ETV Bharat / politics

উপ-নিৰ্বাচনলৈ টঙালি বান্ধিব লাগে; ফণীভূষণ চৌধুৰী জিকিব বুলি নিশ্চিত অতুল বৰা - Lok Sabha Election 2024

AGP Executive meeting: আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অগপৰ বৰ্ধিত কাৰ্যনিবাহক সভা ৷ ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত বুলি দাবী অতুল বৰাৰ ৷ এতিয়া উপ-নিৰ্বাচনৰ বাবে সাজু হ’বলৈ দলীয় কৰ্মীক আহ্বান ৷

LS polls 2024
Lok Sabha Election 2024 (Atul Bora X handle)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:57 PM IST

অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক (ETV Bharat Assam)

গুৱাহাটী, ২০ মে': বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিশ্চিত বিজয় দাবী কৰিছে অগপৰ সভাপতি অতুল বৰাই । সোমবাৰে গুৱাহাটীত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিক সম্বোধন কৰি অতুল বৰাই এই দাবী কৰে ।

তেওঁ ধুবুৰী লোকসভা সমষ্টিৰ ক্ষেত্ৰত তেনে কোনো দাবী কৰা দেখা নাযায় । অৱশ্যে তেওঁ দুয়োখন আসনতে অগপৰ প্ৰাৰ্থী বিজয় হ’ব বুলি দোহাৰে যদিও বৰপেটা লোকসভা সমষ্টি দখল কৰাৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী হোৱা দেখা যায় ।

অগপ দলে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল । উল্লেখ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ।‌ এই সভাত লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা কৰা হয় ৷

লগতে পঢ়ক: অসমত অভিলেখ সংখ্যক ৮১.৭১% ভোটদান : ১৪ খন আসনৰ ফলাফল কি হ’ব ? - LOK SABHA ELECTION 2024

সভাৰ অন্তত অগপৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘সকলো‌ সমষ্টিৰ দলীয় কৰ্মীসকলৰ পৰা লিখিত প্ৰতিবেদন বিচৰা হৈছিল ।‌ সেইমতে দলীয় কৰ্মীসকলে লিখিত প্ৰতিবেদন দাখিল কৰিছে । এই প্ৰতিবেদনৰ‌ ভিত্তিত বৰপেটা লোকসভা সমষ্টিত জয়ী হোৱাটো নিশ্চিত । যাৰবাবে বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হোৱা ফণীভূষণ চৌধুৰী সাংসদ হোৱাটো নিশ্চিত ।’’

বৰাই লগতে কয়, ‘‘ফণীভূষণ চৌধুৰী যিহেতু বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক, গতিকে বঙাইগাঁৱত উপ-নিৰ্বাচন‌ অনুষ্ঠিত হোৱাটো‌ নিশ্চিত । এই ক্ষেত্ৰত বঙাইগাঁৱত উপ-নিৰ্বাচন‌ৰ আগতীয়া প্ৰস্তুতি সম্পৰ্কে সভাত আলোচনা কৰা হয় ।’’

অতুল‌ বৰাই জনায় যে আগন্তুক পঞ্চায়ত আৰু পৌৰ সভাৰ নিৰ্বাচনৰ বাবে দলটোক শক্তিশালী কৰি‌ পুনৰ গঠন‌ কৰা‌ হ'ব ।‌ দলৰ ভ্ৰাতৃ-ভগ্নী সংগঠনবোৰ শক্তিশালী কৰা হ'ব । দলীয় কৰ্মীৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰা‌ হ’ব । সভাত দলৰ উপ-সভাপতি কেশৱ‌ মহন্ত, অগপৰ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে ফণীভূষণ চৌধুৰী আৰু জাৱেদ ইছলাম আদি উপস্থিত আছিল ।

লগতে পঢ়ক: অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ - Internal Clash in Assam BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.