মানসিক তথা শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ উঠিছে । নলবাৰীৰ এগৰাকী এ ডি আৰ ই পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ নামত মহিলা আৰক্ষীয়ে অশালীন আচৰণ আৰু গোপনীয়তা ভংগ কৰা ঘটনা পোহৰলৈ আহিছে । সামাজিক মাধ্যমত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছে । এনে অসমৰ বহুত পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে । এই সকলো ঘটনাৰ তদন্ত হ'ব লাগে ।’’

তেওঁ কয়, ‘‘এই পৰীক্ষাৰ অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো সংলগ্ন কৰিব দিছে । এই ব্যৱস্থাৰে পৰীক্ষা পাতিব নোৱাৰে । ইয়াৰ জৰিয়তে অনিয়ম সংঘটিত হ'ব । কোনো স্বচ্ছতা নাথাকিব ।’’

ইপিনে সংবাদমেলত জিয়াউৰ ৰহমানে কয়, ‘‘ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । পৰীক্ষাৰ্থীসকলেও এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হৈছিল । কিন্তু কালি যি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে তাৰ পৰা প্ৰতীয়মান হৈছে যে পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰা হোৱা নাই ।’’ তেওঁ কয়, ‘‘ভাৰত চৰকাৰৰ National testing agency য়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ‌ নীতি নিয়ম নিৰ্দ্ধাৰণ কৰি দিয়ে । এই নিয়ম মতে পৰীক্ষাৰ উত্তৰ বহীত মাত্ৰ পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ উল্লেখ থাকিব লাগে । কিন্তু এই পৰীক্ষাৰ উত্তৰ বহীত প্ৰাৰ্থীৰ নাম আৰু ফটো সংলগ্ন কৰিব দিছে । গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰীক্ষা পদ্ধতি নীতিগতভাৱে অনুসৰণ কৰা নাই । এই ক্ষেত্ৰত আমাৰ পৰীক্ষাৰ স্বচ্ছতাৰ ক্ষেত্ৰত সন্দেহ সৃষ্টি হৈছে ।’’

উল্লেখযোগ্য, এই পৰীক্ষাত অৱতীৰ্ণ হোৱা তৃতীয় বৰ্গৰ এই নিযুক্তি পৰীক্ষা ৰাজ্যখনৰ ২৮ খন জিলাৰ ২,৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল । তৃতীয় বৰ্গৰ প্ৰথমটো পৰীক্ষাত মুঠ ১১,২৩, ২০৪ গৰাকী প্ৰার্থী অৱতীৰ্ণ হয় ।

লগতে পঢ়ক : তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে

ফেচবুকৰ প্ৰফাইলে প্ৰফাইলে এখন প্ৰশ্নকাকত, ADREৰ প্ৰশ্নকাকত বুলি অভিযোগ

ADRE ৰ পৰীক্ষাত মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত প্ৰস্তুত হ’ব SOP; মুখ্যমন্ত্ৰীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.