ETV Bharat / politics

বহুদিনীয়া আশা পূৰণ: ১৫ বছৰৰ পিচত লোকসভালৈ অগপৰ প্ৰতিনিধি - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 5:45 PM IST

Phani Bhusan Choudhury : বিজেপিৰ মিত্ৰ দল হিচাবে হ’লেও সুদীৰ্ঘ 15 বছৰৰ পিচত দিল্লীলৈ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ সক্ষম হ’ল অসম গণ পৰিষদ ৷ বৰপেটা লোকসভা সমষ্টিত বিপুল ভোটত জয়লাভ কৰি সাংসদ হিচাবে নিৰ্বাচিত হ’ল ফণীভূষণ চৌধুৰী ৷ ধুবুৰীত মুখথেকেচা খালেও বৰপেটা সমষ্টিত জয়েৰে বহুদিনীয়া আশা পূৰণ কৰে অগপই ৷

BARPETA LOK SABHA SEAT
দিল্লীলৈ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ সক্ষম হ’ল অসম গণ পৰিষদ (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুন : লোকসভালৈ প্ৰত্যাৱৰ্তনৰ বাবে সুদীর্ঘ 15 বছৰ সময়ৰ প্ৰয়োজন‌ হ’ল অসম আন্দোলনৰ মাজেৰে গঢ় লোৱা আঞ্চলিক দল অসম গণ পৰিষদ চমুকৈ অগপৰ ৷ সুদীর্ঘ 15 বছৰৰ অন্তত অৱশেষত এইবাৰ লোকসভালৈ এজন প্ৰতিনিধি প্ৰেৰণ অভিযানত আঞ্চলিক দল অসম গণ পৰিষদ সফল হ'ল ৷ অৱশ্যে বিজেপিৰ মিত্ৰ দল হিচাপেহে এই অভিযানত সফল‌ হ’ল অগপ ৷

বিজেপি নেতৃত্বাধীন এন ডি এ সমৰ্থিত প্ৰার্থী হিচাপে বৰপেটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছিল অগপৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ৷ আনহাতে ধুবুৰীত অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে বিজেপি নেতৃত্বাধীন এন ডি এ সমৰ্থিত প্ৰার্থী হিচাপে থিয় দিছিল ৷ অৱশ্যে বিশাল ভোটৰ ব্যৱধানত পৰাস্ত হয় প্ৰাৰ্থীগৰাকী ৷ ইফালে ফণীভূষণ চৌধুৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দীপ বায়নক পৰাস্ত কৰাৰ পাচত আঞ্চলিক দলটোৰ বহুদিনীয়া আশা পূৰণ হয় ৷

উল্লেখ্য যে 2009 চনৰ পাচত যোৱা দুবাৰৰ লোকসভাত অগপৰ কোনো প্ৰতিনিধি নাছিল ৷ 2009 চনৰ লোকসভা নিৰ্বাচনত সেই সময়ৰ অগপ বিধায়ক যোছেফ তপ্প' তেজপুৰৰ পৰা অগপৰ একমাত্ৰ সাংসদ হিচাপে বিজয়ী হৈছিল ৷ 41.77 শতাংশ ভোট লাভ কৰা তপ্প'ই কংগ্ৰেছৰ মণি কুমাৰ চুব্বাক পৰাস্ত কৰিছিল ৷ সেই নিৰ্বাচনত অগপই আঠখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেজপুৰত জয়লাভ কৰাৰ বিপৰীতে লখিমপুৰ আৰু ডিব্ৰুগড় সমষ্টিত 2009 চনত অগপৰ প্ৰাৰ্থী ক্ৰমে ডাঃ অৰুণ কুমাৰ শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল পৰাস্ত হৈছিল ৷

লগতে পঢ়ক : 40 বছৰ ধৰি বিধায়ক হৈ থকাৰ পিচত এইবাৰ দিল্লীলৈ যাব ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

2014 চনৰ লোকসভা নিৰ্বাচনত অগপই 12টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিজৰ দখলত থকা তেজপুৰকে ধৰি সকলো সমষ্টিতে দলটোৰ প্ৰাৰ্থীয়ে শোচনীয় পৰাজয়বৰণ কৰিব লগা হৈছিল ৷ ইফালে 2019 চনৰ সংসদীয় নিৰ্বাচনত এন ডি এৰ অংশীদাৰ হিচাপে অৱতীৰ্ণ হোৱা অগপক কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টি বিজেপিয়ে এৰি দিছিল ৷ এই নিৰ্বাচনত মাত্ৰ 8.31 শতাংশ ভোট পাবলৈ সক্ষম হোৱা আঞ্চলিক দলটোৰ এজনো প্ৰার্থী জয়ী হোৱা নাছিল ৷ তিনিওটাতে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিব লগা হয় দলটো ৷

কলিয়াবৰত অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই 40.43 শতাংশ, বৰপেটাত কুমাৰ দীপক দাসে 34.60 শতাংশ আৰু ধুবুৰীত জাবেদ ইছলামে 23.72 শতাংশ ভোট লাভ কৰিছিল ৷ সুদীর্ঘ 15 বছৰৰ পাচত লোকসভা নিৰ্বাচনত বিজয়ৰ মুখ দেখা অগপৰ বৰপেটাৰ বিজয়ী প্ৰার্থী ফণীভূষণ চৌধুৰীয়ে প্ৰায় 51 শতাংশ ভোট লাভ কৰিছে ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী চৌধুৰীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বৰপেটা সমষ্টিত প্ৰচাৰ চলাইছিল ৷ আনহাতে, ধুবুৰীত তৃতীয় স্থানতে ৰোৱা অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে প্ৰায় 18.13 শতাংশ ভোটহে লাভ কৰে ৷

লগতে পঢ়ক : নেতাতকৈও বেছি ভোট পালে নোটাই - Lok Sabha Election Results 2024

ইফালে অসমত বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত সফলতা লাভ কৰাত মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকলক অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তই অভিনন্দন আৰু শুভেচ্ছা জনাইছে ৷ এই ফলাফলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়ন আৰু বিকাশ যাত্ৰাৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বহিঃপ্ৰকাশ ঘটা বুলি অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে মতপোষণ কৰে ৷

লগতে পঢ়ক : অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.