ETV Bharat / politics

জামুগুৰিহাটত ভূপেন বৰাক আক্ৰমণ; একেমুখে AJP ৰ গৰিহনা - Nyay Yatra

Attack on Nyay Yatra: জামুগুৰিহাটত আক্ৰমণৰ সন্মুখীন হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বিজেপি কৰ্মীয়ে ভূপেন বৰাৰ মুখমণ্ডলত আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাক গৰিহণা দিয়ে অসম জাতীয় পৰিষদে ৷

Attack on Nyay Yatra
ভূপেন বৰাক আক্ৰমণৰ ঘটনাক একেমুখে গৰিহনা AJP ৰ
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 8:28 PM IST

গুৱাহাটী, ২১ জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘‘ভাৰত জোড়ো ন্যোয় যাত্ৰা’’ত বিধিপথালি দিবলৈ চেষ্টা কৰা বিজেপি সমৰ্থকে আজি (দেওবাৰ) অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাক এক মুখে গৰিহণা দিয়ে অসম জাতীয় পৰিষদে ৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে দেশজোৰা এটা যাত্ৰাৰ অংশ স্বৰূপে অসমলৈ অহা ৰাহুল গান্ধীৰ উক্ত যাত্ৰা সুচল কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৷ কিন্তু তাকে নকৰি চৰকাৰ-প্ৰশাসনে যাত্ৰাত বিধিপথালি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই থকাটো ৰাইজে দেখিছে ৷

তাৰ মাজতে আজি বিজেপিৰ কৰ্মী-সমৰ্থকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাহুল গান্ধীৰ যাত্ৰা পথত বিধিপথালি দিবলৈ অহাটো দুৰ্ভাগ্যজনক ৷ আনহাতে, তাৰে একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰাৰ ফলত নেতাগৰাকীৰ নাকেৰে ৰক্তক্ষৰণ হয় ৷ এয়া অক্ষমনীয় অপৰাধ ৷ জাতীয় পৰিষদে উক্ত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিকেইজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈয়ো দাবী উত্থাপন কৰে ৷

কেৱল জামুগুৰিহাটতে ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দিয়া নাই, নগাঁৱৰ চামগুৰি সমষ্টিৰ আমবাগান আৰু লাওখোৱা বজাৰতো ৰাহুল গান্ধীক অপমান কৰে বিজেপিৰ সমৰ্থকে ৷ আনকি ৰাহুল গান্ধীৰ সন্মুখতে একাংশ লোকে হাতে হাতে অন্যায় যাত্ৰা লিখা প্লে কাৰ্ড লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । তাৰ পাচতে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷

ইফালে নগাঁৱৰ ৰূপহাটতো ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দি একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ আনকি একাংশ লোকে ৰাহুল গান্ধীৰ কনভয়লৈয়ো শিলগুটি নিক্ষেপ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.