ETV Bharat / politics

ভগৱানে ৰণজিৎ কুমাৰ দাসক পাটাছাৰকুছিলৈ কিয় পঠিয়ালে ? - Minister Ranjeet Kumar Dass

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:19 PM IST

Ranjeet Kumar Dass in Patacharkuchi : পাটাছাৰকুছিত নিৰ্মাণ কৰিবলগীয়া আছিল বহু পথ ৷ কিন্তু সেয়া হৈ উঠা নাই ৷ সেই কাৰণে লাজ পাইছে ৰণজিৎ কুমাৰ দাসে ৷ ভগৱানেও সেইকাৰণে ৰণজিৎ কুমাৰ দাসৰ পাটাছাৰকুছিলৈ পঠিয়াইছে হেনো !

Ranjeet Kumar Dass in Patacharkuchi
পাটাছাৰকুছিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

গুৱাহাটী, ২৬ জুন : ‘‘পাটাছাৰকুছি সমষ্টিলৈ মোক ভগৱানে পঠিয়াই দিছে ৷’’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰতেই যেন সুৰ মিলাই এইবাৰ ৰাজ্যৰ জ্যেষ্ঠ বিজেপি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৈ দিলে এইদৰে ৷ তেওঁ কয়, ‘‘পাটাছাৰকুছি সমষ্টিলৈ মোক ভগৱানে পঠিয়াই দিছে ৷ নিমুৱা, দক্ষিণ নিমুৱা অঞ্চলৰ দুৰৱস্থাৰ বাবে মই বিধায়ক নহৈ ৰাইজ হিচাপে লজ্জিত হৈছোঁ । আগৰ মোৰ সৰভোগ সমষ্টিত ইমান কৰিবলগীয়া নাছিল ।” মঙলবাৰে নিজ সমষ্টি পাটাছাৰকুছিৰ কেবাটাও অঞ্চল ভ্ৰমণ কৰি এই মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । তদুপৰি মন্ত্ৰী ৰণজিৎ দাসে দাবী কৰে যে তেওঁ হেনো আনে কৰি থৈ যোৱা পাপৰ বোজা বহন কৰিবলগীয়া হৈছে ৷ পিছে কাৰ পাপৰ বোজা কঢ়িয়াইছে ৰণজিৎ দাসে ?

মন্ত্ৰী দাসৰ মতে, “পাটাছাৰকুছি সমষ্টিত আগৰসকলে কাম ভালকৈ নকৰাৰ বাবে মই পাপ খণ্ডন কৰিছোঁ । যোৱা মাহত পাটাছাৰকুছি সমষ্টিত ১২ খন দলং নিৰ্মাণৰ বাবে টেণ্ডাৰ লাভ কৰিছোঁ ৷”

লগতে পঢ়ক: গেলিছে ৰাজপথ, খবৰ নাই বিধায়কৰ : মৰিয়নীত কৃষক মুক্তিৰ প্ৰতিবাদ

আনহাতে স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে মন্তব্য কৰে যে আগন্তুক দুবছৰৰ ভিতৰত পাটাছাৰকুছি সমষ্টিত যিসমূহ কৰিবলগীয়া কাম আছে, সেই সকলোবোৰ কাম কৰা হ’ব । বোকা-পানীৰে গচকি প্ৰায় ডেৰ-দুই কিলোমিটাৰ ঠাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে খোজকাঢ়ি পৰিদৰ্শন কৰাৰ পিচত এই মন্তব্য কৰে ৷ অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময়ো কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ইফালে স্বাধীনতাৰ 75 বছৰৰ পিচতো উক্ত অঞ্চলত পথ এটাও নিৰ্মাণ নোহোৱাত নাগৰিক হিচাপে লজ্জা অনুভৱ কৰা বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ পাটাছাৰকুছিত অসমৰে ভিতৰতে সৰ্বাধিক পথ নিৰ্মাণ কৰিবলগীয়া আছিল বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক: জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.