ETV Bharat / politics

অগপৰ নিৰ্বাচনী প্ৰতিবেদনত অসন্তুষ্ট মিত্ৰজোঁটৰ নেতা-কৰ্মী - AGP Election Report

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 4:25 PM IST

Conflict between AGP-BJP: প্ৰদীপ হাজৰিকা-ভৱেন্দ্ৰনাথ ভড়ালীয়ে প্ৰস্তুত কৰা নিৰ্বাচনী প্ৰতিবেদনৰ বিৰোধিতা কৰিছে টীয়কৰ অগপ-বিজেপি নেতাই ৷ কৰ্মীসকলে নজনাকৈ প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

AGP ELECTION REPORT
অগপৰ নিৰ্বাচনী প্ৰতিবেদনত অসন্তুষ্ট মিত্ৰজোঁটৰ নেতা-কৰ্মী (ETV Bharat Assam)

টীয়ক, 29 মে’: অগপ-বিজেপি মিত্ৰজোঁটৰ মাজত অন্তঃকন্দলৰ ইংগিত বহন কৰি যোৰহাট লোকসভা সমষ্টিৰ অগপৰ আহ্বায়ক প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভড়ালীয়ে প্ৰস্তুত কৰিলে এখন প্ৰতিবেদন ৷ উক্ত প্ৰতিবেদনৰ পিচতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈক বিজেপি কৰ্মীয়েই সহায় নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে প্ৰতিবেদনখনত ৷ ইমানেই নহয়, প্ৰতিবেদনখনৰ জৰিয়তে নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ পুঁজি ব্যৱহাৰতো বিজেপিয়ে খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰা হয় ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টীয়কৰ বিজেপি-অগপ নেতা-কৰ্মীয়ে ৷ উল্লেখ্য যে অগপৰ বিধায়ক তথা জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকা আৰু ভবেন ভড়ালীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনৰ যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেই প্ৰতিবেদনে টীয়কৰ বিজেপি-অগপ কৰ্মীসকলৰ মাজতো জোকাৰণি তুলিছে ৷

টীয়কৰ অগপ নেতা-কৰ্মীৰ ভাষ্য নোলোৱাকৈ দুই অগপ নেতাই প্ৰস্তুত কৰা এই প্ৰতিবেদন তথ্য সম্বলিত নহয় বুলি সদৰী কৰিছে অগপৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত বৰাই । নিৰ্বাচনৰ পূৰ্বে যোৰহাটত অনুষ্ঠিত হোৱা অগপৰ পৰ্যালোচনা সভাত অগপ-বিজেপি সমন্বয়ত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ উক্ত সভাত উপস্থিত নাছিল অগপৰ সভাপতি অতুল বৰা ৷ তেনেক্ষেত্ৰত কৰ্মীসকলে গম নোপোৱাকৈয়ে কিদৰে প্ৰতিবেদন প্ৰস্তুত কৰা হ’ল অথবা কিহৰ ভিত্তিত ৰাজহুৱা কৰা হৈছে সেয়া টীয়ক অগপৰ জ্ঞাত নহয় বুলি স্পষ্টকৈ মন্তব্য কৰে অগপ কৰ্মীয়ে ।

ইপিনে এই প্ৰতিবেদন সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে টীয়কৰ বিজেপি নেতা-কর্মীয়ে । অগপ-বিজেপিয়ে মিত্ৰতাৰ ভিত্তিত অতি সুন্দৰভাৱে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰা বুলি উল্লেখ কৰি একাংশ অগপ নেতাই কিহৰ ভিত্তিত এনেবোৰ সমীক্ষা প্ৰকাশ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে টীয়ক বিজেপিৰ নেতৃত্বই ।

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ ভয়ংকৰ প্ৰতিবেদন অগপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.