ETV Bharat / opinion

পাম্বন সেতু: ভাৰতীয় অভিযান্ত্ৰিক বিদ্যা আৰু স্থাপত্য কলাৰ এক আশ্চৰ্যকৰ নিদৰ্শন

2.3 কিলোমিটাৰ জুৰি বিস্তৃত এই দলংখনে ৰামেশ্বৰম দ্বীপ আৰু ভাৰতৰ বাকী অংশৰ মাজত এক গুৰুত্বপূৰ্ণ গতিশীলতাৰ সংযোগ প্ৰদান কৰে।

author img

By Milind Kumar Sharma

Published : 2 hours ago

ETV Bharat
পাম্বন সেতু (ETV Bharat)

চেন্নাই: ভাৰতৰ কেইখনমান দলং, যেনে- বান্দ্ৰা-ৱৰ্লি ছী লিংক (5.6 কিমি দীঘল, জলস্তৰৰ পৰা 126 মিটাৰ ওখ), হাজিৰা ক্ৰীক ব্ৰীজ (1.4 কিমি দীঘল, জলস্তৰৰ পৰা 25 মিটাৰ ওপৰত), ভাইজাগ-সীথামপেটা ৰেলৱে দলং ( 2.3 কিমি দীঘল, জলস্তৰ পৰা উচ্চতা 20 মিটাৰ) আৰু নিৰ্মিয়মাণ মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (21.8 কিমি দীঘল, জলস্তৰৰ পৰা 25 মিটাৰ ওখ), চেনাব নদী ৰে’লৱে দলং (1.3 মিটাৰ দীঘল,পানীৰ স্তৰৰ পৰা 359 মিটাৰ ওপৰত) ইত্যাদি দেশখনৰ অসামৰিক অভিযান্ত্ৰিক আৰু স্থাপত্য ক্ষমতাৰ প্ৰমাণ।

এই দলংবোৰে এনে প্ৰকল্পসমূহৰ বাস্তৱায়নৰ ক্ষেত্ৰত অজস্ৰ কাৰিকৰী প্ৰত্যাহ্বান আৰু ভৌগোলিক সীমাবদ্ধতাৰ সন্মুখীন হোৱা স্বত্বেও অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু উদ্ভাৱনীমূলক আৰ্হিক দাঙি ধৰে।

ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ এই সকলোবোৰ প্ৰকল্পৰ ভিতৰত, তামিলনাডু ৰাজ্যত অৱস্থিত এক অভিযান্ত্ৰিক আশ্চৰ্য পাম্বন ৰেলৱে দলঙে এক বিশেষ স্থান দখল কৰিছে কিয়নো ই হৈছে অভিযান্ত্ৰিক কলাৰ এক উল্লেখযোগ্য উপলব্ধি যিয়ে ৰামেশ্বৰম চহৰক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে।

ETV Bharat
পাম্বন সেতু (ETV Bharat)

2.3 কিলোমিটাৰ জুৰি বিস্তৃত এই দলংখনে ৰামেশ্বৰম দ্বীপ আৰু মূল ভূখণ্ডৰ মাজত এক গুৰুত্বপূৰ্ণ গতিশীলতাৰ সংযোগ প্ৰদান কৰে। সেই সময়ৰ আটাইতকৈ দীঘল সাগৰীয় দলংসমূহৰ ভিতৰত এক এই পাম্বন ৰেলৱে দলংখন 1914 চনত ব্ৰিটিছ ঔপনিৱেশিক কৰ্তৃপক্ষই সামগ্ৰী আৰু সেৱা পৰিবহনৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছিল আৰু ইয়াক জাৰ্মান অভিযন্তাসকলৰ দ্বাৰা ডিজাইন কৰা হৈছিল আৰু সম্পূৰ্ণৰূপে নিৰ্মাণ হ'বলৈ প্ৰায় পাঁচ বছৰ সময় লাগিছিল।

দলংখনৰ ভাৰ 145 টা কংক্ৰিট খুঁটাই বহন কৰে, যাৰ প্ৰতিটো খুঁটাৰ মাজৰ ব্যৱধান 15 মিটাৰ । দলংখনৰ বিশেষত্ব হ’ল যে সাগৰপৃষ্ঠৰ পৰা 12 মিটাৰ উচ্চতাৰ সৰ্বোচ্চ সীমাৰ সৈতে ই ইয়াৰ তলেৰে জাহাজ আৰু নাওৰ চলাচলৰ সুবিধা প্ৰদান কৰে। দলংখনৰ চুই জেনেৰিয়াছ লিফ্ট ব্যৱস্থাই দলংখনৰ মাজৰ অংশটোক দাঙি ধৰি ইয়াৰ তলেৰে জাহাজবোৰক চলাচল কৰিবলৈ সুবিধা দিয়ে, যি কাৰণে এই দলং প্ৰযুক্তিগত ডিজাইন আৰু অভিযান্ত্ৰিক কলাৰ এক উল্লেখযোগ্য উপলব্ধি হিচাপে পৰিগণিত হৈছে। ই কেৱল বাণিজ্য, ব্যৱসায় আৰু অৰ্থনীতিৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, লগতে বিখ্যাত ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰা তীৰ্থযাত্ৰীসকলৰ বাবে মসৃণ চলাচলৰ পথো প্ৰশস্ত কৰে।

ETV Bharat
পাম্বন সেতু- ফাইল চিত্ৰ (ANI)

দলংখনে পৰ্যটনৰ জৰিয়তে স্থানীয় অৰ্থনীতিক সহায় কৰাৰ লগতে সাগৰীয় খাদ্য, বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী পৰিবহন সক্ষম কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তথাপিও, শেহতীয়া সময়ত, পাম্বন ৰে'লৱে দলংখনে ক্ষয়, গাঁথনিগত ক্ষতি, ফাট আৰু অন্যান্য বহুতো ৰক্ষণাবেক্ষণৰ সমস্যাৰ বাবে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

এই ক্ষেত্ৰত উদ্বেগবোৰ সমাধান কৰিবলৈ, এইটো প্ৰশংসনীয় যে ভাৰতীয় ৰে'লৱেই সময়সাপেক্ষে কেইবাটাও উন্নীতকৰণৰ পদক্ষেপ আৰু নৱীকৰণ প্ৰকল্প হাতত লৈছে, যাৰ ভিতৰত আছে দলংখনৰ লিফ্ট ব্যৱস্থা সলনি কৰা আৰু বহনক্ষমতা বজায় ৰখাৰ বাবে দলংখনৰ গাঁথনিৰ পুনৰীক্ষণ কৰা।

এই কথা কোৱাটো অত্যুক্তি নহ’ব যে পাম্বন ৰেলৱে দলং হৈছে এক প্ৰতিষ্ঠিত স্মাৰক আৰু এক অভিযান্ত্ৰিক আশ্চৰ্য যিয়ে সময়ৰ পৰীক্ষাত সগৌৰৱে থিয় হৈ আহিছে। ইয়াৰ নিৰ্মাণ আৰু তত্বাৱধানে ৰামেশ্বৰমক মূল ভূখণ্ডলৈ সংযোগ কৰা, স্থানীয় অৰ্থনীতিক সমৰ্থন কৰা আৰু তীৰ্থযাত্ৰাৰ সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিছে।

ETV Bharat
পাম্বনৰ ৰে'লৱে দলংখন 2023 চনত ৰামনাথপুৰমৰ ৰামেশ্বৰমত মাছ ধৰা নাওৰ যাতায়তৰ বাবে দাঙি দিয়াৰ দৃশ্য। (ANI)

ভাৰতে ইয়াৰ আন্তঃগাঁথনি বিকাশ অব্যাহত ৰখাৰ সময়ত, পাম্বন ৰে'লৱে দলং হৈছে অভিযান্ত্ৰিক উৎকৰ্ষতাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক আৰু মানৱ বুদ্ধিদীপ্ততাৰ এক উৎকৃষ্ট প্ৰমাণ । এই দলংখনে ভাৰতীয় ৰে'লৱেৰ দ্বাৰা "বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় ৰেলৱে দলং" হিচাপে স্বীকৃতি পোৱাৰ ওপৰিও বিভিন্ন প্ৰসিদ্ধ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অভিযান্ত্ৰিক আৰু স্থাপত্য বিষয়ক প্ৰকাশনপুথিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

72 মিটাৰ উলম্ব লিফ্ট ক্ষমতাৰ সৈতে ইয়াৰ উচ্চতা বৃদ্ধিৰ জৰিয়তে আৰু ডাঙৰ আকাৰৰ বাণিজ্যিক জাহাজসমূহক যাতায়তৰ সুবিধা দিয়াৰ লক্ষ্যৰে এই দলংখনৰ আধুনিকীকৰণৰ পদক্ষেপে যোগাযোগ ব্যৱস্থাক অধিক গতিশীলতা প্ৰদান আৰু বাণিজ্যিক সংযোগৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও, প্ৰস্তাৱিত ৰামেশ্বৰম-ধনুষকোডি ৰে'লপথৰ সৈতে ইয়াৰ একত্ৰীকৰণ সমগ্ৰ দাক্ষিণাত্যৰ বাবে এক যুগান্তকাৰী পৰিৱৰ্তন হিচাপে প্ৰমাণিত হ'ব পাৰে। নিঃসন্দেহে, ই 2047 চনৰ ভিতৰত ভাৰতৰ বিকশিত ভাৰত হোৱাৰ উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে।

লগতে পঢ়ক: বলবিহীন ন্যায় শক্তিহীন, ন্যায় অবিহনে বল অত্যাচাৰী - JUSTICE AND FORCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.