ETV Bharat / opinion

সীমান্ত টহলৰ ক্ষেত্ৰত ভাৰত-চীন চুক্তি; কিয় গুৰুত্বপূৰ্ণ ডেপচাং আৰু ডেমচোক

ভাৰত আৰু চীনৰ মাজত হোৱা সীমান্ত টহল চুক্তিত যদি লাডাখৰ ডেপচাং আৰু ডেমচোক অন্তৰ্ভুক্ত হয়, তেনেহ’লে ই এক ডাঙৰ সাফল্য। ইটিভি ভাৰতৰ এক অৱলোকন।

ETV Bharat
লেহত পূৱ সীমান্ত অভিমুখী ভাৰতীয় সেনাৰ এখন বাহন- ফাইল (ANI)
author img

By Aroonim Bhuyan

Published : 2 hours ago

নতুন দিল্লীঃ ভাৰত আৰু চীনে সীমান্তত টহল দিয়াৰ ক্ষেত্ৰত সন্মত হোৱা বুলি সোমবাৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ঘোষণা কৰাৰ লগে লগে পূব লাডাখত পাৰমাণৱিক শক্তিধৰ এছিয়াৰ দুয়োখন প্ৰতিৱেশী দেশৰ মাজত চাৰি বছৰ ধৰি চলি থকা সীমান্ত সংঘৰ্ষৰ অৱশেষত সমাপ্তি ঘটিল নেকি তাক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

22-23 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া চলিত বৰ্ষৰ ব্ৰিকছ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে মিশ্ৰীয়ে দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত কয়, "যোৱা কেইবা সপ্তাহধৰি ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচনাকাৰীসকলে বিভিন্ন মঞ্চত ইজনে সিজনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে।

তেওঁ কয়, "এই আলোচনাৰ ফলস্বৰূপে, চুক্তিখন ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) সংলগ্ন অঞ্চলৰ এক টহল ব্যৱস্থাত উপনীত হৈছে, যাৰ ফলত 2020 চনত এই অঞ্চলসমূহত উদ্ভৱ হোৱা সমস্যা সমূহৰ সমাধানৰ পথ মুকলি হৈছে। আমি এই দিশত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম।"

যদিও মিশ্ৰীয়ে সীমান্তৰ কাষৰ সেই ঠাইসমূহৰ নাম বিশেষভাৱে উল্লেখ কৰা নাই য'ত দুয়োপক্ষই সীমান্তত টহল বজায় ৰাখিবলৈ সন্মত হৈছে, কিন্তু ই পূৱ লাডাখত দুই দেশৰ সংঘাতৰ দুটা গুৰুত্বপূৰ্ণ স্থল ডেপচাং আৰু ডেমচোক সামৰি লয় নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে। যদি চুক্তিখনে সঁচাকৈয়ে এই দুটা ক্ষেত্ৰক সামৰি লয়, তেন্তে এই কথা নিশ্চিতভাৱে ধৰি ল'ব পাৰি যে সীমান্ত সংঘাত সমাধানৰ ক্ষেত্ৰত ই এক ডাঙৰ সাফল্য।

ডেপচাঙৰ অৱস্থিতি আৰু ইয়াৰ কৌশলগত গুৰুত্ব

ডেপচাঙ সমভূমি কাশ্মীৰৰ বিবাদিত অকচাই চীন অঞ্চলৰ উত্তৰ-পশ্চিম অংশত থকা এক অতি-উচ্চতাৰ শিলাময় সমভূমি যি এল.এ.চি.-ৰ দ্বাৰা ভাৰত আৰু চীনা-শাসিত অংশত বিভক্ত। ভাৰতে এই সমভূমিৰ পশ্চিম অংশ লাডাখৰ অংশ হিচাপে নিয়ন্ত্ৰণ কৰে, আনহাতে ভাৰতে নিজৰ বুলি দাবী কৰা পূৱ অংশ চীনৰ দ্বাৰা নিয়ন্ত্ৰিত। পাকিস্তান-শাসিত গিলগিট-বাল্টিস্তানৰ সৈতে নিয়ন্ত্ৰণ ৰেখা ডেপচাং সমভূমিৰ পৰা 80 কিলোমিটাৰ পশ্চিমে, দুয়োৰে মাজত অৱস্থিত ছিয়াচিন হিমবাহ । মধ্য এছিয়ালৈ লাডাখৰ পৰম্পৰাগত বাণিজ্য পথ ডেপচাং সমভূমিৰ মাজেৰে পাৰ হয়, যাৰ উত্তৰত বিদ্যমান কাৰাকোৰাম গিৰিপথ ।

ডেপচাং সমভূমি উত্তৰে চিপ চাপ নদী উপত্যকাৰ দ্বাৰা আৰু পশ্চিমে শ্বায়োক নদীৰ দ্বাৰা বেষ্টিত। পূবত, লাক চুং পৰ্বতমালাৰ সৰু সৰু পাহাৰেৰে আৱৰি থকা, যিবোৰে এই অঞ্চলক কাৰাকাশ নদীৰ অৱবাহিকাৰ পৰা পৃথক কৰে। দক্ষিণ দিশত, ডেপচাং লা গিৰিপথত ডেপচাং সমভূমিৰ সঠিক সমাপ্তি, কিন্তু সাধাৰণতে, ডেপচাং অঞ্চলটোত ইয়াৰ দক্ষিণে থকা পাহাৰীয়া অঞ্চলটো অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হয়, যাৰ ভিতৰত আছে "ডেপচাং বাল্জ"। যি হৈছে আনুষ্ঠানিকভাৱে ভাৰতীয় ভূখণ্ডৰ এক স্ফীত অংশ, আৰু বুৰ্টচা নলাৰ উপৰি ভাগৰ গতিস্থল।

ডেপচাং সমভূমি এক বিস্তীৰ্ণ এলেকা যি কৌশলগতভাৱে কাৰাকোৰাম গিৰিপথৰ ওচৰত থকা ভাৰতৰ উত্তৰতম সামৰিক ঘাটি দৌলত বেগ ওল্ডি (ডিবিঅ')ৰ কাষত অৱস্থিত। চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) ৰ ওচৰত থকাৰ বাবে ডিবিঅ' ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ, যি কৰিডৰ বেইজিংৰ বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ (বিআৰআই)ৰ অধীনত এক মুখ্য প্ৰকল্প আৰু চীন আৰু পাকিস্তানক সামৰিকভাৱে সংযোগ কৰিব পৰা এক গুৰুত্বপূৰ্ণ জংচন ।

1962 চনৰ চীন-ভাৰত যুদ্ধৰ পিছৰে পৰা ডেপচাং সামৰিক উত্তেজনাৰ এক স্থান হৈ পৰিছে। 2013 চনত, অঞ্চলটোত চীনা সৈন্যৰ ভাৰতীয় ভূখণ্ডত গুৰুতৰ অনুপ্ৰৱেশ দেখা গৈছিল, যাৰ ফলত তিনি সপ্তাহৰ অচলাৱস্থাৰ সৃষ্টি হৈছিল। 2020 চনত গালৱান সংঘৰ্ষলৈকে এইটো এলএচিত হোৱা আটাইতকৈ গুৰুতৰ সংঘৰ্ষৰ এটা আছিল।

ডেপচাঙৰ ভূখণ্ডৰ অধিকাংশ সমতল আৰু উন্মুক্ত হোৱাৰ বাবে, এই অঞ্চলটোৱে বৃহৎ পৰিমাণৰ সামৰিক বাহিনী একত্ৰিত কৰাৰ এক কৌশলগত সুবিধা প্ৰদান কৰে, যাৰ ফলত ভৱিষ্যতৰ যিকোনো সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত এই এক সম্ভাৱ্য যুদ্ধক্ষেত্ৰ হিচাপে বিবেচিত। চীনৰ বাবে, এই ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিলে ই ভাৰতৰ এক গুৰুত্বপূৰ্ণ যোগান পথ ডাৰ্বুক-শ্বায়োক-ডিবিঅ' ৰোড, নিৰীক্ষণ আৰু সম্ভৱতঃ ভাবুকি প্ৰদান কৰাৰ বাবে চীনক এক কৌশলগত সুবিধা প্ৰদান কৰিব।

ডেমচোকৰ অৱস্থিতি আৰু ইয়াৰ কৌশলগত গুৰুত্ব

পূৰ্বে নিউ ডেমচোক বুলি পৰিচিত ডেমচোক, যাক চীনাসকলে পাৰিগাছ বুলি অভিহিত কৰে, হৈছে ভাৰত-শাসিত ডেমচোক খণ্ডৰ এখন গাওঁ আৰু সামৰিক শিবিৰ, যিটো ভাৰত আৰু চীনৰ মাজত বিতৰ্কিত এক অঞ্চল। এপিনে ইয়াক ভাৰতৰ দ্বাৰা লাডাখৰ লেহ জিলাৰ নিওমা মৌজাৰ অংশ হিচাপে পৰিচালনা কৰা হয়, আৰু আনপিনে এই অংশটোক চীনে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অংশ হিচাপে দাবী কৰে।

ডেমচোক, ডেমচোক লহাৰী কাৰ্পো নামৰ এটা পিৰামিড আকাৰৰ বগা শৃংগৰ পাদদেশত এটা পাথৰীয়া সমভূমিত 4,210 মিটাৰ (13,810 ফুট) উচ্চতাত অৱস্থিত। ডেমচোকৰ দক্ষিণ-পূব ফালে বৈ গৈছে চাৰ্ডিং নলা নামৰ এটা সুঁতি যি গৈ সিন্ধু নদীত মিলিত হৈছে । সুঁতিটোৰ পৰা নিসৃত হৈ জমা হোৱা পলসে বিচৰণ আৰু খেতিৰ বাবে সৰু সৰু মাটিৰ টুকুৰা গঠন কৰিছে। ডেমচোক লহাৰী কাৰ্পো শৃংগৰ এটা কোণত থকা ডেমচোকৰ ওচৰত আছে এটা গৰম পানীৰ ধাৰা, যাৰ পানীত ঔষধি গুণ আছে বুলি বিশ্বাস কৰা হয়।

1962 চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ডেমচোক আছিল সংঘৰ্ষৰ আন এটা ক্ষেত্ৰ । তেতিয়াৰে পৰা, ঠাইখনত দুয়োপক্ষই সামৰিক উপস্থিতি বজাই ৰাখিছে, যদিও 2000 দশকৰ শেষলৈকে এল.এ.চি.-ৰ অন্যান্য অংশৰ তুলনাত ডেমচোক তুলনামূলকভাৱে শান্তিপূৰ্ণ আছিল।

2014 চনৰ পৰা, ডেমচোকত মাজে সময়ে উত্তেজনাৰ জুইকুৰা জ্বলি উঠিছে, বিশেষকৈ ভাৰত নিয়ন্ত্ৰিত এলেকাবোৰত চীনা অনুপ্ৰৱেশ আৰু এল.এ.চি.-ৰ কাষত চীনা আন্তঃগাঁথনিমূলক কামকাজৰ বাতৰিবোৰৰ ফলত। প্ৰায়ে চীনা নাগৰিকসকলে পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ সৈতে মিলি ভাৰতে দাবী কৰা অঞ্চলত প্ৰৱেশ কৰি তাঁবু স্থাপন কৰাৰ খবৰ পোহৰলৈ আহিছে, যাৰ ফলত স্থানীয় বিবাদ আৰম্ভ হৈছে।

2020 চনৰ গালৱান উপত্যকাৰ অচলাৱস্থাৰ পিছত ডেমচোক সংঘাতৰ এক নতুন বিন্দু হৈ পৰিছে। চীনৰ সৈন্যা বাহিনীয়ে পূৰ্বতে ভাৰতীয় সৈন্যৰ দ্বাৰা টহল দিয়া অঞ্চলসমূহত প্ৰৱেশ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। খবৰ অনুসৰি চীনা সামৰিক বাহিনী পিএলএ-য়ে বিতৰ্কিত অঞ্চলবোৰৰ ওচৰত আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, যাৰ ফলত চীনৰ দীৰ্ঘম্যাদী অভিপ্ৰায়ক লৈ উদ্বেগ সৃষ্টি হৈছে।

সিন্ধু নদীৰ ওচৰত অৱস্থিত হোৱাৰ বাবে ভাৰতৰ কাৰণে ডেমচোকৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ, যি লাডাখ আৰু উত্তৰ ভাৰতত জলসিঞ্চন আৰু পানীৰ সুৰক্ষাৰ বাবে অত্যাৱশ্যকীয়। স্থিতিৰ যিকোনো পৰিৱৰ্তনে পানীৰ প্ৰবাহ ব্যাহত কৰিব পাৰে আৰু স্থানীয় লোকসকলৰ বাবে গুৰুতৰ পৰিণাম আনিব পাৰে।

এতিয়া, সঁচাকৈয়ে, যদি পূৱ লাডাখত ভাৰত আৰু চীনৰ মাজত সীমান্ত টহলৰ চুক্তিত ডেপচাং আৰু ডেমচোক অন্তৰ্ভুক্ত হয়, তেন্তে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হ'লে আচৰিত হ'বলগীয়া একো নাই।

লগতে পঢ়ক: পূব লাডাখৰ এল এ চিত টহল দিয়াক লৈ ভাৰত-চীনৰ চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.