ETV Bharat / politics

অসমত ১৪খন আসন বুজাবুজিৰ দিশত অগ্ৰসৰ ১৫টা বিৰোধী ৰাজনৈতিক দল - Lok Sabha Election 2024

Opposition Unity Assam: চৈধ্যটা লোকসভা সমষ্টিৰ ১০ টা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা । আন চাৰিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত হৈ থকা আন চাৰিটা বিৰোধী দলে । ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় চূড়ান্ত । সাতটা সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰিছে কংগ্ৰেছে ।

Opposition Unity Assam
বিৰোধী ঐক্যমঞ্চ
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 10:26 PM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: কংগ্ৰেছৰ নেতৃত্বত সৰ্বভাৰতীয় পৰ্যায়ত গঠন হোৱা ইণ্ডি এলায়েন্সে আসন বুজাবুজিৰ দিশত অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ অসমতো ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্যমঞ্চই আসন বুজাবুজিৰ দিশত অগ্ৰসৰ হৈছে । উল্লেখ্য যে অসমত কংগ্ৰেছৰ নেতৃত্বত ১৫ টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্যমঞ্চ ।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ১৫টা দল ঐক্যবদ্ধ হৈছে যদিও আসন বুজাবুজিক লৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । বিশেষকৈ নেতৃত্ব দিয়া কংগ্ৰেছ দল নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত হৈ থকাত দলটো অস্থিৰতাই বিৰাজ কৰিছে । তাৰে মাজতে শেহতীয়াভাৱে অসমৰ চৈধ্যটা লোকসভা সমষ্টিক লৈ বিৰোধী ঐক্যমঞ্চৰ ১৫টা দল আসনৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত ক্ৰমাৎ ঐকমত্যত উপনীত হোৱা দেখা গৈছে ।

সেই অনুসৰি ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ১০টা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । আন চাৰিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত হৈ থকা চাৰিটা বিৰোধী দলে । দলীয় সূত্ৰত প্ৰকাশ যে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বৰপেটা লোকসভা সমষ্টিত চি পি আই (এম)ৰ প্ৰাৰ্থী হিচাপে বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিদ্বন্দ্বিতা কৰাটো একপ্ৰকাৰ চূড়ান্ত হৈছে । ইয়াৰ বিপৰীতে আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছক গুৱাহাটী আৰু শোণিতপুৰ লোকসভা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে । যদি সেয়া হয় তেন্তে গুৱাহাটীত আম আদমি পাৰ্টীৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰী হ'ব পাৰে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰার্থী ।

ইফালে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাক শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিৰোধী ঐক্যমঞ্চই পূৰ্বৰে পৰা প্ৰস্তাৱ দি আহিছে যদিও বৰ্তমানলৈকে বৰাই এইক্ষেত্ৰত সহমত প্ৰকাশ কৰা নাই বুলি জনা গৈছে । শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই বিৰোধী ঐক্যমঞ্চৰ পৰা বাৰম্বাৰ আসনৰ দাবী কৰি আছে যদিও তেওঁ নিজে শোণিতপুৰৰ প্ৰার্থী হ'ব খোজা নাই ।

ৰিপুণ বৰাই ইতিমধ্যে সদৰী কৰিছে যে তৃণমূল কংগ্ৰেছে বৰাকৰ কৰিমগঞ্জৰ লগতে চাৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰে । অৱশ্যে আলোচনাত এৰা-ধৰাৰ মাধ্যমেৰে আসন বুজাবুজিৰো পোষকতা কৰিছে ৰিপুণ বৰাই । ইফালে আম আদমি পাৰ্টীয়ে ইতিমধ্যেই তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আসন বুজাবুজিক লৈ বিৰোধী ঐক্যমঞ্চৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দহটা লোকসভা সমষ্টিৰ ভিতৰত সাতটা লোকসভা সমষ্টিতে প্ৰাৰ্থী একপ্ৰকাৰ চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই সাতটা লোকসভা সমষ্টিৰ বাবে এ আই চি চিৰ ক্ৰীনিং কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ মতামত লৈ চূড়ান্ত প্ৰার্থী পেনেল এ আই চি চিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিক অৰ্পণ কৰিছে ।

সেই অনুসৰি কংগ্ৰেছে লখিমপুৰ লোকসভা সমষ্টিত উদয় শংকৰ হাজৰিকা, কাজিৰঙা লোকসভা সমষ্টিত প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী, দৰং-ওদালগুৰি সমষ্টিত মাধৱ ৰাজবংশী, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিত প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত শিলচৰ লোকসভা সমষ্টিত নৈঋতা জয়শুক্লা, ধুবুৰী লোকসভা সমষ্টিত সাংসদ আব্দুল খালেক আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বি পি এফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়ো অথবা গর্জন বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

অৱশ্যে যোৰহাট, নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এতিয়াও অমীমাংসিত হৈ আছে । নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰি সাংসদ গৌৰৱ গগৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনেও নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচৰাত এতিয়ালৈকে বিষয়টো জটিল হৈ থকা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ এ আই চি চিয়ে সাংসদ গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ দিয়া বুলি জনা গৈছে যদিও এতিয়ালৈকে এইক্ষেত্ৰত সহমত পোষণ কৰা নাই গৌৰৱ গগৈয়ে ।

ইফালে কংগ্ৰেছৰ অধিকাংশ নেতা আৰু উজনি অসমৰ ৰাইজে গৌৰৱ গগৈক বিচাৰিছে যোৰহাট লোকসভা সমষ্টিত । পূৰ্বতে প্ৰয়াত তৰুণ গগৈ আৰু প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈৰ স্মৃতি বিজড়িত যোৰহাট সমষ্টিত আছে আহোম জনগোষ্ঠীৰ বৃহৎসংখ্যক ভোটাৰ । এনে প্ৰেক্ষাপটতে গৌৰৱ গগৈক নগাঁৱৰ পৰিবৰ্তে উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত প্ৰায়কেইটা বিৰোধী দলেও কংগ্ৰেছ নেতৃত্বক আহ্বান জনোৱা বুলি জনা গৈছে ।

এনে প্ৰেক্ষাপটতে এতিয়ালৈকে যোৰহাট আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সহমতত উপনীত হ’ব পৰা নাই এ আই চি চি । আনহাতে ধর্মীয় সংখ্যালঘু বসতিপ্ৰধান আন এটা সমষ্টি বৰাক উপত্যকাৰ কৰিমগঞ্জত জ্যেষ্ঠ আইনজীৱী হাফিজ ৰছিদ আহমদ চৌধুৰীৰ উপৰি যুৱনেতা জুবেৰ আনমেও প্ৰাৰ্থিত্ব বিচাৰিছে ।

এই দুয়োগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীক লৈয়ো মীমাংসাত উপনীত হ’ব পৰা নাই কংগ্ৰেছ নেতৃত্ব । অৱশ্যে বর্তমান এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে প্ৰতিনিধিত্ব কৰি থকা ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছে সাংসদ আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনাই গা কৰি উঠিছে । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আব্দুল খালেকৰ বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাত লাখ ভোটাৰ নতুনকৈ সোমাইছে ধুবুৰী সমষ্টিত ।

তদুপৰি বিগত তিনিটা কার্যকাল ধুবুৰীৰ সাংসদ হৈ থকা বদৰুদ্দিন আজমল লোকসভা সমষ্টিটোৰ স্থানীয় প্ৰার্থী নহয় । কংগ্ৰেছে এইবাৰ ধুবুৰী লোকসভা সমষ্টিটোত এগৰাকী স্থানীয় প্ৰাৰ্থীৰ জৰিয়তে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে আৰু এইক্ষেত্ৰত সাংসদ আব্দুল খালেকক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে কোকৰাঝাৰ সমষ্টিত আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো আৰু গৰ্জন বসুমতাৰীৰ এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব । কংগ্ৰেছে দহ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আম আদমি পাৰ্টী, তৃণমূল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু চি পি এমক এটাকৈ লোকসভা সমষ্টি এৰি দিয়াৰ সম্ভাৱনাই প্ৰায় নিশ্চিত ।

অৱশ্যে আপ আৰু তৃণমূল কংগ্ৰেছৰ ওপৰত সকলো নিৰ্ভৰ কৰিব । কাৰণ এই দুয়োটা দলে এটা সমষ্টিক লৈ সন্তুষ্ট হোৱাৰ সম্ভাৱনা কম । ইফালে প্ৰদেশ কংগ্ৰেছে মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰার্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিব বুলি বিশ্বাস নকৰে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.