ETV Bharat / politics

আপ অসমত মোক্ষম আঘাত, দলত্যাগ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ - VP Jitul Deka Quits AAP

AAP Assam: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপৰ্যয়ত অসমত আম আদমী পাৰ্টি ৷ একেদিনাই দল এৰিলে দুজনকৈ সক্ৰিয় দলীয় কৰ্মীয়ে ৷ দলত্যাগ ৰাজ্যিক উপ-সভাপতি আৰু এগৰাকী মুখপাত্ৰৰ ৷

AAP-Assam-vice-president and spokesperson-quits-party-ahead-of-lok-sabha-elections 2024
দুগৰাকীকৈ আপৰ নেতাৰ দলত্যাগ
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:36 PM IST

গুৱাহাটী, 16 মাৰ্চ: সোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আম আদমী পাৰ্টি, অসম সন্মুখীন হৈছে এক বৃহৎ বিপৰ্যয়ৰ। দলটোৰ ৰাজ্যিক উপ-সভাপতি আৰু এগৰাকী মুখপাত্ৰই লোকসভা নিৰ্বাচনৰ পূৰ্বে দলত্যাগ কৰিছে ।

নিৰ্বাচনী টিকটক কেন্দ্ৰ কৰি বিৰোধী দলমূহৰ মাজত সৃষ্টি হোৱা বিভাজনে তীব্ৰ ৰূপ ধাৰণ কৰিছে । কংগ্ৰেছৰ পিছত এইবাৰ অসমৰ আম আদমী পাৰ্টীৰ মাজত বিসম্বাদ আৰম্ভ হৈছে । শেহতীয়াকৈ শনিবাৰে দুজনকৈ আপৰ ৰাজ্যিক সমিতিৰ জ্যেষ্ঠ নেতাই দলত্যাগ কৰিছে । আপ, অসমৰ সক্ৰিয় নেতা হিচাপে পৰিচিত আপৰ উপ-সভাপতি জিতুল ডেকাই অব্যাহতি লৈছে দলটোৰ পৰা ।

AAP-Assam-vice-president and spokesperson-quits-party-ahead-of-lok-sabha-elections 2024
দুগৰাকীকৈ আপৰ নেতাৰ দলত্যাগ

ইতিমধ্যে ডেকাই কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । ইপিনে আপ, অসমৰ‌ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে পদত্যাগ কৰা বুলিও দলীয় সূত্ৰই প্ৰকাশ কৰিছে । গুৱাহাটীৰ পৰা দলৰ‌ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে ৰহস্যজনকভাবে নিজৰ প্রার্থিত্ব প্রত্যাহাৰ কৰাৰ পিছতে শনিবাৰে দলটোত অসন্তুষ্টিৰ জোৱাৰ‌ আৰম্ভ হৈছে ।‌

জানিব পৰা‌ মতে, আপৰ তিনিজনমান নেতাই অসন্তুষ্ট হৈ দল এৰাৰ যো-জা চলাই আছে । উল্লেখ্য যে, আপৰ কেন্দ্ৰীয় নেতৃত্বই এপষেক পূৰ্বে অসমৰ শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। গুৱাহাটীত ভৱেন চৌধুৰীক, শোণিতপুৰত ঋষিৰাজ কৌন্দিন্য আৰু ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থীত্ব দিছিল আপে ।

কিছুদিন পূৰ্বে আপৰ দলীয় সূত্ৰই জনায় যে যদিহে কংগ্ৰেছে আপৰ সৈতে মিত্ৰতা ভংগ কৰে তেন্তে আপে অকলেই উক্ত আসনসমূহত প্ৰতিদ্বন্দিতা আগবঢ়াব । আপ অসমৰ নেতৃত্বই ইতিমধ্যে বাকী 11 টা সমষ্টিৰ‌ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । আপৰ পৰা পোৱা তথ্য অনুসৰি কোকৰাঝাৰত অজয় নাৰ্জাৰী, ধুবুৰীত জমাল হ'ক, বৰপেটাত অৰূপ কুমাৰ বায়ন, দৰং-ওদালগুৰিত জিতুল ডেকা, ডিফুত ভোগেশ্বৰ শ্যাম, কৰিমগঞ্জত ছয়নাল হ’ক, শিলচৰত সৌমিক সেনগুপ্তা, নগাঁৱত হেমন্ত ফুকন, কাজিৰঙাত চুমী বৰা, লখিমপুৰত ৰঞ্জিতা পেগু, যোৰহাটত ৰাজীৱ শইকীয়াক আপৰ প্ৰাৰ্থী হিচাপে স্থিৰ কৰিছিল ।

সেই অনুসৰি, গুৱাহাটীত ভৱেন চৌধুৰীয়ে ব্যাপক প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল । আন প্ৰাৰ্থীতকৈ আগতে চৌধুৰীয়ে গুৱাহাটীত তেওঁৰ বেনাৰ-পোষ্টাৰ আদি আঁৰিছিল । হঠাৎ গুৱাহাটীৰ পৰা নিজৰ প্ৰাৰ্থীত্ব চৌধুৰীয়ে প্ৰত্যাহাৰ কৰে । কিহৰ বাবে সভাপতিগৰাকীয়ে নিজৰ প্ৰাৰ্থিত্ব গুৱাহাটীৰ‌ পৰা প্ৰত্যাহাৰ কৰিছে তাকে লৈ দলৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে । আনকি বিসম্বাদৰো উকমুকনি হৈছে বুলি জানিব পৰা গৈছে ।

দলৰ মাজত বিভাজন‌ সৃষ্টি হ’ব পাৰে বুলি একাংশ দলীয় কৰ্মীয়ে সদৰী কৰিছে । উল্লেখ্য যে, জিতুল ডেকাই ব্যক্তিগত কাৰণত দলত্যাগ কৰা বুলি পত্ৰত উল্লেখ কৰিছে ।‌ কিন্তু দলৰ সভাপতিৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ দলৰ পৰা আতঁৰি যোৱা বুলি ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক: কংগ্ৰেছক মুকলি প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.