ETV Bharat / lifestyle

শীতকালত খুব এলেহুৱা অনুভৱ হয় নেকি ? কামত আহিব এই উপায়

বহুতে ঠাণ্ডাৰ দিনত এলেহুৱা অনুভৱ কৰে । কিন্তু ঠাণ্ডাৰ দিনত আপুনি পুৱা কিছুমান অভ্যাসৰ দ্বাৰা দিনটো এনাৰ্জি অনুভৱ কৰাৰ লগতে এলেহুৱা অনুভৱ নহয়-

Winter Morning Routine: Simple yet Effective Ways to Increase Energy
শীতকালত খুব এলেহুৱা অনুভৱ হয় নেকি ? কামত আহিব এই উপায় (FREEPIK)
author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

আজিকালি মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ যত্ন ল’বলৈও সময় নাপায় ৷ ব্যস্ত জীৱন, বেয়া খাদ্যভাষ আদি বিভিন্ন কাৰণৰ বাবে বহু মানুহে গোটেই দিনটো খিংখিঙীয়া, ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰি আছে ৷ ইয়াৰোপৰি নিশা দেৰিকৈ শুৱা আৰু পুৱা দেৰিকৈ উঠা অভ্যাসে বহুতৰ সমস্যাৰ সৃষ্টি কৰে ৷ বিশেষকৈ শীতৰ দিনত বহু মানুহে পুৱা দেৰিলৈ শুই থাকি ভাল পায় ৷ কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ গোটেই দিনটোৰ ওপৰত পৰে ৷ অৱশ্যে পুৱা সাৰ পোৱাৰ পিছত যদি কিছু অভ্যাস গঢ়ি তোলে তেন্তে আপুনি দিনটো সতেজ আৰু পজিটিভ অনুভৱ কৰিব ৷

পুৱা সোনকাল উঠা

পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তোলক ৷ এনে কৰিলে শৰীৰত ইতিবাচক প্ৰভাৱ পৰে আৰু গোটেই দিনটো আপুনি শৰীৰত এনাৰ্জি পাব ৷ ইয়াৰোপৰি ই বহু বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷

গৰম পানী

পুৱা শুই উঠি কুহুমীয়া গৰম পানী খোৱা অত্যন্ত ভাল ৷ ই আমাৰ হজম শক্তি ভাল কৰে ৷ ই প্ৰাকৃতিক ডিটক্সৰ দৰে ৷ পুৱা উঠি এগিলাচ গৰম পানী খোৱা অভ্যাস কৰিলে বহু পৰিমাণে গেচৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

ব্যায়াম

দিনটো আপুনি যদি ব্যায়ামৰ দ্বাৰা আৰম্ভ কৰে তেন্তে ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব ৷ ইয়াৰ বাবে আপুনি ব্যায়াম, যোগাসন বা ব্ৰিস্ক ৱাকও কৰিব পাৰে ৷ ই শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে মন শান্ত কৰি ৰখাত সহায় কৰে ৷

ধ্যান বা মেডিটেশ্যন

পুৱা উঠি মেডিটেশ্যন কৰা আৱশ্যক ৷ ধ্যানে আমাৰ মনটোক শান্ত কৰে আৰু আমাৰ কামত ভালদৰে মনোনিৱেশ কৰিবলৈ সুবিধা দিয়ে ৷ গতিকে পুৱা উঠি কেইমিনিটমান ধ্যান কৰিব লাগে ৷ ইয়াৰোপৰি আপুনি পুৱাৰ ভাগত ভাল সংগীত শুনিও মন শান্ত ৰখাৰ লগতে মুড ভাল কৰিব পাৰে ৷ ইয়ে আপোনাৰ দিনটো ভাল কৰাত সহায় কৰে ৷

খাদ্য

পুৱাৰ ভাগত আমি ভাল খাদ্য গ্ৰহণ কৰিব লাগে ৷ আমি সদায় স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট খাব লাগে ৷ প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য ব্ৰেকফাষ্টত খাব লাগে ৷ এনে কৰিলে দিনটো এনাৰ্জি লাভ কৰা যায় ৷

কি খাব ?

ঠাণ্ডাৰ দিনত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰক উষ্ণ কৰি ৰাখিবলৈ এনে ফল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে, য’ত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে ৷ পুৱা আপুনি কমলা আৰু ডালিম খাব পাৰে ৷ কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ডালিমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শীতৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷

উৎস:-https://www.healthassured.org/ie/blog/top-tips-for-staying-motivated-during-winter/

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: শীতকালত আমি দৈনিক কেইটাকৈ কণী খাব লাগে ? কি কয় বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.