ETV Bharat / politics

জাহাজৰ প্রতীকত বৰপেটা সমষ্টিত নিৰ্বাচন খেলিব দুলু আহমেদে - Dulu Ahmed in Lok Sabha Election

Barpeta Lok Sabha Constituency: বৰপেটা লোকসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ’বই দুলু আহমেদ ৷ বুধবাৰে এই ঘোষণা কৰে অজাপৰ উপ-সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিচতে এই ঘোষণা দুলু আহমেদৰ ৷

Dulu Ahmed in Lok Sabha Election
বৰপেটা সমষ্টিত নিৰ্বাচন খেলিব দুলু আহমেদে
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 5:40 PM IST

গুৱাহাটী, 13 মাৰ্চ: এইবাৰ নাচোৰবান্দা দুলু আহমেদ ৷ যিয়েই নহওক, বৰপেটাৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বই ৷ তাকো জাহাজৰ প্ৰতীকত ৷ ইতিমধ্যে বেনাৰ-পোষ্টাৰ বনাবলৈ দিলেই দুলু আহমেদে ৷

বুধবাৰে মহানগৰীৰ হোটেল প্লাজা ইনত এক সংবাদমেল সম্বোধন কৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে । নিজৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত মন্তব্য কৰি আহমেদে কয়, ‘‘মই বৰপেটা সমষ্টিৰ পৰাই নিৰ্বাচন খেলিম আৰু মোৰ প্ৰতীক হ'ব জাহাজ । দলৰ পৰা খেলিম নে নিৰ্দলীয়ভাৱে খেলিম সেয়া সময়ত ৰাইজে গম পাব । কিন্তু নিৰ্বাচনৰ বাবে মই পোষ্টাৰ বনাবলৈ দিলোঁ । মোক দলে বঞ্চিত কৰা নাই । কংগ্ৰেছে কৰিছেহে বঞ্চিত কৰিছে ৷’’

দুলু আহমেদে কয়, ‘‘মই জয়ী বা পৰাজয় হ’ম বুলি নকওঁ, কিন্তু বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মোতকৈ কম ভোট পাব ।’’ লগতে বিৰোধী ঐক্যমঞ্চৰ সন্দৰ্ভত মন্তব্য কৰি দুলু আহমেদে কয়,‘‘বিৰোধী ঐক্যমঞ্চ গঠনৰ নেতৃত্ব লৈছিল কংগ্ৰেছে । ভূপেন বৰাই বিৰোধী ঐক্যমঞ্চ সফল কৰাৰ চেষ্টা কৰিছিল, কিন্তু সেয়া দিল্লী নেতৃত্বৰ বাবে বিফল হ'ল ৷ এয়া কেৱল এখন নাটক হ'ল । বিৰোধী ঐক্যমঞ্চক লৈ এখন ডকোমেন্টৰী হ’ব লাগে । সকলোৱে এৰা-ধৰা মাজত কাম হ’ব বুলি কৈছিল ৷ কিন্তু কংগ্ৰেছে অকলে সকলো কৰিলে ।’’

উল্লেখ্য যে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৷ সেই অনুসৰি বৰেপেটা লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰে দীপ বায়নক ৷ ইফালে বিৰোধী ঐক্যমঞ্চৰ অন্যতম সহযোগী দল অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে পূৰ্বৰে পৰা গৃহসমষ্টি বৰপেটাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাই আছিল ৷

সমষ্টিটোত কংগ্ৰেছে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিচতে দুলু আহমেদে সংবাদমেলযোগে ঘোষণা কৰে যে অজাপৰ পৰাই হওক বা নিৰ্দলীয়ভাৱেই হওক, তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবই ৷

লগতে পঢ়ক: প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.