ETV Bharat / lifestyle

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ? - ASTROLOGICAL PREDICTIONS

কোনবোৰ লোকৰ বাবে ভাল হ'ব আগন্তুক বর্ষ, ২০২৫ বৰ্ষটো সংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষৰ বাবে কেনে ফল কঢ়িয়াই আনিব, জানি লওক জ্যোতিষী ড৹ পৰশমণি শৰ্মাৰ পৰা-

Astro tips
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

এটা নতুন বছৰ মানে পুনৰ নতুনত্বৰ আৰম্ভণি ৷ নতুন বছৰ মানেই নতুন আশা, নতুন বছৰ মানেই নতুন কিবা এটা কৰাৰ হেঁপাহ উদয় হোৱা, কোনো এটি নতুন কাম কৰাৰ উৎসাহ আৰু দুগুণ বৃদ্ধি হোৱা ৷ কিন্তু বহুতৰে মনত এইটো প্ৰশ্নৰ উদয় হয় যে আগন্তুক নতুন বছৰটো তেওঁলোকৰ বাবে কেনেদৰে পাৰ হ’ব ৷

তেন্তে পলম নকৰি কোন কোন ৰাশিৰ লোকৰ বাবে আগন্তুক ২০২৫ বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ’ব সেই বিষয়ে আজি জনপ্ৰিয় জ্যোতিষ শাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাৰ পৰাই জানি লও আহক-

জ্যোতিষ শাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মা (ETV Bharat)

জ্যোতিষ শাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাৰ মতে, ২০২৫ বৰ্ষটো যদি আমি সংখ্যাতত্ত্ব দিশৰ পৰা চাওঁ তেন্তে ২+০+২+৫=৯ অৰ্থাৎ মংগলৰ বছৰ ৷ ২০২৫ বছৰটো মংগল গ্ৰহই প্ৰতিনিধিত্ব কৰিব ৷ ৯ নম্বৰটোক সাধাৰণতে ডিভাইন নম্বৰ বা শুভ সংখ্যা বুলি গণ্য কৰা হয় ৷ ৯ নম্বৰটোক প্ৰতিযোগিতাৰ নম্বৰ বুলি কোৱা হয় অৰ্থাৎ মোক্ষ প্ৰাপ্তিৰ নম্বৰ বুলিও কোৱা হয় ৷

২০২৫ বৰ্ষটো সংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষৰ বাবে কেনেধৰণৰ ফলাফল হ'ব ?

ভাৰতক যদি সংখ্যাতত্ত্ব দিশৰ পৰা চোৱা হয় তেন্তে নম্বৰ ৬ আনহাতে বহুতে ইণ্ডিয়া নম্বৰ ৩ আহে ৷ ইফালে, ২০২৫ বৰ্ষত আমাৰ দেশে ৭৮ সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছে সংখ্যাৰ তৰফৰ পৰা যদি চাওঁ ৭+৮= ১৫ আৰু ১+৫=৬ হয় অৰ্থাৎ ৩, ৬ আৰু ৯ এটা সংমিশ্ৰণত আহে ৷ ৩,৬ আৰু ৯ এটা আনটোৰ পৰিপূৰক হয় আৰু সহযোগিতামূলক হয় ৷ আগন্তুক বৰ্ষত ৰাজনীতিৰ, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি বিত্তীয় দিশলৈ সকলোতে বিকাশ হ'ব ৷ কিছুমান ধনাত্মক বিকাশ হ'ব আৰু কিছুমান ঋণাত্মক বিকাশ হ'ব ৷ সামগ্ৰিকভাৱে যদি এই বছৰটো চোৱা যায় তেন্তে যুদ্ধ-বিগ্ৰহ আদিৰ হোৱাৰ সম্ভাৱনা আছে ৷

২০২৫ বৰ্ষটো সংখ্যাৰ দিশৰ পৰা অসমৰ বাবে কেনেধৰণৰ ফলাফল হ'ব ?

অসমক যদি সংখ্যাতত্ত্ব দিশৰ পৰা চোৱা যায় তেন্তে নম্বৰ ৩ ত আহে ৷ পুনৰ ৩ ৰ লগত ৯ যিহেতু সংমিশ্ৰনত হৈছে সেয়ে আগন্তুক বৰ্ষটো ৰাজ্যৰ বাবে খুবেই বেছি ভাল ৷

আগন্তুক বর্ষ কোন বোৰ মানুহৰ বাবে ভাল হ'ব ?

  • মেষ আৰু বৃশ্চিক ৰাশিৰ লোক সকলৰ বাবে আগন্তুক বৰ্ষটো খুব বেছি ভাল
  • মাৰ্চৰ ২১ তাৰিখৰ পৰা এপ্ৰিলৰ ৩০ তাৰিখৰ ভিতৰত জন্ম হোৱা লোক সকলৰ আৰু অক্টোবৰ ২৪ তাৰিখৰ পৰা নৱেম্বৰৰ ২২ তাৰিখৰ ভিতৰত জন্ম গ্ৰহণ কৰিছে তেওঁলোকৰ বাবেও আগন্তুক বৰ্ষটো ভাল ৷
  • সংখ্যাতত্ত্ব ভিত্তিৰ পৰা যিকোনো মাহৰ ৩,১২, ২১ আৰু ৩০ তাৰিখ, নহলে ৬,১৫,আৰু ২৪ তাৰিখ, নহলে ৯,১৮ আৰু ২৭ তাৰিখে জন্ম গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এই বছৰটো খুবেই বেছি ভাল হ'বলৈ গৈ আছে ৷
  • ইয়াৰোপৰি ১,১০,১৯, আৰু ২৮ তাৰিখ নহ'লে ৫,১৪ আৰু ২৩ তাৰিখে জন্ম গ্ৰহণ কৰা লোক সকলৰ বাবেও আগন্তুক বৰ্ষটো ভাল হ'ব ৷

২০২৫ বৰ্ষটোত এইসকল লোকে কি কৰা উচিত ?

এই বৰ্ষটোত এইসকল লোকে শৰীৰৰ যত্নলোৱাটো খুব প্ৰয়োজন ৷ যিমান পাৰে তেওঁলোকে শাৰীৰিক চৰ্চাৰ পৰা আৰম্ভ কৰি যোগ, প্ৰণায়ম আদি যদি কৰি থাকে তেওঁলোকৰ বাবে ভাল হ'ব ৷ লগতে ভাতৃস্থানীয় ব্যক্তি বা ভাতৃৰ লগত সম্পর্ক ভাল ৰাখিব পাৰিলে তেওঁলোকৰ বাবে ভাল ৷ যিমান পাৰে তেওঁলোকে পানী বা ৰঙা বস্তু খাব পাৰে তেওঁলোকৰ বাবে ভাল ৷ এই সময়ছোৱাত তেওঁলোকে মন্দিৰ আদি দৰ্শন কৰাৰ লগতে যদি কোনোবা দুখীয়া ছোৱালী আছে যাৰ বিয়া বাবে অসুবিধা তেওঁলোকক যদি আৰ্থিক ভাৱে সহায় কৰিব পাৰে তেওঁলোকৰ বাবে ভাল ৷

লগতে পঢ়ক: টেৰট কাৰ্ড ভৱিষ্যদ্বাণী: জন্ম তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ আগন্তুক বৰ্ষটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.