ETV Bharat / opinion

ইৰাণে ইজৰাইলৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ নচলোৱাৰ কাৰণ কি - Israel Iran Conflict - ISRAEL IRAN CONFLICT

Israel Iran conflict : যুদ্ধ কাৰোৰে কাম্য নহয় । কিন্তু বহুতে আকৌ যুদ্ধৰ বাবে অপেক্ষাও কৰি থাকে । এইসকল লোকৰ বাবে যুদ্ধৰ অপেক্ষা ক্লান্তিকৰ হ'ব পাৰে । কিয়নো তেওঁলোকে বিবাদৰ ওপৰত বিশ্লেষণ কৰি ভালপায় আৰু ইয়াৰ ওপৰত অতি নিকৃষ্ট প্ৰতিবেদন প্ৰকাশ কৰি জীৱিকা নিৰ্বাহ কৰে । তেনে এক উৎকণ্ঠায়ে সেইসকল ব্যক্তিক আচ্ছন্ন কৰি ৰাখিছে, যিসকলে তেহৰাণ ভ্ৰমণৰ সময়ত হামাছ নেতা ইছমাইলী হানিয়েহক হত্যাৰ অভিযোগত ইৰাণে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ ল'লে পশ্চিম এছিয়া হিংসা আৰু উত্তেজনাৰ চূড়ান্ত শিখৰত উপনীত হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল । এই বিষয়ত সঞ্জয় কাপুৰৰ এক বিশেষ প্ৰতিবেদন ।

Israel Iran Conflict
প্ৰতিনিধিত্বমূলক ফটো (AP Photo)
author img

By Sanjay Kapoor

Published : Sep 5, 2024, 12:08 AM IST

ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠান উদযাপনৰ বাবে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হামাছ নেতা ইছমাইলী হানিয়েহ তেহৰাণত উপস্থিত হৈছিল । কিন্তু সেই সময়তে হানিয়েহক ৰহস্যজনকভাৱে হত্যা কৰা হয় । হানিয়েহক হত্যাৰ এমাহৰো অধিক সময় অতিক্ৰম কৰিলে । কিন্তু তেহৰানে ইয়াৰ প্ৰতিশোধত ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিবলৈ দেশখনৰ বহুচৰ্চিত অস্ত্ৰাগাৰ আৰু সামৰিক ৰণনীতি প্ৰয়োগ কৰিবনে নাই তাৰ ওপৰত এতিয়ালৈকে কোনো ধাৰণা স্পষ্ট হোৱা নাই ।

আনহাতে, ইৰাণ প্ৰৰোচিত হোৱাৰ বহুতো কাৰণ আছে । ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক সামৰ্থ্য হ্ৰাস কৰি আহিছে । ইফালে ২০২০ চনলৈকে ১০ বছৰত ইৰাণৰ ছয়গৰাকী বিজ্ঞানীক হত্যা কৰা হৈছে । আটাইতকৈ চাঞ্চল্যকৰ ঘটনাটো আছিল বিখ্যাত পাৰমাণৱিক বিজ্ঞানী মহচেন ফাক্ৰিজাদেহক ২০২০ চনত উপগ্ৰহ নিয়ন্ত্ৰিত মেচিনগানৰ দ্বাৰা হত্যা কৰা ঘটনাটো । আনহাতে, ইৰাণৰ ৰিভলুচনাৰী গাৰ্ডৰ (Iran’s revolutionary guards, IRGC) এক সুৰক্ষিত অতিথিশালাত থকা অৱস্থাত হানিয়েহক হত্যা কৰাৰ ক্ষেত্ৰতো একে ধৰণৰ ৰণনীতি ব্যৱহাৰ কৰা হৈছিল ।

লগতে পঢ়ক :চীনক প্ৰতিহত কৰিবলৈ ভাৰত আৰু জাপানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক - India and Japan join hands

বাগদাদ বিমানবন্দৰত আই আৰ জি চিৰ মুৰব্বী কাচেম চুলেইমানীৰ হত্যাৰ পিছত ইৰাণে পশ্চিম এছিয়াত আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে প্ৰতিশোধ লৈছিল । পৰৱৰ্তী সময়ত ২০২৪ চনৰ এপ্ৰিল মাহত ইজৰাইলে চিৰিয়াৰ ডামাস্কাছত থকা ইৰাণী দূতাবাস উৰুৱাই দিয়াৰ অভিযোগ উত্থাপন হয় আৰু দুগৰাকী শীৰ্ষ সেনা বিষয়া আৰু ইৰাণৰ কুৰ্দিছ বাহিনীৰ আন পাঁচজন সদস্যক হত্যা কৰে । ওম আক্ৰমণতো ইৰাণ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল । ফলত ইৰাণে যথেষ্ট আলোচনাৰ পিচতহে ইজৰাইলৰ ওপৰত বোমা বিস্ফোৰণ কৰিবলৈ ড্ৰোণ আৰু মিছাইল ব্যৱহাৰ কৰিছিল । অৱশ্যে ৰক্তপাত নোহোৱাকৈ ই টেল আভিভক আঘাত কৰিছিল । ইয়াৰ দ্বাৰা ইৰাণে প্ৰেৰণ কৰা বাৰ্তাটো আছিল যে যদি আপোনালোকে পুনৰ এনে ঘটনা সংঘটিত কৰে, তেন্তে দেশখনৰ বাবে ইয়াতকৈ বেয়া পৰিণতি অপেক্ষা কৰি আছে ।

ইফালে ইৰাণৰ এই প্ৰতিশোধৰ ভাবুকিত বেপৰোৱা ইজৰাইলে ইৰাণক এই অঞ্চলটোত এক অস্থিৰতা সৃষ্টিকাৰী হিচাপে বদনাম কৰিবলৈ নিজৰ এজেণ্ডাক আগবঢ়াই লৈ গৈছে । একে সময়তে ইৰাণৰ কেইজনমান শীৰ্ষ সামৰিক আৰু চোৰাংচোৱা নেতাক হত্যা কৰাৰো অভিযোগ উত্থাপিত হৈছে । হানিয়েহৰ হত্যাই ইৰাণৰ প্ৰতিচ্ছবিক আঘাত কৰে । কিয়নো এই হত্যাকাণ্ড তেহৰাণত সংঘটিত হৈছিল । নিঃসন্দেহে ই দেশখনৰ সাৰ্বভৌমত্বক ক্ষুণ্ণ কৰিছিল আৰু অতিথিৰ যত্ন লোৱাৰ বাবে দেশখনৰ ব্যৱস্থাক পৰ্যাপ্ত নহয় বুলি প্ৰতিপন্ন কৰি তুলিছিল । কিয়নো পৰৱৰ্তী সময়ত বহুতে ভাবিব পাৰে যে যদি তেওঁলোক তেহৰানলৈ যায়, তেন্তে তেওঁলোকক ইৰাণে সুৰক্ষিত কৰিব পাৰিবনে নোৱাৰে ।

এই বিষয়বোৰৰ কথা মনত ৰাখিয়ে পশ্চিম এছিয়াৰ বহুতো পৰ্যবেক্ষকক এই দিশত সঁচাকৈয়ে বিস্মিত কৰি তুলিছে যে ইৰাণে এনে সময়তো ইজৰাইলৰ ওপৰত কিয় আক্ৰমণ কৰা নাই । কিয়নো গাজা আৰু বৰ্তমান পশ্চিম তীৰত পেলেষ্টাইনৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধৰ দ্বাৰা টেল আভিভ বিচলিত হৈ আছে । ইৰাণী বাহিনীয়ে সাগৰৰ পৰা হুথি, লেবাননৰ হিজবুল্লা আৰু পেলেষ্টাইনৰ হামাছৰ সৈতে তেওঁলোকৰ বিৰুদ্ধে যুঁজি থকা শত্ৰুৰ সৈতে যুঁজ দিয়াৰ কোনো অৰ্থ নাথাকিব নেকি ?

লগতে পঢ়ক :বাংলাদেশত স্থগিত হ'ব নেকি দ্বিপাক্ষিক প্ৰকল্পসমূহ ? ভাৰতৰ বাবে চিন্তাৰ কাৰণ কি - India Bangladesh ties

ইৰাণৰ যুদ্ধৰ মানসিকতা সত্ত্বেও এইটো স্পষ্ট যে দেশখনৰ নেতৃত্বই ইজৰাইলৰ প্ৰতি আমেৰিকাৰ সমৰ্থনক গুৰুত্বসহকাৰে লৈছে । তেওঁলোকে জানে যে ইজৰাইলৰ সৈতে যুঁজ দিয়াৰ অৰ্থ কেৱল তেওঁলোকৰ সেনাৰ সৈতে যুঁজ দিয়াই নহয়, ইয়াৰ অৰ্থ হ'ব আমেৰিকা আৰু অন্যান্য নাটো শক্তিকো প্ৰত্যাহ্বান জনোৱা । কিয়নো ড্ৰোণ নিৰ্মাণত যথেষ্ট আগবাঢ়ি যোৱা সত্ত্বেও নিষেধাজ্ঞাৰ দ্বাৰা ইৰাণ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, মানসম্পন্ন অতিৰিক্ত সামগ্ৰীৰ অভাৱত দেশখনৰ বিমান আৰু সামৰিক শক্তি হ্ৰাস পাইছে । আনকি অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰতো বিশ্বৰ সৰ্বাধিক দুৰ্ঘটনাৰ হাৰৰ ৰেকৰ্ড আছে ।

এই লেখকে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত বিমানত আৰোহণৰ পূৰ্বে বহু যাত্ৰীক প্ৰাৰ্থনা কৰা প্ৰত্যক্ষ কৰিছিলো । এয়া তেওঁলোকে কি কৰি আছে বুলি সোধাত এজনে এইদৰে উত্তৰ দিছিল, "আমি জানো যে বিমানখন উৰা মাৰিব, কিন্তু ই ক'ত আৰু কেতিয়া অৱতৰণ কৰিব সেইটো নাজানো ।" দৃশ্যমানভাৱে পশ্চিমীয়া নিষেধাজ্ঞাৰ ফলত গুণগত মানৰ স্পেয়াৰ পাৰ্টছৰ অভাৱে দেশখনত বিমান ভ্ৰমণৰ ক্ষেত্ৰত আপোচ কৰিবলগা হৈছে ।

আমেৰিকাই ইয়াৰ বিমান বাহক যেনে ইউ এছ এছ আব্ৰাহাম লিংকন, শ শ এফ-16 আৰু অত্যাধুনিক যুঁজৰ সঁজুলি স্থানান্তৰ কৰিছে । ৰাছিয়া আৰু চীনৰ সমৰ্থন অবিহনে আমেৰিকাৰ অগ্নি শক্তিক প্ৰত্যাহ্বান জনোৱাটো ইৰাণৰ বাবে আত্মঘাতী হ'ব । সঁচা অৰ্থত ক'বলৈ গ'লে, ৰাছিয়াই তেহৰানৰ প্ৰতিৰক্ষা বৃদ্ধি কৰি আহিছে আৰু পশ্চিমীয়া নিষেধাজ্ঞাৰ ফলত হ্ৰাস হোৱা এখন দেশক সকাহ প্ৰদান কৰি আহিছে । কিন্তু ইৰাণৰ দৰে সভ্যতাৰ দেশক সুৰক্ষা দিয়াৰ লগতে ইজৰাইলৰ দৰে সামৰিক শক্তিক মোকাবিলা কৰাৰ বাবে ই যথেষ্ট হ'বনে ?

লগতে পঢ়ক :বেলুচিস্তান আৰু বিচ্ছিন্নতাবাদ : বেলুচ জনজাতিৰ বেদনাভৰা ইতিহাস - Baloch separatism issue

এইটো অৱশ্যে স্পষ্ট নহয় । কিন্তু ইজৰাইলে সম্পূৰ্ণ যুদ্ধলৈ নোযোৱাকৈয়ে ইৰাণক আঘাত কৰিব বিচাৰে । অতীজত দুয়োখন দেশে প্ৰথমে আল কায়দা আৰু তাৰ পিচত ইছলামিক ৰাষ্ট্ৰৰ ভাবুকি গ্ৰহণ কৰিবলৈ সহযোগিতা কৰিছিল । দুয়োটা সত্তাই আৰব বিশ্বৰ চুন্নী আধিপত্য বিচাৰিছিল আৰু ইছলামিক অঞ্চলৰ লগতে বাকী অঞ্চলত ইৰাণৰ প্ৰভাৱ হ্ৰাস কৰিছিল ।

এনে কিছু লোকো আছে যিসকলে দাবী কৰে যে ইজৰাইল আৰু আমেৰিকাই ইৰাণত বোমা নিক্ষেপ নকৰে, যাৰ ভিতৰত ইস্ফাহান আৰু দেশৰ অন্যান্য চহৰত অৱস্থিত স্থাপত্য অতি চমৎকাৰী । ইয়াৰ কাৰণটো তেনেই সৰল- ইৰাণত ইৰাণী ইহুদীসকলৰ সমৰ্থকৰ এটা ডাঙৰ লবি আছে, যিয়ে তেওঁলোকৰ মূল দেশখন উচ্চ প্ৰযুক্তিৰ বোমা আৰু ক্ষেপণাস্ত্ৰৰ দ্বাৰা ধ্বংস হোৱাটো নিবিচাৰে ।

ইৰাণক বোমাৰ পৰা সুৰক্ষিত ৰখা হৈছে, কিন্তু সংবাদ মাধ্যমত কৰা অবিৰাম সমালোচনাৰ পৰা নহয় । এই ইৰাণীসকলৰ বহুতে মহিলাসকলক পুৰণি মূল্যবোধত আবদ্ধ ৰখাৰ বাবে ইছলামিক মৌলবাদীসকলৰ বিৰুদ্ধে আমেৰিকাত এক অভিযান চলাই আছে । কিয়নো ইৰাণত মহিলাসকলক হিজাব পিন্ধিবলৈ বাধ্য কৰোৱা হৈছে আৰু তেওঁলোকক ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ কৰি ৰখা হৈছে ।

ইৰাণ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজত আছে । দেশখনৰ সংস্কাৰী মনৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান পশ্চিমীয়া দেশৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহী আৰু সমাজৰ পুনৰ নিৰ্মাণৰ বাবে সহায় বিচাৰিবলৈ চেষ্টা কৰি আছে । এইখন সম্ভৱত পৃথিৱীৰ একমাত্ৰ দেশ, য'ত প্ৰতি দুজন যুৱকৰ ভিতৰত এজনে বিদেশত সুযোগ অন্বেষণ কৰিবলৈ দেশ এৰিব বিচাৰে । নতুন ৰাষ্ট্ৰপতিয়ে দেশখনত এই ব্ৰেইন ড্ৰেইন আৰু প্ৰতিভাৰ বহিঃগমন প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব বিচাৰিব । ইয়াৰ অৰ্থ হৈছে বোমাবৰ্ষণ কৰি ইজৰাইলৰ ওপৰত প্ৰতিশোধ লোৱাৰ পৰা বিৰত থকা আৰু যুদ্ধ, ৰক্তপাত আৰু উত্তেজনা বিচাৰি থকা পৰিৱেশ বিশ্লেষকসকলৰ অপেক্ষাৰ সমাপ্তি ঘটোৱা ।

লগতে পঢ়ক :ইজৰাইল আৰু হামাছৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ ফিলাডেলফি কৰিডৰ ? - Philadelphi Corridor

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.