ETV Bharat / politics

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপৰ সাংসদৰ - AAP PROTEST IN PARLIAMENT

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:43 PM IST

Rajya Sabha MP Sanjay Singh: আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাৰ প্ৰতিবাদত উত্তাল দেশৰ সংসদ ভৱনৰ চৌহদ ৷ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও কেজৰিৱালৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

নেশ্যনেল ডেস্ক, 27 জুন: "অৰবিন্দ কেজৰিৱাল জিন্দাবাদ" ধ্বনিৰে বৃহস্পতিবাৰে উত্তাল হৈ পৰে সংসদ ভৱন চৌহদ ৷ আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ লগতে অন্যান্য দলীয় নেতা-কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে সঞ্জয় সিঙে কৈছিল যে, তেওঁ ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিব ৷ কিয়নো এয়া চৰকাৰৰ দ্বাৰা লিখিত এটা ভাষণৰ প্ৰতিলিপিহে, যিটো মহামান্য ৰাষ্ট্ৰপতিয়ে মাথোন পঢ়িহে শুনাইছে ৷ সমান্তৰালকৈ সঞ্জয় সিঙে ৰাজ্যসভাৰ পৰা তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে উপ ৰাষ্ট্ৰপতিক ৷

লগতে পঢ়ক: বন্দিত্বৰ পৰা ওলাবই নোৱাৰিলে কেজৰিৱাল : পুনৰ ৩ দিনৰ বাবে চি বি আই জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal arrested by CBI

উল্লেখ্য যে, ই ডিৰ পিচতে শেহতীয়াকৈ চি বি আয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে ৷ যাৰ বাবে সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাসকলে ৷ দলীয় সাংসদসকলেও এই সন্দৰ্ভত সংসদত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

আনহাতে, আপৰ সাংসদ সঞ্জয় সিঙে প্ৰায় এবছৰৰ পিচত সংসদলৈ যোৱাৰ অনুমতি লাভ কৰে ৷ যি বিষয় সন্দৰ্ভত সিঙে সামাজিক মাধ্যম এক্সতো নিজৰ অনুভৱ প্ৰকাশ কৰে ৷

বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালেও সামাজিক মাধ্যম এক্সত লিখিছিল এনেদৰে, "এতিয়ালৈকে এয়া সদায় প্ৰাৰ্থনা কৰি আহিছো যে ঈশ্বৰে সকলোকে সদিচ্ছা প্ৰদান কৰক । কিন্তু এতিয়া প্ৰাৰ্থনা হ'ব যে স্বৈৰশাসকসকল ধ্বংস হওঁক ।"

লগতে পঢ়ক: কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

একে সময়তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও কেজৰিৱালৰ ফটো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, "এই ছবিখন স্বৈৰশাসনৰ বিৰুদ্ধে সংগ্ৰামৰ ৷" ইডিৰ আদালতৰ পৰা জামিন লাভ কৰাৰ পিচত চি বি আয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো একমাত্ৰ বিজেপিৰ নিৰ্দেশতে হোৱা বুলিও স্পষ্টকৈ প্ৰকাশ কৰে ভগৱন্ত মানে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া ক্ষমতাৰ অপব্যৱহাৰ বুলিও আখ্যা দিয়ে ৷

স্মৰ্তব্য যে, সুৰা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক চলিত বছৰৰ 21 মাৰ্চত নতুন দিল্লীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে তদন্তকাৰী সংস্থাটোৱে কেজৰিৱাললৈ সোধা-পোছাৰ বাবে 9 বাৰকৈ জাৰি কৰিছিল চমন । কিন্তু কেজৰিৱালে ইয়াক উপেক্ষা কৰি কেতিয়াও উপস্থিত হোৱা নাছিল ই ডিৰ কাৰ্যালয়ত । পৰৱৰ্তী সময়ত ই ডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ।

ইয়াৰ পিচত চিবিআয়ে 2022 চনৰ 16 আগষ্টত সুৰা নীতি কেলেংকাৰীৰ সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰি কেজৰিৱালক বুধবাৰে গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি চি বি আইৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতাগৰাকী ।

লগতে পঢ়ক: পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ পুনৰ কাৰাগাৰলৈ উভতিল কেজৰিৱাল - Arvind Kejriwal Return Tihar Jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.