বিশেষ প্ৰতিবেদন, 13 ফেব্ৰুৱাৰী : বৰ্তমান সময়ত দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত সৰ্বোচ্চ উচ্চাৰিত শব্দ হৈছে আস্থা ভোট । ঝাৰখণ্ডত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ পিছত একেটা মিত্ৰজোঁট আন এগৰাকী নতুন নেতাৰ অধীনত পুনৰ ক্ষমতালৈ ঘূৰি আহে । আনহাতে, বিহাৰত একেগৰাকী নেতা পুনৰ ক্ষমতালৈ আহে । কিন্তু এই ক্ষেত্ৰত বিহাৰত চৰকাৰৰ সমৰ্থক সলনি হয় । কিন্তু দুয়োটা ক্ষেত্ৰতে নেতাসকলে নতুন ব্যৱস্থাৰ অধীনত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ।
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে প্ৰৱৰ্তন সঞ্চালকালয়ৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত 31 জানুৱাৰীত পদত্যাগ কৰে । তাৰ পিছত শাসকীয় মিত্ৰজোঁটে চম্পাই চোৰেনক তেওঁলোকৰ নেতা নিৰ্বাচন কৰে আৰু তেওঁক মুখ্যমন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰি ৰাজ্যপালৰ ওচৰত এক পত্ৰ দাখিল কৰে ।
কিন্তু এই ক্ষেত্ৰত ৰাজ্যপালে কিছু সময় ৰাজনৈতিক মহলৰ মাজত কৌতুহলৰ সৃষ্টি কৰাৰ পিছত সন্মতি প্ৰদান কৰি চম্পাইক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায় । এই নাটকীয় ঘটনাৱলীৰ পিছত 5 ফেব্ৰুৱাৰীত চম্পাই চোৰেনৰ নতুন চৰকাৰে ঝাৰখণ্ড বিধানসভাৰ মজিয়াত 29 টাৰ বিপৰীতে 47 টা ভোট লাভ কৰি আস্থা ভোটত জয়লাভ কৰে । ভোটদানৰ পূৰ্বে ৰাজ্যপালে পঞ্চম ঝাৰখণ্ড বিধানসভাৰ ১৪ সংখ্যক অধিবেশনত ভাষণ প্ৰদান কৰে আৰু আস্থা ভোটৰ প্ৰস্তাৱ সন্দৰ্ভত এক বিতৰ্ক অনুষ্ঠিত হয় ।
বিহাৰতো একে ধৰণৰ ঘটনাৰ সৃষ্টি হয় । নীতিশ কুমাৰ চৰকাৰে জেডি (ইউ) আৰু আৰজেডিৰ শাসকীয় দলসমূহৰ সৈতে মিত্ৰতা ভংগ কৰি 28 জানুৱাৰীত পদত্যাগ কৰে । কিন্তু তেওঁ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে মিত্ৰতা স্থাপন কৰি নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । অৱশ্যে এইবাৰ আস্থা ভোট বা সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা হয় । কিন্তু ১২ ফেব্ৰুৱাৰীত নীতিশ কুমাৰ আস্থা ভোটৰ সন্মুখীন হ'বলৈ সাজু হোৱালৈকে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে ।
ভাৰতৰ সংবিধানৰ ১৭৯ (গ) অনুচ্ছেদৰ প্ৰথম প্ৰবন্ধ অনুসৰি, অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অতি কমেও ১৪ দিনৰ জাননী দিয়াৰ পিছতহে উত্থাপন কৰিব পাৰি । যিহেতু বিজেপি নেতা নন্দকিশোৰ যাদৱে ২৮ জানুৱাৰীত অনাস্থা প্ৰস্তাৱ আনিছিল, সেয়ে এই প্ৰয়োজনীয়তা পূৰণৰ বাবে ১২ ফেব্ৰুৱাৰীত বিধানসভা অধিবেশন আহ্বান কৰা হয় ।
উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত বিজেপি নেতা বিজয় কুমাৰ সিনহা, যিগৰাকী বৰ্তমান নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী, তেৱোঁ একেদৰে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল । সেই সময়ত নীতিশ কুমাৰে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰি আৰজেডি, কংগ্ৰেছ আৰু বাঁও মিত্ৰশক্তিৰ সৈতে চৰকাৰ গঠন কৰিছিল । পিছত অনাস্থা ভোট পৰিহাৰ কৰিবলৈ সিনহাই পদত্যাগ কৰিছিল । যি কি নহওক, অনুচ্ছেদ 181 (1) অনুসৰি, অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন হ'লে তেওঁ উক্ত প্ৰস্তাৱটো বিবেচনাৰ বাবে গ্ৰহণ কৰাৰ সময়ত সদনৰ কাৰ্যক্ৰমৰ সভাপতিত্ব কৰিব নোৱাৰে ।
১২ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ পৰম্পৰাগত ভাষণেৰে বিহাৰ বিধানসভাৰ দুয়োখন সদনৰ সদস্যসকলৰ নতুন বছৰ/বাজেট অধিবেশন একত্ৰিতভাৱে আৰম্ভ হয় । পিছত যেতিয়া বিহাৰ বিধানসভাৰ প্ৰথম বৈঠক পৃথকে অনুষ্ঠিত হয়, তেতিয়া প্ৰথম বিষয়টো আছিল অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ । এই বৈঠকত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে সভাপতিত্ব কৰিছিল ।
১২৫ গৰাকী বিধায়কে প্ৰস্তাৱৰ সপক্ষে আৰু ১১২ গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰি ভোটদান কৰাৰ পিছত অধ্যক্ষক অপসাৰণ কৰা হয় । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তাৰ পিছত নতুন এনডিএ চৰকাৰৰ বাবে আস্থা ভোট বিচাৰি প্ৰস্তাৱ উত্থাপন কৰে । আনহাতে, বিৰোধীয়ে সদন ত্যাগ কৰাৰ পিছত ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱটো ১২৯-০ ব্যৱধানত গৃহীত হয় ।
পূৰ্বতেও একে ধৰণৰ পৰিস্থিতি বা অচলাৱস্থাত যেতিয়া ৰাজ্যপালসকলে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতা থকা নেতা বাছনি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু স্বেচ্ছাচাৰী বিবেচনা প্ৰয়োগ কৰিছিল, তেতিয়া বিভিন্ন সঁজুলি গ্ৰহণ কৰা হৈছিল । কেতিয়াবা উচ্চাকাংক্ষী প্ৰাৰ্থীয়ে ৰাজ্যপালক শাসনভাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁৰ সমৰ্থকৰ এখন স্বাক্ষৰিত তালিকাও দাখিল কৰিছিল ।
আন কিছু ক্ষেত্ৰত ৰাজ্যপালে সমৰ্থনকাৰী বিধায়কসকলক ৰাজভৱনত তেওঁৰ সন্মুখত উপস্থিত হ'বলৈও নিৰ্দেশ দিছিল । অৱশ্যে এই প্ৰক্ৰিয়াই সদায় কাম নকৰে আৰু শপত গ্ৰহণ কৰাৰ পিছতে অনাস্থাত প্ৰায়ে বিৰোধীয়ে চৰকাৰৰ পতন ঘটায় আৰু এই পৰম্পৰা পুনৰ আৰম্ভ হয় ।
তেনেহ'লে আস্থা ভোটৰ মতবাদ কি আৰু ই কেনেকৈ চলে ? আস্থা ভোটৰ উৎপত্তিৰ শ্ৰেয় এছআৰ বোম্মাই বনাম ভাৰত সংঘৰ (1994) ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক দিব পৰা যায় । এছআৰ বোম্মাই ১৯৮৮ চনৰ ১৩ আগষ্টৰ পৰা ১৯৮৯ চনৰ ২১ এপ্ৰিলৰ সময়ছোৱাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল ।
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৮৯ চনৰ ২১ এপ্ৰিলত এছআৰ বোম্মাই চৰকাৰক ৩৫৬ অনুচ্ছেদৰ অধীনত এই ভিত্তিত বৰ্খাস্ত কৰে যে বৃহৎ পৰিমাণৰ দলত্যাগৰ পিছত তেওঁৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে আৰু কৰ্ণাটকত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে । এছআৰ বোম্মায়ে বিধানসভাত তেওঁৰ সংখ্যাগৰিষ্ঠতা পৰীক্ষাৰ বাবে সুযোগ বিচাৰিছিল, কিন্তু কৰ্ণাটকৰ তদানীন্তন ৰাজ্যপালে সেয়া অস্বীকাৰ কৰে ।
পৰৱৰ্তী সময়ত নাগালেণ্ড, মেঘালয়, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশত ৰাজ্য চৰকাৰসমূহ বৰ্খাস্ত কৰা আৰু বিধানসভা ভংগ কৰাৰ আন ঘটনাও সংঘটিত হয় ।
ৰাজ্য চৰকাৰসমূহক খেয়াল-খুচী মতে বৰ্খাস্ত কৰা আৰু ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ লগতে ত্ৰিশংকু বিধানসভাৰ পটভূমিৰ বিৰুদ্ধে যেতিয়া দলবোৰে চৰকাৰ গঠনৰ বাবে উত্ৰাৱল হয়, তেতিয়া উচ্চতম ন্যায়ালয়ৰ (এছআৰ বোম্মাই গোচৰ) নজন ন্যায়াধীশৰ বিচাৰপীঠে কয় যে বিধানসভাৰ মজিয়া হৈছে সংখ্যাগৰিষ্ঠতা পৰীক্ষা কৰাৰ একমাত্ৰ মঞ্চ, ৰাজ্যপালৰ ব্যক্তিগত মতামত নহয় । সেয়াই হৈছে বিধানসভাৰ মজিয়াত আস্থা ভোট ।
লগতে পঢ়ক :দেশৰ সাধাৰণ নিৰ্বাচন: পৰম্পৰা আৰু বৰ্তমানৰ অৱস্থাৰ এক পৰ্যালোচনা