ETV Bharat / politics

শোণিতপুৰ-ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীক সমৰ্থনৰ আহ্বান কংগ্ৰেছক - Lok Sabha Election 2024

Lok Sabha Election 2024: বিৰোধী ঐক্যমঞ্চই ডিব্ৰুগড় আৰু শোণিতপুৰ আপ এৰি দিয়াৰ বাবে আহ্বান ৷ গুৱাহাটী আপে এৰি দিয়াৰ পিচত পুনৰ বিবেচনাৰ আহ্বান কংগ্ৰেছক ৷ বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত এই আহ্বান আপ, অসমৰ ৷

AAP Candidate Assam
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:26 PM IST

শোণিতপুৰ-ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীক সমৰ্থনৰ আহ্বান কংগ্ৰেছক

গুৱাহাটী, ১৭ মাৰ্চ: দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে চাৰিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী ৰণলৈ সাজু হৈছে আম আদমি পাৰ্টী । দেওবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ মুঠ ২২ টা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব । দিল্লীত ৪ খন, পঞ্জাবত ১৩ খন, গুজৰাটত ২ খন, অসমত ২ খন আৰু হাৰিয়ানাত ১ খন আসনত দলে প্ৰতিদ্বন্দ্বিতা কৰিব ।

অসমত পূৰ্বে ৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও দলৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্তমৰ্মে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে । আপে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সফলতা লাভ কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব ।

সংবাদমেলত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দুটা সমষ্টিত আপৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ পুনৰ কংগ্ৰেছ নেতৃত্বক আহ্বান জনায় । বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি বিজেপিক পৰাজিত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনায় ডেকাৰজাই । ইতিমধ্যে আম আদমি পাৰ্টিয়ে বিজেপিৰ বিৰুদ্ধে, উন্নয়নৰ সপক্ষে দেশৰ জনসাধাৰণক ৰায় দিবলৈ ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

শেহতীয়াভাৱে আদালতৰ মজিয়াত ইলেক্ট’ৰেল বণ্ডৰ তথ্য উন্মোচনৰ জৰিয়তে বিজেপিয়ে সংঘটিত কৰা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ফাদিল হৈছে । স্বাধীন ভাৰতৰ সৰ্ববৃহৎ বিত্তীয় অনিয়ম এই চৰকাৰেই সংঘটিত কৰিছে বুলি মন্তব্য কৰে অনুৰূপা ডেকাৰজাই । সেয়েহে অনাগত দিনত বিজেপি দলৰ দুৰ্নীতিমুক্ত শাসন আৰু উন্নয়নৰ নামত দিয়া ভুৱা প্ৰতিশ্ৰুতিত ৰাইজক ভোল নাযাবলৈ আপৰ নেত্ৰীগৰাকীয়ে আহ্বান জনায় ।

দেশবাসীৰ স্বাৰ্থত উন্নয়নৰ সপক্ষে আপক সমৰ্থন জনাবলৈ সংবাদমেলত আহ্বান জনায় দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । আনহাতে, অসমবাসীৰ গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলনক ভ্ৰুক্ষেপ নকৰি ৰাজ্যখনত 'কা' বলবৎ কৰাৰ বিৰুদ্ধেও সৰৱ হয় আপ, অসমৰ নেত্ৰীগৰাকী । 'কা' বলবৎ কৰাৰ ফলত অসমীয়া ভাষা, সংস্কৃতি সংকটগ্ৰস্ত হ’ব বুলি উল্লেখ কৰি চৰকাৰৰ এই অবিবেচক আৰু অগণতান্ত্ৰিক কাণ্ডৰ বিৰুদ্ধে ভোটৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীলৈ আহ্বান জনায় আম আদমি পাৰ্টীয়ে ।

লগতে পঢ়ক: ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.