মনে বিচৰাজনৰ লগত এক সুস্থ আৰু সফল সম্পৰ্ক সকলোৰে কাম্য ৷ কোনো এটা সম্পৰ্ক সফলভাৱে অটুত ৰক্ষাৰ ক্ষেত্ৰত অন্তৰংগতা আৰু বিশ্বাস হৈছে দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক ৷ অন্তৰংগতাৰ ফলত গঢ় লোৱা গভীৰ আৱেগিক সংযোগে আপোনাক আৰু আপোনাৰ সংগীক ইজনে আনজনৰ প্ৰতি অধিক দুৰ্বল কৰি তোলে ৷ বিশ্বাসে দুজন লোকৰ মাজত যোগাযোগ আৰু বুজাবুজিৰ মাধ্যম মুকলি কৰে ৷ ভৱিষ্যতৰ বাবে সম্পৰ্কত এক দৃঢ় ভেটি গঢ়ি তোলাৰ বাবে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত বিশ্বাস স্থাপন কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷ বিশ্বাসৰ বলত অসুবিধাবোৰ খুব সোনকালে সমাধান কৰা, ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে মুক্ত আলোচনা কৰা আৰু প্ৰত্যাশাবোৰ বাস্তৱসন্মতভাৱে ৰখাটো সহজ হৈ পৰে ৷
বৰ্তমান সময়ত আমি চকুৰ আগত দেখিবলৈ পোৱা অধিকাংশ সম্পৰ্কই অতি ঠুনুকা ৷ বিশ্বাস অবিহনে জন্ম লোৱা সন্দেহ আৰু ঈৰ্ষাই ভাল সম্পৰ্ক এটা অকালতে শেষ কৰি দিব পাৰে ৷ সেয়ে সম্পৰ্কত সদায় মৰম-সন্মান, ঘনিষ্ঠতাৰ লগতে বিশ্বাস থকাটো অতি জৰুৰী ৷ এটা সম্পৰ্কত ঘনিষ্ঠতা আৰু বিশ্বাস বৃদ্ধি কৰাৰ পাঁচটা উপায় সৰ্ম্পকে আজি জানো আহক ৷ এই উপায়বোৰ মানি চলিলে আপুনিও আপোনাৰ প্ৰিয়জনৰ সৈতে এটি সুস্থ সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷
কথাবোৰ মুকলি-সততাৰে আলোচনা কৰা
কথোপকথনৰ জৰিয়তে আপুনি আপোনাৰ সংগীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিব পাৰে ৷ সঠিক কথোপকথনৰ অভাৱত সম্পৰ্কবোৰ সোনকালে গঢ়ি উঠাৰ পাছতো ভাঙি যোৱাৰ সম্ভাৱনা থাকে ৷ সেয়ে মনৰ পছন্দৰ ব্যক্তিৰ লগত সদায়েই মুকলিভাৱে আৰু সততাৰে কথা পতাটো দৰকাৰী ৷ সেয়া কঠিন বা অস্বস্তিকৰ যেন লাগিলেও সম্পৰ্ক ধৰি ৰখাৰ স্বাৰ্থত আপুনি এনে কৰাটো খুবেই জৰুৰী ৷
সদায়েই এগৰাকী ভাল শ্ৰোতা হওঁক
আপোনাৰ সংগীৰ সৈতে কথোপকথন কৰোতে তেওঁৰ কথা আৰু শাৰীৰিক ভাষাৰ প্ৰতি মনোযোগ দিব ৷ তেওঁলোকে বিচাৰ নকৰাকৈ কোৱা কথাবোৰ ভালদৰে শুনি লৈ বুজিবলৈ চেষ্টা কৰক ৷ তেওঁ কোৱা কথাবোৰ শেষ নকৰোতেই আপুনি কথা নুলিয়াব ৷ সদায়ে ধীৰে-সুষ্ঠিৰে কথা পাতিবলৈ চেষ্টা কৰিব ৷
একেলগে ভাল সময় অতিবাহিত কৰক
প্ৰিয়জনৰ সৈতে কটোৱা সময়ে সম্পৰ্কটোত বিশ্বাস শক্তিশালী কৰাৰ লগতে অন্তৰংগতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷একেলগে দৈনিক ব্যায়াম কৰা, চাহ-ভাত খোৱা অথবা আজৰি সময়ত ফুৰিবলৈ ওলাই যোৱাৰ চেষ্টা কৰিব ৷ এনে কৰিলে অন্তৰংগতাও বৃদ্ধি পাব ৷
নিয়মীয়াকৈ কৃতজ্ঞতা জ্ঞাপন কৰক
কৃতজ্ঞতাৰ বহুতো লাভালাভ আছে, যাৰ বাবে আপুনি ইয়াক প্ৰতিদিনে অনুশীলন কৰিব লাগিব ৷ সৰু সৰু বস্তুবোৰৰ বাবে কৃতজ্ঞ হোৱাটোয়ে সম্পৰ্কক ইতিবাচক অভিজ্ঞতা দিয়ে ৷ ঘৰৰ আনুসাংগিক কাম কৰা, আহাৰ ৰন্ধা আদিৰ বাবে আপোনাৰ সংগীক ধন্যবাদ জনালে তেওঁলোককো সেই কামবোৰ কৰিবলৈ উৎসাহিত কৰে ৷
সফলতাবোৰ একেলগে উদযাপন কৰক
জীৱনৰ সৰু-সৰু কামবোৰতে লাভ কৰা আনন্দ অথবা বিজয় আপোনাৰ সংগীৰ সৈতে একেলগে উদযাপন কৰিবলৈ চেষ্টা কৰক ৷ এনে কৰাৰ ফলত সম্পৰ্ক এটাই অধিক গুৰুত্ব লাভ কৰাৰ লগতে সংগীও সুখী হয় ৷