১৪ নৱেম্বৰত ইমৰান খানে, তেওঁৰ সমৰ্থকসকলক 'চুৰি কৰা জনাদেশ, অন্যায়ভাৱে গ্ৰেপ্তাৰ আৰু এটা বিতৰ্কিত সাংবিধানিক সংশোধনী গৃহীত কৰা' যিয়ে উচ্চ আদালতত ন্যায়াধীশ নিযুক্তিৰ ওপৰত শাসনতন্ত্ৰক নিয়ন্ত্ৰণ প্ৰদান কৰে, যাৰ ফলত সিদ্ধান্ত প্ৰভাৱিত হয়. এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মাহৰ ২৪ তাৰিখে ইছলামাবাদত একত্ৰিত হোৱাৰ আহ্বান জনায়।
প্ৰতিবাদৰ মূল উদ্দেশ্য ইমৰাণক তেওঁৰ চৰ্তাৱলী অনুসৰি মুক্তি দিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰা। তেওঁৰ আহ্বানত, পাকিস্তানৰ সকলো প্ৰান্তৰ সমৰ্থকসকলৰ কনভয় ইছলামাবাদত একত্ৰিত হ'বলৈ আৰম্ভ কৰিছে, যাৰ এটা দলক আনকি তেওঁৰ পত্নীয়ে যুটীয়াভাৱে নেতৃত্ব দিছে। চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ, কনভয়বোৰ আৰামদায়ক গতিত আগবাঢ়িছে, সন্মুখত থকা প্ৰতিটো বাধা অতিক্ৰম কৰিছে। নিয়োজিত আৰক্ষীক পিছলৈ ঘূৰি যাবলৈ বাধ্য কৰা হৈছে।
সামৰিক সমৰ্থনপুষ্ট চৰকাৰখনে বেৰিকেড স্থাপন, প্ৰতিবাদক অবৈধ ঘোষণা আৰু অৰ্দ্ধ-সামৰিক বাহিনী নিয়োগ কৰি প্ৰতিবাদ অৱৰোধ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। বহু পিটিআই কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে, মিডিয়া কভাৰেজ সীমিত কৰা হয় লগতে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াক বিছিন্ন কৰা হৈছে।
প্ৰতিবাদক মষিমূৰ কৰাৰ লক্ষ্যৰে চৰকাৰে ইছলামাবাদক দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰা দেখা গৈছে । অৰ্থনৈতিক লোকচান বাঢ়ি আহিছে। খাইবাৰ পাখতুনখোৱাৰ কুৰমত সংঘটিত সাম্প্ৰদায়িক হিংসাত বৰ্ধিত হতাহতক উপেক্ষা কৰি ৰাষ্ট্ৰৰ মনোযোগ ইছলামাবাদলৈ স্থানান্তৰিত হৈছে।
প্ৰতিবাদকাৰীসকল ইছলামাবাদৰ ৰেড জোনৰ এক অঞ্চল ডি চকত একত্ৰিত হৈছে, য'ত ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় সংসদ, উচ্চতম ন্যায়ালয় আৰু কূটনৈতিক পৰিক্ষেত্ৰৰ দৰে চৰকাৰী প্ৰতিষ্ঠানসমূহ আছে। দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে অঞ্চলটোতে অৱস্থান কৰিব। ঘটনাই কি ৰূপ লয় সেয়া লক্ষ্যণীয় হ’ব । পাকিস্তানৰ সেনাৰ লগতে বৰ্তমান চৰকাৰকো পিছ হুহুকি যাবলৈ বাধ্য কৰোৱা হৈছে।
এনে ধৰণৰ প্ৰতিবাদ স্থবিৰ কৰাটো বৰ সহজ নহয়। নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ দ্বাৰা হোৱা ক্ষয়ক্ষতি লগতে তেওঁলোকক নিজৰ বাছনি কৰা স্থানত একত্ৰিত হ'বলৈ অনুমতি দিয়া কাৰ্যই সমস্যা বৃদ্ধি কৰিব পাৰে ৷ এক বিকল্প আছে- প্ৰতিবাদবোৰ আন এটা ক্ষেত্ৰলৈ স্থানান্তৰ কৰাৰ যাতে চৰকাৰী কাম-কাজত ব্যাঘাত জন্ম নহয়, অৱশ্যে, সেয়া সফল হ'ব নে নাই সেয়া বিচাৰ্য বিষয়।
পিছ দুৱাৰৰ আলোচনা বিফল হোৱা দেখা গৈছে। পিটিআই সমৰ্থকৰ জনসমাগমৰ আন্দোলনে ইতিমধ্যে বিশ্বব্যাপী মনোযোগ আকৰ্ষণ কৰিছে। আমেৰিকাই দুয়োপক্ষক সংযম প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল।
এই ধৰণৰ প্ৰতিবাদ কেৱল এটা আহ্বানৰ সৈতে আৰম্ভ নহয়, যিদৰে ইমৰানে আহ্বান কৰিছিল। এনে আহ্বান তাৎক্ষণিক হিংসাৰ বাবে কাৰ্যকৰী। প্ৰতিবাদৰ ক্ষেত্ৰত, বিশেষকৈ যেতিয়া হাজাৰ হাজাৰ কনভয়ক যথেষ্ট দূৰ-দূৰণিলৈ পৰিবহন কৰা হয়, সংগঠন, সমন্বয়ৰ লগতে অপৰিসীম লজিষ্টিক বেকআপৰ প্ৰয়োজন হয়।
প্ৰতিবাদকাৰীসকলৰ থকা-খোৱাৰ ব্যৱস্থা কৰা (বতৰৰ কথা বিবেচনা কৰি), তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে কোনো প্ৰকাৰে মূল্য দিয়াটোও জৰুৰী হৈ পৰে ৷ প্ৰতিবাদত অংশগ্ৰহণকাৰীসকল ইমৰানৰ অন্ধ অনুগামী হ'ব পাৰে কিন্তু তেওঁলোকে এই কথাও লগতে জানে যে ৰাষ্ট্ৰতন্ত্ৰৰ পদক্ষেপৰ ফলত তেওঁলোক গ্ৰেপ্তাৰ হ'ব পাৰে, প্ৰাণ হেৰুৱাব পাৰে বা অংগক্ষত হ'ব পাৰে আৰু লগতে প্ৰতিবাদৰ সময়ছোৱাত উপাৰ্জনবিহীন হৈ পৰিব পাৰে।
সেয়েহে এইক্ষেত্ৰত, তেওঁলোকক মাত্ৰ অনুপ্ৰেৰণাতকৈ অধিক কিবা এটাৰ প্ৰয়োজন। তেওঁলোকক যথোচিত মূল্য দিব লাগিব। ২০২০ চনৰ কৃষক আন্দোলনৰ সময়ত ভাৰতে একেই স্থিতি প্ৰত্যক্ষ কৰিছিল, য'ত উত্তৰ আমেৰিকাত অৱস্থিত ভাৰত বিৰোধী সংগঠনবোৰৰ পৰা পুঁজি প্ৰবাহিত হৈছিল। ইমৰান খান বা তেওঁৰ দলৰ সদস্যসকলে এই প্ৰতিবাদবোৰ প্ৰদৰ্শন কৰিবলৈ তেওঁলোকৰ নিজা পুঁজি বিনিয়োগ নকৰে কিয়নো সফলতাৰ সম্ভাৱনা সদায় সন্দেহজনক।
ইয়াৰ উপৰিও, প্ৰত্যক্ষভাৱে জড়িত হোৱা আৰু পৰৱৰ্তী সময়ত বিফলতাই তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰৰ সমাপ্তিৰ সংকেত কঢ়িয়াই আনিব পাৰে। আহ্বান হয়তো ইমৰানে এতিয়া দিব পাৰে কিন্তু পৰিকল্পনাটো সম্ভৱত আগৰ পৰাই চলি থকা।
প্ৰশ্ন হয় যে এই পুঁজিবোৰ ক'ৰ পৰা যোগান ধৰা হৈছে। ইমৰান খানে এক্স-ত পোষ্ট কৰিছিল, 'মই বিশ্বজুৰি থকা প্ৰবাসী পাকিস্তানীসকলক ধন্যবাদ জনাইছো, যিসকলে কেৱল পাকিস্তানীসকলক একত্ৰিত কৰা আৰু পুঁজি যোগান ধৰাই নহয়, তেওঁলোকৰ নিজ নিজ দেশত ঐতিহাসিক প্ৰতিবাদও কৰিছে।' এইটো স্পষ্ট যে পাকিস্তানত অৰাজকতাৰ ৰাজত্ব হ'লে লাভ কৰিব পৰা লগতে যদি ইমৰান ৰাষ্ট্ৰপ্ৰধান হয় তেন্তে লাভান্বিত হোৱা উৎসৰ পৰা পুঁজি উদ্ভৱ হ'ব লাগিব।
ভাৰত হৈছে সেই ৰাষ্ট্ৰ যাক পাকিস্তানৰ নেতৃত্বই প্ৰথমে দোষাৰোপ কৰিব। সত্যটো হৈছে যে ইমৰানৰ কাৰ্যকালত ভাৰত-পাক সম্পৰ্কৰ অৱনতি বৃদ্ধি পাইছিল। ইমৰানেহে উচ্চায়ুক্তসকলক প্ৰত্যাহাৰ কৰিছিল আৰু আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে অনুচ্ছেদ ৩৭০ পুনৰ স্থাপন কৰাৰ দৰে অগ্ৰহণযোগ্য চৰ্ত ৰাখিছিল। সেয়েহে ইমৰানৰ প্ৰতি ভাৰতৰ কোনো প্ৰেম নাই। তদুপৰি, পাকিস্তানত অৰাজকতা, ভাৰতৰ বাবে ভাল নহয়।
চীন বা পশ্চিম এছিয়াৰ ৰাষ্ট্ৰসমূহেও পাকিস্তানত অস্থিৰতা অব্যাহত থকাটো নিবিচাৰে। পাকিস্তানত অস্থিৰতাই চীনৰ দ্বাৰা পুঁজি যোগান ধৰা CPEC (চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ)ৰ প্ৰতি ভাবুকি বৃদ্ধি কৰে। প্ৰতিবাদ নিয়ন্ত্ৰণত ৰাষ্ট্ৰযন্ত্ৰ জড়িত হোৱাৰ ফলত বিভিন্ন প্ৰকল্পত নিয়োজিত চীনা নাগৰিকৰ ওপৰত অধিক আক্ৰমণৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা তৈৰী হ’ব পাৰে। অৱশ্যে, চিপিইচিৰ বিফলতা নিশ্চিত কৰিবলৈ বা চীনক পাকিস্তানৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰি লজ্জিত কৰাৰ বাবে নিহিত স্বাৰ্থই কাম কৰি আছে।
একমাত্ৰ পক্ষ যি পাকিস্তানৰ অস্থিৰতাৰ ফলত লাভান্বিত হ'ব, চীনক হেয় কৰিব পাৰিব, লগতে এক অসুৰক্ষিত দক্ষিণ এছিয়া সৃষ্টি কৰিব পাৰিব সেয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গভীৰ ৰাষ্ট্ৰতন্ত্ৰ। দেশখনে একাধিক প্ৰচেষ্টাৰ পিছতো ভাৰতত নেতৃত্ব সলনি কৰাত ব্যৰ্থ হৈছে আৰু লগতে দেশত অৰাজকতাৰ স্তৰ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰচেষ্টাবোৰ বাৰে বাৰে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিছে। ৰণনীতিৰ পৰিৱৰ্তন হ'ব পাৰে - ভাৰতৰ চুবুৰীয়া অঞ্চলত অনিশ্চয়তা বৃদ্ধি কৰা, ইয়াৰ নিৰাপত্তাৰ চিন্তা বৃদ্ধি কৰা। ই তেতিয়া ভাৰতক লক্ষ্য কৰি ল’বলৈ এই পৰিস্থিতিবোৰক ব্যৱহাৰ কৰিব পাৰে।
আমেৰিকা বাংলাদেশত ইয়াৰ প্ৰচেষ্টাত সফল হৈছে, ভাৰতপন্থী শ্বেখ হাছিনা শাসনক উৎখাত কৰিছে, মহম্মদ ইউনুছৰ অধীনত এক পুতলা চৰকাৰ জাপি দিছে, যিয়ে বৰ্ধিত ইছলামীকৰণ আৰু সংখ্যালঘুসকলৰ ওপৰত চলা আক্ৰমণক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। বাংলাদেশত অস্থিৰতা আৰু ইয়াৰ সেনাই বৰ্ধিত ঘৃণা আৰু হিংসা নিয়ন্ত্ৰণত জড়িত হোৱাৰ সময়ত, ভাৰতৰ সৈতে লাগি থকা সীমান্তৱৰ্তী অঞ্চলবোৰ এতিয়া ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত অস্থিৰতা বৃদ্ধিৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল হৈ পৰিব পাৰে। দেশৰ ভিতৰত বৰ্ধিত দৰিদ্ৰতাৰ ফলস্বৰূপে, ভাৰতলৈ অবৈধ প্ৰব্ৰজন বৃদ্ধি হ'ব, যাৰ ফলত ভাৰতৰ জনগাঁথনি সলনি হোৱাৰ আশংকা আছে।
পাকিস্তানতো একে ধৰণৰ দৃশ্যপট পৰিলক্ষিত হৈছে। বৰ্ধিত অৰাজকতাই চৰকাৰক অত্যধিক বল প্ৰয়োগ কৰিবলৈ হেঁচা দিয়াৰ ফলত পৰিস্থিতি অস্থিৰ হ'ব পাৰে। সেনা, যি হৈছে কাৰ্যকৰী শাসক, প্ৰভাৱশালী ইমৰানক শাসনৰ পথ এৰি দিয়াৰ সম্ভাৱনা নাই। ইমৰানৰ পক্ষত আৰু বৰ্তমানৰ শাসনৰ অপসাৰণৰ সপক্ষে সেনাৰ সৈতে হোৱা বিদ্ৰোহে দেশখনক বিশৃংখলতাৰ মাজলৈ নিক্ষেপ কৰিব পাৰে।
এইটো আমেৰিকাৰ পক্ষে এটা অনুকূল দৃশ্যপট । ইমৰানে স্বৈৰাচাৰী শক্তিৰ সৈতে ৰাষ্ট্ৰপ্ৰধান হিচাপে আত্মপ্ৰকাশ কৰিব। অৱশ্যে, পৰিৱৰ্তনটো হিংসাত্মক হ'ব, যাৰ ফলত পাকিস্তানে এক অৰ্থনৈতিক অতল গহ্বৰলৈ গতি কৰিব।
সেয়েহে বৰ্তমানৰ প্ৰতিবাদৰ জুই নিয়ন্ত্ৰণ কৰাটো অত্যাৱশ্যকীয়। যদি পাকিস্তানে ভৱিষ্যতৰ প্ৰতিবাদবোৰ (এইটোৱেই শেষ নহয়) প্ৰতিহত কৰিব বিচাৰে, তেনেহ'লে এনে আন্দোলনক সমৰ্থন কৰাৰ বাবে পুঁজি ক'ৰ পৰা প্ৰবাহিত হৈছে সেয়া মূল্যায়ন কৰিব লাগিব। দেশখনে ইয়াৰ ভাৰতক দোষাৰোপ কৰাৰ অভ্যাস পৰিহাৰ কৰা উচিত আৰু ইমৰানৰ প্ৰত্যাৱৰ্তন আৰু সমস্যাজৰ্জৰ দক্ষিণ এছিয়াৰ পুনৰ উত্থানত লাভান্বিত হোৱাসকলক হে চিনাক্ত কৰিব লাগে।
স্পষ্টৰূপে, বাহিৰৰ পুঁজি যোগান জড়িত থাকিব লাগিব। ভাৰতে হাৱালা পুঁজিৰ প্ৰবাহ বন্ধ কৰি আমেৰিকাৰ প্ৰচেষ্টা বন্ধ কৰিবলৈ সক্ষম হৈছে। পাকিস্তানেও তেনে কৰিব পাৰিবনে।
লগতে পঢ়ক: 15 অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া SCO বৈঠকৰ পূৰ্বে অশান্ত আয়োজক পাকিস্তান
(স্পষ্টীকৰণ: এই লেখত প্ৰকাশ কৰা মতামতবোৰ সম্পূৰ্ণৰূপে লেখকৰ। ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)