ETV Bharat / lifestyle

খোজ কেই প্ৰকাৰৰ জানেনে ? আমাৰ শৰীৰৰ বাবে কোন প্ৰকাৰৰ খোজ উপকাৰী - TYPES OF WALKING

দৈনিক খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেই বিষয়ে আমি সকলোৱে জ্ঞাত । কিন্তু আপোনাৰ শৰীৰৰ বাবে কেনেধৰণে খোজ কঢ়াটো উপকাৰী জানেনে ?

What are the different types of walking, and which one is better for you?
খোজ কেই প্ৰকাৰৰ জানেনে ? আমাৰ শৰীৰৰ বাবে কোন প্ৰকাৰৰ খোজ উপকাৰী (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 29, 2024, 2:25 PM IST

ওজন কমাবলৈ বা ফিট হৈ থাকিবলৈ বহু পদ্ধতিৰ চেষ্টা কৰা হয়, য’ত মাজে মাজে ইন্টাৰমিটেড ফাষ্টিঙৰ পৰা কীট’ ডায়েটলৈকে অন্তৰ্ভুক্ত কৰা হয় ৷ সঠিক ওজন বজাই ৰাখিবলৈ বহুলোকে ৱৰ্কআউট আৰু বিভিন্ন ধৰণৰ ব্যায়ামো কৰে যাতে শাৰীৰিকভাৱে তেওঁলোক ফিট হৈ থাকিব পাৰে ৷ যদিও সকলোৱে ৱৰ্কআউট বা ব্যায়াম কৰিব পৰাটো প্ৰয়োজনীয় নহয়, কিন্তু বেছিভাগ মানুহেই নিশ্চিতভাৱে খোজ কঢ়াৰ ৰুটিন মানি চলিব পাৰে ৷ কম পৰিশ্ৰমেৰে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এইটোৱেই উত্তম উপায় ৷ আপুনি জানেনে যে খোজ কঢ়াৰ বহু প্ৰকাৰ আছে আৰু ইয়াৰ দ্বাৰা স্বাস্থ্যৰ বাবে বিভিন্ন উপকাৰিতা সাধন হয় ৷ খুব কম সংখ্যক লোকহে এই বিষয়ে জ্ঞাত যে তেওঁলোকে কেনেধৰণে খোজ কাঢ়িব লাগে ৷

সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক কিছু প্ৰকাৰৰ খোজৰ বিষয়ে ক’ম লগতে আপোনাৰ শৰীৰৰ বাবে কেনেধৰণে খোজ কাঢ়িলে উপকাৰী হ’ব জানি লওক-

ব্ৰিস্ক ৱকিং

এয়া এনে এটা খোজৰ প্ৰকাৰ য’ত আপুনি স্বাভাৱিকতকৈ অধিক বেগেৰে খোজ কাঢ়িব লাগে কিন্তু এয়া দৌৰা বা জগিঙৰ দৰে নহয় ৷ অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে যদি আপুনি দৈনিক কমেও ৩০ মিনিট আৰু সপ্তাহত ৫ বাৰ এই খোজ কঢ়াৰ এই নিয়ম অনুসৰণ কৰে তেন্তে ই আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে আৰু কলেষ্টেৰল কমোৱাতো সহায় কৰিব ৷ সহজ ভাষাত ক’বলৈ গ’লে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ইয়াৰ দ্বাৰা সদায় সুস্থ হৈ থাকিব ৷ যিসকল লোকৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ মতে খোজ কাঢ়িবলৈ আৰম্ভ কৰাটো উচিত ৷

পাৱাৰ ৱকিং

এয়া ব্ৰিস্ক ৱাকৰ আপগ্ৰেটেড টাইপ বুলি ক’লেও ভুল নহ’ব ৷ য'ত প্ৰায় ১ কিলোমিটাৰ খোজ কাঢ়িব লাগে ৪ৰ পৰা ৫ মাইল প্ৰতি ঘণ্টাত ৷ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এই প্ৰকাৰৰ খোজ এক প্ৰকাৰৰ ভাল বিকল্প হ’ব পাৰে ৷ ইয়াৰ ফলত কেলৰি কম হোৱাই নহয় ওজন নিয়ন্ত্ৰণতো সহায়ক হয় ৷ আমি দৈনিক ১ কিলোমিটাৰ পাৱাৰ ৱাক কমেও সপ্তাহত ৫ বাৰ কৰিব লাগিব ৷

ট্ৰেইল ৱাকিং

ট্ৰেইল ৱাকিং কৰিলে আমাৰ শৰীৰৰ ভাৰসাম্য আৰু সমন্বয় বৃদ্ধি কৰে ৷ এই প্ৰকাৰৰ খোজে হাইকিঙৰ দৰে অনুভৱ কৰায় যিয়ে আমাৰ হৃদযন্ত্ৰ আৰু অন্যান্য স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে ৷ ট্ৰেইল ৱাকিং কৰিলে শৰীৰৰ গাঁঠিবোৰ শক্তিশালী হয় ৷ সেয়ে প্ৰতিদিনে একৰ পৰা দুইকিলোমিটাৰ ট্ৰেইল ৱাকিং কৰাটো আমাৰ বাবে লাভদায়ক ৷

ৱাকিং বেকৱাৰ্ড

ৱাকিং বেকৱাৰ্ডত ওলোটাকৈ খোজ কাঢ়িব লাগে যাক ৰেট্ৰ’ ৱাকিং বুলিও কোৱা হয় ৷ ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য আৰু পুষ্টি উন্নত হয় আৰু আঁঠুত চাপ থাকিলে সকাহ পোৱা যায় ৷ ঘৰতে ট্ৰেডমিলত ওলোটাকৈ খোজ কাঢ়িবও পাৰে ৷ ইয়াৰ ফলত খোজ কঢ়াৰ গতি আৰু হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ স্বাস্থ্যৰ উন্নত হোৱাত সহায়ক হয় ৷

ইন্টাৰৱল ৱাকিং

ইন্টাৰৱল ৱাকিঙত আপোনাক মাজে মাজে বিৰতিৰ প্ৰয়োজন হয় ৷ প্ৰথমাৱস্থাত কেইমিনিটমান ফাষ্ট ৱাক কৰাৰ পিচত ৩০ ছেকেণ্ডৰ পৰা এক বা দুমিনিটলৈকে বিৰতি ল’ব লাগে ৷ ইয়াৰ পিচত কিছু সময়ৰ বাবে দ্ৰুত গতিত খোজ কাঢ়িব লাগে ৷ এইদৰে আমাৰ শৰীৰটো কমকৈ ভাগৰ অনুভৱ কৰে ৷ ইন্টাৰৱল ৱাকিঙৰ ফলত শৰীৰৰ ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ফিটনেছলৈকে বহুতো সুবিধা পোৱা যায় ৷ সেয়ে পাৰিলে দৈনিক কমেও ৩০ মিনিটৰ বাবে ইন্টাৰভেল ৱাক কৰক ৷

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC3064872/

লগতে পঢ়ক: বয়স অনুযায়ী আপুনি এদিনত কিমান পৰিমাণে খোজকঢ়া উচিত ? - Walking According To Age

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.