ETV Bharat / opinion

বৃহস্পতিবাৰেই কিয় অনুষ্ঠিত হয় ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন ? - Significant of UK General Election

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:05 PM IST

Historic Significant of UK General Election : ঐতিহাসিকভাৱে ব্ৰিটেইনৰ নিৰ্বাচনত ভোটাৰসকলে বৃহস্পতিবাৰে ভোট দিয়াটো সুবিধাজনক আছিল । কিয়নো এইটো আছিল এটা বজাৰ বাৰ আৰু তেওঁলোকে বহু চহৰৰ কেন্দ্ৰীয় স্থানত বজাৰ কৰিবৰ বাবে একত্ৰিত হৈছিল । উল্লেখ্য, গণতন্ত্ৰত প্ৰতিটো ভোটেই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেয়ে দ্বীপৰাষ্ট্ৰখনৰ বাবেও এইটো গুৰুত্বপূৰ্ণ আৰু সমৃদ্ধ ভাৰতীয় প্ৰবাসীসকলৰ ক্ষেত্ৰতো ই প্ৰযোজ্য । ই টিভি ভাৰতৰ চন্দ্ৰকলা চৌধুৰীৰ এই বিষয়ত বিশেষ প্ৰতিবেদন ।

Historic Significant of UK General Election
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৩ জুলাই : ২০২৪ চনৰ ৪ জুলাইত সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে ব্ৰিটেইন । পূৰ্বনিৰ্ধাৰিত তাৰিখত ৰাষ্ট্ৰখনে সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুত হোৱাৰ সময়তে এক আকৰ্ষণীয় প্ৰশ্ন উত্থাপিত হৈছে । সেয়া হৈছে ব্ৰিটেইনত সদায় কিয় বৃহস্পতিবাৰেই সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় । উল্লেখ্য, ব্ৰিটেইনত পৰম্পৰাগতভাৱে বৃহস্পতিবাৰে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে । কিন্তু ইয়াৰ কাৰণ জানিবলৈ হ'লে আমি উভতি যাব লাগিব 1930-ৰ দশকৰ এক প্ৰথালৈ ।

সদায় বৃহস্পতিবাৰেই কিয় নিৰ্বাচন অনুষ্ঠিত হয় ?

ঐতিহাসিকভাৱে বৃহস্পতিবাৰ দিনটো প্ৰায়ে বহু চহৰৰ বাবে বজাৰৰ দিন । অৰ্থাৎ মানুহে এই দিনটোত ইতিমধ্যে বজাৰ কৰিবলৈ এক কেন্দ্ৰীয় স্থানত একত্ৰিত হ'ব । যাৰ ফলত তেওঁলোকৰ বাবে ভোট দিয়াটো সুবিধাজনক হ'ব । আমোদজনকভাৱে, বৃহস্পতিবাৰ দিনটো আছিল বহুতো শ্ৰমিকৰ বাবে বেতন লাভৰো এক সাধাৰণ দিন । সেয়েহে তেওঁলোকৰ আৰ্থিক সমস্যা কম হ'ব আৰু যাৰ বাবে তেওঁলোক ভোট দিবলৈ অধিক অনুপ্ৰেৰিত হ'ব । ইয়াৰ উপৰি বৃহস্পতিবাৰ দিনটো সপ্তাহান্তৰ পৰা যথেষ্ট দূৰৈত । সাধাৰণতে শুকুৰবাৰ, শনিবাৰ বা দেওবাৰ দিনকেইটা ধৰ্মীয় ৰীতি-নীতি পালনৰ দিন হোৱাৰ বাবে বৃহস্পতিবাৰ দিনটোৱে ইয়াৰে যিকোনো ক্লেশ পৰিহাৰ কৰে । আনহাতে, সপ্তাহৰ আৰম্ভণি বা শেষত নহয়, সপ্তাহটোৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল, ই অধিক ভোটদান নিশ্চিত কৰে । কিয়নো মানুহে ভ্ৰমণ বা দীঘলীয়া সপ্তাহান্তিক বিৰতি লোৱাৰ সম্ভাৱনা কম থাকে ।

মন কৰিবলগীয়া যে ২০২২ চনৰ অক্টোবৰ মাহৰ পৰা প্ৰধানমন্ত্ৰী হৈ থকা ঋষি সুনকে নিৰ্বাচনৰ তাৰিখ সম্পৰ্কে কেইবা মাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্তত নিৰ্বাচনৰ আহ্বান কৰিছে । এই নিৰ্বাচনৰ সময়সীমা আছিল ২০২৫ চনৰ জানুৱাৰী ।

কিন্তু ইয়াৰ পূৰ্বেই নিৰ্বাচনৰ দিন ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ৰজাই সংসদ ভংগ কৰাৰ অনুমতি দিছে আৰু নিৰ্বাচন ৪ জুলাইত অনুষ্ঠিত হ'ব । নিৰাপত্তা আৰু অৰ্থনীতি নিৰ্বাচনৰ দুটা মুখ্য ইছ্যু হ'ব বুলি ইংগিত দি সুনকে উল্লেখ কৰে যে এই নিৰ্বাচন এনে এক সময়ত অনুষ্ঠিত হ'ব, যিটো সময়ত শীতল যুদ্ধৰ সমাপ্তিৰ পিচত বিশ্বখন অধিক বিপজ্জনক হৈ উঠিছে ।

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় ভোট কিয় গুৰুত্বপূৰ্ণ ?

চলিত বৰ্ষৰ 4 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন হৈছে এক গুৰুত্বপূৰ্ণ ঘটনা, যিয়ে বছৰ ধৰি দেশৰ ৰাজনৈতিক গতিপথ গঢ়ি তোলাত সহায় কৰিব পাৰে । এই নিৰ্বাচনক প্ৰভাৱিত কৰা বিভিন্ন কাৰকৰ ভিতৰত ব্ৰিটিছ ভাৰতীয় ভোট বিশেষভাৱে প্ৰভাৱশালী ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মতে, ব্ৰিটেইনত ভাৰতীয় মূলৰ প্ৰায় 1.9 নিযুত লোকে বাস কৰে । ই হৈছে ইংলেণ্ড আৰু ৱেলছৰ মুঠ জনসংখ্যাৰ প্ৰায় 3.1% । ইয়াত অন্তৰ্ভুক্ত আছে অনাবাসী ভাৰতীয় (Non-Resident Indians, NRI) আৰু ভাৰতীয় মূলৰ ব্যক্তি (Persons of Indian Origin, PIO) দুয়োটা । আনহাতে, ভাৰতীয় সম্প্ৰদায় ইয়াৰ উচ্চ স্তৰৰ শিক্ষা, পেছাদাৰী সফলতা আৰু অৰ্থনৈতিক অৱদানৰ বাবে জনাজাত ।

ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এগৰাকী প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত অশোক সজ্জনহাৰে ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে । তেওঁ গণতন্ত্ৰত প্ৰতিটো ভোটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰে, বিশেষকৈ দেশখনৰ যথেষ্ট আৰু সমৃদ্ধ ভাৰতীয় প্ৰবাসীসকলৰ কথা বিবেচনা কৰি ।

সজ্জনহাৰে আঙুলিয়াই দিয়ে যে লেবাৰ আৰু কনজাৰভেটিভ দুয়োটা দলেই সক্ৰিয়ভাৱে ভাৰতীয় ভোটাৰসকলৰ মন জয় কৰিব বিচাৰিছে । তেওঁলোকৰ সমৰ্থনৰ সৈতে অহা সম্ভাৱ্য কূটনৈতিক আৰু বিত্তীয় সমৰ্থনক স্বীকৃতি দিছে । তদুপৰি, তেওঁ ১৪ বছৰীয়া শাসনকালৰ পিচত কনজাৰভেটিভ পাৰ্টীৰ বিৰুদ্ধে প্ৰতিষ্ঠান-বিৰোধী মনোভাব বৃদ্ধি হোৱাৰ কথাও স্বীকাৰ কৰে । লগতে ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ বাবে লেবাৰ পাৰ্টীৰ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে ।

"ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ ইণ্ডো-ইউ কে মুক্ত বাণিজ্য চুক্তিত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে । কিয়নো দুয়োপক্ষই এক লাভজনক প্ৰস্তাৱ আৰু এক মান সম্পন্ন চুক্তি বিচাৰে, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ উপাদান ।" এই কথা উল্লেখ কৰি ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে শক্তিশালী দ্বিপক্ষীয় সমৰ্থন নিশ্চিতভাৱে ব্ৰিটেইনত প্ৰসাৰিত হ'ব । ব্ৰিটেইনে কেতিয়াও ভাৰতৰ দৰে অংশীদাৰ বিচাৰি উলিয়াব নোৱাৰিব, যাৰ দ্বাৰা নিজৰ স্বাৰ্থ সুৰক্ষিত হয় আৰু অঞ্চলটোত চীনা প্ৰভাৱক প্ৰতিৰোধ কৰিব পাৰিব ।

শেহতীয়া তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে ব্ৰিটেইনত ভাৰতীয় পৰিয়ালবোৰ উচ্চ উপাৰ্জনকাৰী শ্ৰেণীত আছে । 2015-2018 চনৰ ভিতৰত 42 শতাংশই £1,000 বা অধিক সাপ্তাহিক উপাৰ্জন কৰিছে । লক্ষণীয়ভাৱে, জনসংখ্যাৰ এটা সৰু অংশক প্ৰতিনিধিত্ব কৰা সত্ত্বেও তেওঁলোকে ব্ৰিটেইনৰ জিডিপিত 6 শতাংশতকৈও অধিক অৰিহণা যোগায় ।

লগতে পঢ়ক :ব্ৰিটেইনৰ আগন্তুক নিৰ্বাচনত মুখ্য ভুমিকা কাৰ কাৰ ? - UK National Election
লগতে পঢ়ক :বাইডেনৰ ওপৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ প্ৰবল চাপ : অথচ তেওঁৰ স্থান ল'বলৈও আগ্ৰহী নহয় কোনো ডেম'ক্ৰেট - Joe Bidens President Debate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.