কলকাতাত সংঘটিত ভয়ংকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই আকৌ এবাৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো প্ৰাসংগিক কৰি তুলিছে । অতীতৰ দৰে, আমি মহিলাৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰিম ৷ কিন্তু অৱশেষত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন নহ'ব । হয়তো প্ৰচাৰ আৰু ধুমধামৰ মাজত এখন আঁচনি আৰম্ভ কৰা হ’ব, কেইটামান ভাষণ দিয়া হ’ব ৷ কিন্তু মূৰকত একো সলনি নহ'ব ।
মহিলাসকলক উৎপীড়নকাৰী, অনুসৰণকাৰী আৰু ধৰ্ষণকাৰীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অকলেই এৰি দিয়া হ'ব । গাৰ্হস্থ্য হিংসাই আমাৰ সমাজত গভীৰভাৱে শিপা মেলিছে আৰু কেতিয়াবা ৰাস্তাতো বিয়পি পৰিছে । ছবিবোৰ চহৰৰ চিচি টিভি কেমেৰাত বন্দী কৰা হৈছে আৰু দূৰৰ পৰা এটা ক্লিপ হিচাপে চাবলৈ প্ৰচাৰ কৰা হৈছে ৷ কিন্তু তাৰ পিছত কি ?
আমি এনে ঘটনাবোৰ পঢ়িবলৈ পাও, য'ত এজনী ছোৱালীয়ে এজন পুৰুষৰ কু-প্ৰস্তাৱক অস্বীকাৰ কৰে আৰু তাৰ পিছত তেওঁ তাইক হত্যা কৰি নিজৰ খং উলিয়ায় । মাত্ৰ কেইসপ্তাহমান আগতে, ৰাজস্থানৰ এজনী ছোৱালীক বন্ধুত্ব দিৱসৰ দিনা এনে এক প্ৰস্তাৱ নাকচ কৰাৰ বাবেই চলন্ত ৰে’লৰ সন্মুখত পেলাই দিয়া হৈছিল । তাইৰ বয়স আছিল মাত্ৰ পোন্ধৰ বছৰ ৷
চলিত বৰ্ষৰ জুন মাহত, মথুৰাত এগৰাকী কিশোৰীক হত্যা কৰা হৈছিল ৷ কিয়নো তাই ফেচবুকত আগবঢ়োৱা এক বন্ধুত্বৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল । এনে ধৰণৰ অসংখ্য ঘটনা আছে, কিন্তু কেৱল কিছুমানহে আইনৰ দৃষ্টিগোচৰ হয় - তাৰে দুই এটা ঘটনাৰ ক্ষেত্ৰত সমাজত হুলস্থূলৰ সৃষ্টি হয় ।
নিঃসন্দেহে হত্যা এক ভয়ংকৰ ঘটনা, সেয়া লাগিলে ভুক্তভোগীজন কলকাতাৰ ঘটনাৰ দৰে প্ৰাপ্তবয়স্ক হওঁক বা ৰাজস্থান বা মথুৰাৰ দৰে কিশোৰী বা শিশু হওঁক । মোৰ মতে, নাবালিকা ছোৱালী বা শিশুৰ ওপৰত যৌন নিৰ্যাতন, সমানেই ভয়ংকৰ ।
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ বদলাপুৰৰ এখন বিদ্যালয়ত 3 আৰু 4 বছৰ বয়সৰ শিশুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ঘটনাটো, একেবাৰে কমপক্ষে ক'বলৈ গ'লেও আশ্চৰ্যজনক । হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহি আৰু আৰক্ষী আৰু বিদ্যালয় প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।
- শিশুৰ বিৰুদ্ধে অপৰাধ :
শিশুৰ বিৰুদ্ধে ঘটা অপৰাধবোৰে শিশুৰ দ্বাৰা সংঘটিত অপৰাধৰ দৰে সংবাদ শিৰোনামত স্থান নাপায় । আমি আচৰিত হও যেতিয়া উদয়পুৰৰ দশম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে পুৰণি শত্ৰুতাৰ বাবে তেওঁৰ সহপাঠীক ছুৰিকাঘাত কৰে । যেতিয়া এজন প্ৰাপ্তবয়স্কই কোনোবা শিশুক হত্যা বা ধৰ্ষণ কৰে, তেতিয়া আমি সমানে হতবাক হওনে ?
হয়, আমি হতবাক হওঁ ঠিকেই, কিন্তু এনে ধৰণৰ কিমানটা অপৰাধ পঞ্জীয়ন হয় বা আলোচনা কৰা হয় ? ভাৰতত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ দ্বাৰা প্ৰকাশিত ভাৰতত অপৰাধ 2022-ৰ তথ্যত উপলব্ধ শিশুৰ বিৰুদ্ধে অপৰাধৰ পৰিসংখ্যাই আপোনাক আচৰিত কৰিব ।
শিশুৰ বিৰুদ্ধে দুটা শ্ৰেণীৰ অপৰাধ আছে । প্ৰথমতে, ভাৰতীয় দণ্ডবিধি আৰু বিশেষ আৰু স্থানীয় আইনৰ অধীনত গোচৰ । যাৰ অধীনত বছৰটোত 1,62,449 টা ঘটনা পঞ্জীভূক্ত হৈছে ৷ যি 2021 চনৰ তুলনাত 8.7% অধিক । ইয়াৰ ভিতৰত আছে হত্যা, অপহৰণ, মানৱ সৰবৰাহ ইত্যাদি ঘটনা ।
দ্বিতীয় হৈছে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO আইন)ৰ অধীনত যৌন নিৰ্যাতনৰ ঘটনা । একেটা বছৰত কন্যা সন্তানৰ ওপৰত যৌন নিৰ্যাতনৰ 60,000 ৰো অধিক ঘটনা সংঘটিত হৈছিল । অৰ্থাৎ গড়ে প্ৰতি 10 মিনিটত এজনী কন্যা শিশুৰ বিৰুদ্ধে একোটা যৌন আক্ৰমণৰ ঘটনা । সমাজ হিচাপে আমি এই ভয়ানক অৱস্থাৰ বিষয়ে কি কৰি আছো ?
মই এই পৰিসংখ্যাবোৰৰ বিষয়ে এটা সতৰ্কবাণী যোগ কৰিব খুজিছো । সেইবোৰত কিশোৰাৱস্থাৰ পলায়নৰ ঘটনা অন্তৰ্ভুক্ত আছে । পৰিসংখ্যাটো বৰ ডাঙৰ নহয়, কিন্তু এনে ঘটনাবোৰ মাজে মাজে ঘটি আছে ৷ যাৰ বাবে এক পৃথক আলোচনাৰ প্ৰয়োজন আছে ।
পকচো (POCSO) আইনৰ অধীনত অপৰাধৰ মোকাবিলা কৰিবলৈ বিশেষ আদালত স্থাপন কৰা হৈছে । কিন্তু যিহেতু এই আদালতবোৰত হাজাৰ হাজাৰ গোচৰ জমা হৈ আছে ৷ ন্যায় প্ৰদান প্ৰণালী সেইবোৰ নিষ্পত্তি কৰিবলৈ আৰু সোনকালে সিদ্ধান্ত ল'বলৈ অক্ষম ।
এন চি আৰ বিৰ তথ্যই কয় যে প্ৰায় 3,00,000 গোচৰ আদালতত বিচাৰাধীন হৈ আছে । সেইবোৰ কেতিয়া মীমাংসা কৰা হ'ব ? দুটা মৌলিক প্ৰশ্ন উত্থাপিত হয় :
- এই অপৰাধবোৰৰ অপৰাধীসকলক কেতিয়া দোষী সাব্যস্ত কৰা হ'ব আৰু উপযুক্ত শাস্তি দিয়া হ'ব ?
- শিশুসকল আৰু তেওঁলোকৰ পৰিয়ালক কেতিয়া ন্যায় প্ৰদান কৰা হ'ব ?
এক অৰ্থত, পীড়িতসকলৰ প্ৰতি কেতিয়াও ন্যায় কৰা নহ'ব, কিয়নো আঘাতটো আজীৱন তেওঁলোকৰ সৈতে থাকিব । সেয়েহে, যেতিয়া আমি মহিলাৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰো, আমি শিশুৰ বিৰুদ্ধে অপৰাধ, আইপিচিৰ অধীনৰ অপৰাধ (বৰ্তমান ভাৰতীয় ন্যায় সংহিতা বা বিএনএছ অপৰাধ) আৰু পকচো আইনৰ অধীনত অপৰাধ, দুয়োটাৰ ওপৰতো গুৰুত্ব দিব লাগিব । এইটো জৰুৰী ।
- কিছুমান সাম্ভাব্য সমাধান
শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে । বহুতে এনে ধৰণৰ অপৰাধক (যৌন নিৰ্যাতনৰ ঘটনাৰ বাহিৰে) সাধাৰণ ঘটনা বুলি গণ্য কৰে ৷ সেইবোৰক গুৰুত্ব সহকাৰে নলয় ৷ কিন্তু সেইবোৰ সাধাৰণ ঘটনা নহয়, বৰঞ্চ জঘন্য অপৰাধ । শিশু এটিক হত্যা কৰা বা মুক্তিপণৰ বাবে শিশুক অপহৰণ কৰাটো এক অসহনীয় অপৰাধ । ভ্ৰুণ হত্যা, বিশেষকৈ কন্যা ভ্ৰুণ নষ্ট কৰা হৈছে এক জঘন্য হত্যা ।
আমি এনে হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ চলাও নে ? বদলাপুৰৰ দৰে 3 বা 4 বছৰ বয়সৰ শিশুৰ দৰে শিশুৰ যৌন নিৰ্যাতন, যৌন আনন্দৰ বাবে শিশুৰ সৰবৰাহও একোটা জঘন্য অপৰাধ । আমি এই বিষয়বোৰ স্বীকাৰ আৰু আলোচনা কৰিব লাগিব আৰু সেইবোৰক গুৰুতৰ সামাজিক সমস্যা হিচাপে জনসমক্ষলৈ আনিব লাগিব । ভাষণ আৰু আঁচনিৰ সময় বহুদিনৰ আগতেই উকলি গৈছে ।
ন্যায় প্ৰদান প্ৰণালীটোত আমূল পৰিৱৰ্তনৰ প্ৰয়োজন ৷ বিশেষকৈ যেতিয়া ই শিশুৰ বিৰুদ্ধে ঘটি থকা অপৰাধৰ দিশটোক সামৰি লয় । প্ৰণালীটো অতি লেহেমীয়া আৰু আদালতৰ বিলম্ব হৈছে বদলাপুৰৰ ঘটনাটোৰ ক্ষেত্ৰত প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা অভিযোগবোৰৰ ভিতৰত অন্যতম এটা ।
বিশেষ আদালতে আমাক বিফল কৰিছে; লগতে ফাষ্ট ট্ৰেক আদালতবোৰেও । যদি আমি অপৰাধৰ বলি হোৱা হাজাৰ হাজাৰ মহিলা আৰু শিশুক ন্যায় দিব লগা হয়, তেন্তে আমি ন্যায় প্ৰদান আৰু গোচৰৰ সময় সাপেক্ষে নিষ্পত্তিৰ বাবে কেছ মেনেজমেণ্ট প্ৰণালী প্ৰৱৰ্তন কৰাৰ উপায় আৰু পথ বিচাৰিব লাগিব ।
যদি আমি মহিলাসকলক সময়মতে ন্যায় দিব নোৱাৰো, তেন্তে তেওঁলোকক মাতৃ, ভগ্নী আৰু কন্যা বুলি বৰ্ণনা কৰাটো অৰ্থহীন । একেদৰে, যদি আমি শিশুসকলক ন্যায় তথা তেওঁলোকক ভয় আৰু আঘাতৰ পৰা সকাহ দিবলৈ অপাৰগ, তেন্তে শিশুসকলক দেশৰ ভৱিষ্যত বুলি কৈ ফুৰাটো অৰ্থহীন ।
অৱশেষত, ৰাজনীতিক এই আলোচনাৰ পৰা আঁতৰাই ৰাখক । এটা জঘন্য অপৰাধ মুঠতে এটা জঘন্য অপৰাধ আৰু ইয়াক লৈ ৰাজনীতি কৰিলে জঘন্যতাৰ পৰিমাণ সলনি নহ’ব । ডাঙৰ হ’বলৈ বাকী থকা শিশু এটাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ আঁৰত কিয় ৰাজনীতি থাকিব লাগে ? যেতিয়া এটা জঘন্য অপৰাধ সংঘটিত হয় তেতিয়া ৰাজনীতিবিদসকলে কিয় মুনাফা আদায় কৰিবলৈ চেষ্টা কৰিব লাগে ?
যদি তেওঁলোকে শিশুসকলৰ বাবে সুবিধা আৰু সুযোগ উন্নত কৰাত মনোনিৱেশ কৰে আৰু ইজনে সিজনৰ সমালোচনাত লিপ্ত হোৱাৰ সলনি অনুসন্ধান পদ্ধতিবোৰ আৰু ন্যায় প্ৰদান ব্যৱস্থাক উন্নত কৰে, তেন্তে সেয়া সমাজৰ বাবে হিতকৰ ।