ETV Bharat / opinion

এন ডি এৰ জয়তো পৰাজয়ৰ অনুভৱ; '400 পাৰ'ৰ পৰা বিজেপিৰ কেনেদৰে 32 বিয়োগ হ'ল ? - lok sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:28 PM IST

BJP 400 Paar Slogan : এন ডি এ মিত্ৰজোঁটে চৰকাৰ গঠনৰ জনাদেশ লাভ কৰিলেও একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ হ'লে বিজেপিক মিত্ৰশক্তিৰ সমৰ্থনৰ প্ৰয়োজন হ'ব । মিত্ৰজোঁট চৰকাৰে শাসন চলাবলৈ হ'লে এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব । এই সন্দৰ্ভত সঞ্জয় কাপুৰৰ এক বিশেষ প্ৰতিবেদন ।

BJP 400 Paar Slogan
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৫ জুন : অংগীকাৰ কৰা মতে এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে 400 খন আসন লাভ কৰিব নোৱাৰিলে । কিন্তু তথাপিও তেওঁলোকে দিল্লীত চৰকাৰ গঠন কৰিব । বিগত ১০ বছৰত দেশে যি প্ৰত্যক্ষ কৰিছে, তাৰ বিপৰীতে ৫ জুন, মঙলবাৰে সমাপ্ত হোৱা এই আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পিচত গঠন হ'বলগীয়া এন ডি এ চৰকাৰ বিভিন্ন ধৰণে পৃথক হ'ব ।

প্ৰথমতে, ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) সৈতে এক মিত্ৰজোঁটৰ চৰকাৰ হ'ব । কিয়নো বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিবলৈ এতিয়াও প্ৰায় 42 খন আসন কম আছে । দ্বিতীয়তে, সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু আৰু জয়ন্ত চৌধুৰীৰ দৰে তিনিগৰাকী ধৰ্মনিৰপেক্ষ মিত্ৰশক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । আৰু অন্তিমত মিত্ৰজোঁট চৰকাৰে শাসনৰ সাধাৰণ কাৰ্যসূচী চলাবলৈ এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী (common minimum programme, CMP) প্ৰস্তুত কৰিব লাগিব ।

এই সংসদীয় নিৰ্বাচনত কেৱল ৪০০ খন আসন জিকাৰ সপোন দেখি থকাৰ সময়ত বিজেপিয়ে কেনেকৈ চৰম হতাশাৰ এই পৰিস্থিতিত উপনীত হৈছিল ? লগতে ২০৪৭ চনলৈকে শাসনত থকাৰ অলীক সপোন দেখি আছিল ? নিৰ্বাচন আৰু গণতন্ত্ৰৰ উদ্দেশ্য তেওঁলোকে তেওঁলোকৰ কামৰ বাবে দায়বদ্ধ কৰাৰ ব্যৱস্থাৰ সলনি ভৱিষ্যতলৈ তেওঁলোকৰ প্ৰৱেশক সমৰ্থন কৰা । এই দৃষ্টিকোণৰ পৰা 2024 চনৰ সংসদীয় নিৰ্বাচন বিজেপিৰ বাবে এক ডাঙৰ বিফলতা আছিল । কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকে তেওঁলোকক কঠোৰ প্ৰত্যাহ্বান জনায়, যাৰ পৰিণাম স্বৰূপে উক্ত অঞ্চলবোৰতো উজুতি খায়, যিবোৰৰ বাবে তেওঁলোকে কোনো চিন্তা কৰা নাছিল ।

এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ ৰাজ্যখন হৈছে এক উদাহৰণ । প্ৰচণ্ড মতগৰ্বিতাৰে প্ৰচাৰ অভিযান চলাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে আচৰণ কৰিছিল যেন তেওঁৰ বাহিৰে আন কোনো প্ৰতিযোগিতাত নাই । দলৰ আন কোনো প্ৰাৰ্থীয়ে গুৰুত্ব নাপালে । এই চৰম দৃষ্টিভংগী সেইসকল ভোটাৰে গ্ৰহণ কৰা নাছিল, যিয়ে প্ৰাৰ্থীসকলক তেওঁলোকৰ সমষ্টিত তেওঁলোকৰ প্ৰদৰ্শন অনুসৰি বিচাৰ কৰিছিল । বহুতো সাংসদক বিজেপিয়ে সলনি কৰিছিল যদিও ইয়াৰ দ্বাৰা কোনো লাভ হোৱা নাছিল । ইয়াৰে কিছুমান প্ৰাৰ্থীক বাহিৰৰ লোক হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল । উত্তৰ প্ৰদেশ বিজেপিৰ বাবেও গুৰুত্বপূৰ্ণ আছিল, কিয়নো ইয়াৰ পৰা সৃষ্টি হোৱা ধৰ্মীয় বিবাদবোৰেই দলটোক ক্ষমতালৈ আনিছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰে । সংসদীয় নিৰ্বাচনত বিজেপিক ক্ষমতালৈ ঘূৰি অহাত সহায় কৰিবলৈ ৰাম মন্দিৰৰ প্ৰাণ সঞ্চাৰৰ তাৰিখ বাছনি কৰা হৈছিল । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু এজন হিন্দু সন্ন্যাসী হিচাপে যোগী আদিত্যনাথৰ উপস্থিতি তেওঁলোকৰ উদ্দেশ্যত সহায় কৰাৰ বাবে আছিল ।

প্ৰচাৰৰ প্ৰাৰম্ভিক অংশত বিজেপিয়ে মন্দিৰ নিৰ্মাণৰ আঁৰত থকা সফলতাক এই চৰকাৰৰ সফলতা হিচাপে মান্যতা দিবলৈ চেষ্টা কৰিছিল, কিন্তু ই আকৰ্ষণ লাভ কৰা নাছিল । ফলত বিজেপিয়ে আন এটা প্ৰচাৰৰ বিষয়ৰ সন্ধানত আছিল । কিন্তু যেতিয়াই যিকোনো পদক্ষেপ লয় তেতিয়াই ই বিফল হৈ পৰে । দৰাচলতে প্ৰধানমন্ত্ৰীয়ে মুছলমানসকলক লৈ ভয় ভাব গভীৰ কৰাৰ প্ৰচেষ্টাত সাম্প্ৰদায়িক ভাষা ব্যৱহাৰ কৰিছিল ।

এইটো এনে এটা কৌশল আছিল, যিয়ে অতীজত তেওঁলোকৰ বাবে কাম কৰিছিল । যোৱাবাৰ ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে যোৱা বছৰ ইজৰাইলী বসতিৰ ওপৰত হামাছৰ আক্ৰমণক সংখ্যাগৰিষ্ঠৰ উদ্বেগ গভীৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে । অৱশ্যে যদিও ইয়াৰ কোনো ভিত্তি নাছিল, কিন্তু বিজেপিয়ে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছিল ।

এইবাৰ বিজেপি সকলো ক্ষেত্ৰতে বিফল যেন দেখা গৈছে । আটাইতকৈ বেয়া কথাটো হ'ল, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বহু সময়ত মোদীক ভুল প্ৰমাণিত কৰিছিল । সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে বিজেপি নেতৃত্বক হায়ৰাণ কৰিবলৈ তেওঁৰ ভৰপূৰ যুৱশক্তি প্ৰদৰ্শন কৰিছিল । এদিনৰ বাবে ভুৱা এগজিট প'লৰ পৰা সান্ত্বনা লাভ কৰা সত্ত্বেও বিজেপিয়ে স্বীকাৰ কৰিছিল যে ইতিমধ্যে ফলাফল লিখা হৈ গৈছে । শাসকীয় দলৰ এজন ৰাজনীতিবিদে এই লেখকক ভৱিষ্যদ্বাণী কৰাৰ দৰে, 'বিজেপিয়ে 40 খনতকৈ অধিক আসন হেৰুৱাব' । এইটো এপ্ৰিলৰ আৰম্ভণিৰ কথা আছিল ।

বিজেপিয়ে উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ অধিক প্ৰমাণ পোৱা গৈছিল । প্ৰধানমন্ত্ৰীৰ সমষ্টি বাৰাণসীত এই লেখকে চাৰিওফালে তিক্ততা বিচাৰি পাইছিল । যিসকল লোকক সমৰ্থক যেন লাগিব, তেওঁলোকেই প্ৰধানমন্ত্ৰীৰ ওপৰত বিদ্ৰূপ কৰি আছিল । এইটো স্পষ্ট আছিল যে প্ৰধানমন্ত্ৰীৰ ওপৰত সন্মান বা ভয় কমি গৈছিল । বাৰাণসীত মোদীৰ উপস্থিতিৰ বাবে বিজেপিয়ে পূব উত্তৰ প্ৰদেশৰ ১৩ খন আসনত জয়ী হ'ব বুলি আশা কৰা হৈছিল, কিন্তু অঞ্চলটো বিজেপিৰ আশাত চেঁচাপানী হিচাপে প্ৰমাণিত হৈছিল ।

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলী আৰু আমেথিত জিকিবলৈ এক বৃহৎ প্ৰচাৰ চলাইছিল । তেওঁলোকৰ প্ৰচাৰৰ বলি হ'বলগা হ'ল জ্যেষ্ঠ বিজেপি নেত্ৰী স্মৃতি ইৰাণী, যিয়ে গান্ধী পৰিয়ালৰ অনুগামী কিশোৰীলাল শৰ্মাৰ হাতত অতি অপমানজনকভাৱে পৰাজিত হয় । ৰাহুলে ৰায়বৰেলীৰ পৰা বৃহৎ ব্যৱধানত জয়ী হয় । ইয়াৰ তুলনাত মোদীয়ে বাৰাণসীৰ পৰা জয়ী হয় মাত্ৰ এক লাখমান ভোটৰ ব্যৱধানত ।

বিজেপিয়ে ৰাজস্থানতো বহু আসন হেৰুৱাইছে । কিন্তু ভাৰতৰ কিছুমান ৰাজ্যত ভোটদাতাসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল । উদাহৰণ স্বৰূপে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ । যদি বিজেপিয়ে 240 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে, তেন্তে ইয়াৰ কাৰণ হৈছে ওড়িশাত দলটোৰ সুন্দৰ প্ৰদৰ্শন ।

দিল্লীতো বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিছে আৰু এই প্ৰক্ৰিয়াত আম আদমী পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালৰ নেতৃত্বক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে । যাৰ ফলত এইটোও অসম্ভৱ নহয় যে অনাগত দিনবোৰত আপ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা নাইকিয়া হৈ যাব পাৰে ।

যদিও ইণ্ডিয়া ব্লকেও চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰি আছে, সেয়া সম্ভৱ হোৱাটো অতি কঠিন । অনাগত দিনবোৰত আমি কি প্ৰত্যক্ষ কৰিব পাৰোঁ সেয়া হৈছে এই চৰকাৰে প্ৰদান কৰা ভুৱা স্থিৰতাৰ অৱক্ষয় আৰু চৰকাৰৰ সমৰ্থিত ধৰ্মনিৰপেক্ষতাৰ প্ৰত্যাৱৰ্তন । এইটো ভাৰতৰ ন্যায়পালিকা আৰু সংবাদ মাধ্যমৰ দৰে প্ৰতিষ্ঠানৰ পুনৰুজ্জীৱিত হোৱাৰ আশা কৰাৰ বাবে হ'ব, যিবোৰক ভাবুকি দিয়া হৈছিল আৰু নিজৰ নিৰ্দেশনা মতে চলিবলৈ বাধ্য কৰোৱা হৈছিল । চীনৰ প্ৰবচন অনুসৰি- ভাৰতে বাস্তৱ ক্ষেত্ৰত আকৰ্ষণীয় সময়ৰ মাজেৰে পাৰ হ'ব ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীসহ মন্ত্ৰী পৰিষদৰ পদত্যাগ: পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.