ETV Bharat / politics

হাৰিয়ানাত ভগ্ন I.N.D.I.A ৰ মিত্ৰতা : হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপে ৯০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব - Haryana Assembly Election 2024 - HARYANA ASSEMBLY ELECTION 2024

India alliance breaks in Haryana : হাৰিয়ানাত I.N.D.I.A. ৰ মিত্ৰতা ভংগ হৈছে ! লোকসভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত বিচ্ছেদ ঘটিছে । পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰিছে যে হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপ দলে ৯০ খন আসনতে পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিব ।

Aam Aadmi Party in Haryana Assembly Election AAP will contest all 90 assembly seats India alliance breaks
হাৰিয়ানাত ভগ্ন I.N.D.I.A ৰ মিত্ৰতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 6:33 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুলাই : আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ ৯০ খন বিধানসভা আসনৰ আটাইকেইখনতে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে । পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বৃহস্পতিবাৰে চণ্ডীগড়ত কয় যে আম আদমী পাৰ্টীয়ে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিব ।

তেওঁ আৰু কয়, ‘‘হাৰিয়ানা দিল্লী আৰু পঞ্জাবৰ সংলগ্ন । দিল্লী আৰু পঞ্জাব দুয়োখন ৰাজ্যতে আম আদমি পাৰ্টীৰ ক্ষমতা আছে । যেনেকৈ দুয়োখন ৰাজ্যতে আম আদমি পাৰ্টীয়ে উন্নয়ন কৰিছে । আমি হাৰিয়ানাত এনে উন্নয়ন কৰিম ।’’

হাৰিয়ানাৰ ৯০ খন আসনৰ আটাইকেইখন আসনত আপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব :

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, ‘‘হাৰিয়ানাৰ মানুহে আমাক সুধিছে যে আপুনি হাৰিয়ানালৈ কিয় নাহে ? হাৰিয়ানাৰ ৰাইজে সকলো দলকে সুযোগ দি চালে, কিন্তু কোনো দলেই হাৰিয়ানাৰ জনসাধাৰণৰ লগত ন্যায় নাকৰিলে । পঞ্জাব, দিল্লী আৰু হাৰিয়ানাৰ সংস্কৃতিৰ মাজত মিল আছে । কিছু লোকে জানে দিল্লীৰ কাম-কাজ, কোনো কোনোৱে আকৌ পঞ্জাবৰ বিষয়ে জানে । যেনেকৈ দিল্লী আৰু পঞ্জাবত কাম কৰি থকা হৈছে । তেনেদৰে হাৰিয়ানাতো কামবোৰ কৰিব পৰা যাব ৷’’

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘোষণা :

পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰি কয়, ‘‘ক্ৰমাৎ আম আদমী পাৰ্টী এটা গুৰুত্বপূৰ্ণ দললৈ পৰিণত হৈছে । গুজৰাটত যেতিয়া আমি ১৪ শতাংশ ভোট লাভ কৰিছিলো, তেতিয়া আমি আনুষ্ঠানিকভাৱে জাতীয় দলত পৰিণত হৈছিলো । আমাৰ দুখন ৰাজ্যত চৰকাৰ আছে । আমাৰ গুজৰাট আৰু গোৱাত বিধায়ক আছে । এতিয়া আহি আছে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন । যাৰ বিৰুদ্ধে আমি সম্পূৰ্ণ শক্তিৰে যুঁজ দিম । কেজৰিৱালো হাৰিয়ানাৰ ।’’

লগতে পঢ়ক : অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপৰ সাংসদৰ - AAP PROTEST IN PARLIAMENT

মূল লক্ষ্য বিজেপি :

বিজেপিক লক্ষ্য কৰি পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰদানমন্ত্ৰী মোদীয়ে কয় যে ১০ বছৰে বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ আছে । কিন্তু এই চৰকাৰে ১০ বছৰত হাৰিয়ানাক কি দিলে ? এফালৰ পৰা কৃষকক ভৰিৰে মোহাৰি গৈছে ৷ আপুনি চাৰি বছৰৰ বাবে ঠিকাভিত্তিক চাকৰি দিছে ? অগ্নিপথ যোজনা আকৌ হ’ব লাগে ৷ হাৰিয়ানাত কৃষক আৰু নিৱনুৱাৰ সমস্যা অধিক ৷’’

পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দিল্লী আৰু পঞ্জাবত আমাৰ কামৰ প্ৰদৰ্শন কৰিছো । দুৰ্নীতি নোহোৱাকৈ চাকৰি দিয়া হৈছে । ক’তো পেপাৰ লিক হোৱা নাছিল । শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে । এতিয়া আমি হাৰিয়ানাৰ পৰিৱেশ কিছু সলনি কৰিম । এতিয়া আমি কেজৰিৱালক আনিম ।’’

হাৰিয়ানাত ভংগ ভাৰতৰ মিত্ৰতা :

উল্লেখ্য যে, হাৰিয়ানাত আম আদমী পাৰ্টী আৰু কংগ্ৰেছে I.N.D.I. মিত্ৰজোঁটৰ অধীনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । হাৰিয়ানাৰ আটাইকেইখন লোকসভাৰ দহখন আসনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত ৯-১ৰ বিভাজন হৈছিল ।

কুৰুক্ষেত্ৰ লোকসভাৰ আসন আহিছিল আপৰ হাতলৈ । য’ত আপৰ প্ৰাৰ্থী সুশীল গুপ্তাই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এতিয়া হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত দুয়োটা দলে ৯০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

লগতে পঢ়ক : আম আদমি পাৰ্টীত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ - Romen Borthakur joins AAP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.