ETV Bharat / lifestyle

ছালক সুস্থ কৰি ৰখাত চেলিচিলিক এচিডে কিদৰে কাম কৰে ? - SKINCARE TIPS

বৰ্তমান খুবেই ট্ৰেণ্ডত থকা এবিধ প্ৰসাধন সামগ্ৰী হৈছে চেলিচিলিক এচিড ৷ এই সামগ্ৰীবিধ বাৰুকৈয়ে আমাৰ ছালৰ বাবে উপকাৰী নে জানো আহক-

Salicylic acid can be helpful in skin care: experts
ছালক সুস্থ কৰি ৰখাত চেলিচিলিক এচিডে কিদৰে কাম কৰে ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 15, 2024, 4:37 PM IST

বৰ্তমান সময়ত টেলিভিচন, বিজ্ঞাপনত, সামাজিক মাধ্যম সকলোতে ছালৰ যত্ন লোৱা সামগ্ৰীৰ বিষয়ে দিয়া তথ্যত আৰু বহু প্ৰতিবেদনত ছালৰ যত্নৰ ক্ষেত্ৰত চেলিচিলিক এচিডৰ বিষয়ে খুবেই শুনিবলৈ পোৱা যায় ৷ যিহেতু ইয়াৰ নামত এচিড উল্লেখ আছে, সেয়ে এই সামগ্ৰী বিধৰ প্ৰকৃতিক লৈ বহুবাৰ বহুতৰে মনত বহু প্ৰশ্ন আৰু কৌতুহল দেখিবলৈ পোৱা যায় ৷ সেয়ে পলম নকৰি জানো আহক, চেলিচিলিক এচিড দৰাচলতে হয় কি আৰু ই সঁচাকৈয়ে ছালখনক উজ্বল আৰু ডেকা কৰি ৰখাত সহায় কৰেনে ? এই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত কি? জানো আহক-

ছালৰ যত্নত চেলিচিলিক এচিড সহায়ক হ’ব পাৰে

যদিও মহিলা আৰু পুৰুষে সদায় সৌন্দৰ্য বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ স্কিন কেয়াৰ সামগ্ৰী ব্যৱহাৰ কৰি আহিছে, কিন্তু পূৰ্বৰ দিনত বেছিভাগ মানুহেই স্কিন কেয়াৰৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীত ব্যৱহৃত উপাদানসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল ৷ কিন্তু বৰ্তমানৰ প্ৰজন্ম অধিক সচেতন আৰু কৌতুহলী ৷ তেওঁলোকে কি খাইছে, ইয়াত কি ৰাখিছে, কি উপাদান আৰু সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু কিয় ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে তথ্য ৰাখে ৷

সেয়েহে আজিকালি বিজ্ঞাপনত সামগ্ৰীৰ লগত জড়িত তথ্য দেখুওৱাৰ ধাৰাও বাঢ়িছে ৷ যদি আমি সৌন্দৰ্য বা স্কিন কেয়াৰ সামগ্ৰীৰ কথা ক’বলৈ যাও, তেন্তে আজিকালি বহু বিজ্ঞাপনত চেলিচিলিক এচিডৰ নামটো খুবে বেছিকৈ শুনিবলৈ পোৱা গৈছে ৷ যদি বিজ্ঞাপনৰ ওপৰত বিশ্বাস কৰা হয় তেন্তে ছালৰ যত্নত ইয়াৰ ব্যৱহাৰ যথেষ্ট ফলপ্ৰসূ ৷ কিন্তু সঁচাকৈয়ে এয়াই সত্য নে আৰু যদি হয় তেন্তে কেনেকৈ ?

চেলিচিলিক এচিড কি আৰু ইয়াৰ উপকাৰিতা

প্ৰসাধন বিশেষজ্ঞ ডাঃ নীতা বাত্ৰাই বুজাইছে যে, চেলিচিলিক এচিড হৈছে এক প্ৰকাৰৰ বিটা হাইড্ৰক্সি এচিড (BHA), যিয়ে ছালৰ গভীৰতালৈ সোমাই ছালৰ পৰিষ্কাৰ কৰে আৰু অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰে ৷ এই এচিডে ছালখন এক্সফোলিয়েট কৰি মৃত কোষবোৰ আঁতৰাই ছালখনক গভীৰভাৱে পৰিষ্কাৰ কৰি ছালখন স্পষ্ট, উজ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ ফলত ছালৰ ছিদ্ৰ পৰিষ্কাৰ হৈ থাকে আৰু তাত মলি বা তেল জমা নহয়, যাৰ ফলত ব্ৰণ আৰু ক’লা দাগ আদি সমস্যাও হ্ৰাস পায় আৰু যিহেতু ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণো আছে, গতিকে ইয়াৰ ব্যৱহাৰে ছালৰ ফুলা আৰু ৰঙা পৰা আদি সমস্যাও দূৰ কৰাত লাভদায়ক আৰু পুৰণি দাগবোৰ পাতল কৰে ৷

ইয়াক সাৱধানে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ

প্ৰসাধন বিশেষজ্ঞ ডাঃ নীতা বাত্ৰাই কয় যে, ইয়াক সঠিকভাৱে, সঠিক পৰিমাণত আৰু আপোনাৰ ছালৰ প্ৰকৃতি অনুসৰি প্ৰয়োজনীয় সাৱধানতাৰে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ যদি কোনো ব্যক্তিৰ ছালৰ লগত জড়িত কোনো ধৰণৰ সমস্যা, যিকোনো ধৰণৰ এলাৰ্জী বা যাৰ ছাল অতি সংবেদনশীল, তেন্তে ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে নিশ্চিতভাৱে পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷ কাৰণ এনে পৰিস্থিতিত বা ইয়াক অতিৰিক্ত পৰিমাণে ব্যৱহাৰ কৰিলে ছালত বিষ, খজুৱতি বা অন্য সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কেনেকৈ ব্যৱহাৰ কৰিব লাগে

উল্লেখযোগ্য যে, চেলিচিলিক এচিডযুক্ত বহু ধৰণৰ সামগ্ৰী যেনে- ছিৰাম, জেল, ক্ৰীম, লোচন, ক্লিনজাৰ আদি বজাৰত উপলব্ধ ৷ কিন্তু এই সামগ্ৰীসমূহৰ ব্যৱহাৰ কৰাৰ সঠিক তথ্য লাভ কৰাৰ পিচতহে ছালত ব্যৱহাৰ কৰাটো উচিত ৷ যেনে...

ক্লিনজাৰ আৰু ফেচ ৱাছ: এটা সহজ পদ্ধতি হ’ল চেলিচিলিক এচিডযুক্ত ক্লিনজাৰ আৰু ফেচ ৱাছ ব্যৱহাৰ কৰা ৷ দিনে দুবাৰকৈ মুখত লগালে কুহুমীয়া পানীৰে ধোৱাটো উচিত ৷ ইয়াৰ দ্বাৰা আপোনাৰ ছাল পৰিষ্কাৰ হৈ ছালৰ পৰা অতিৰিক্ত তেল আঁতৰোৱাত লাভদায়ক হয় ৷

ছিৰাম আৰু ক্ৰীম: যদি চেলিচিলিক এচিডযুক্ত ছিৰাম আৰু ক্ৰীম ব্যৱহাৰ কৰা হৈছে তেন্তে পৰিষ্কাৰ ছালত লাহে লাহে মালিচ কৰি লগাব লাগে আৰু কিছু সময়ৰ বাবে থৈ দিব লাগে ৷ কটা বা ক্ষতিগ্ৰস্ত/আঘাতপ্ৰাপ্ত ছালত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ৷

মাস্ক: চেলিচিলিক এচিড ফেচ মাস্ক সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে ৷ মাস্কখন মুখত লগাই ১০-১৫ মিনিট ৰাখি তাৰ পিচত কুহুমীয়া পানীৰে ধুই লওক ৷

স্পট ট্ৰিটমেণ্ট: যদি আপুনি ইয়াক কেৱল শালমনত বা নিৰ্দিষ্ট ঠাইত ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি স্পট ট্ৰিটমেণ্টৰ সহায় ল’ব পাৰে ৷ পোনে পোনে আক্ৰান্ত ঠাইত লগালে কিছু সময়ৰ পিচত ধুই লওক ৷

কিদৰে সাৱধানতা অৱলম্বন কৰিব

নীতা বাত্ৰাই কয় যে, চেলিচিলিক এচিড ব্যৱহাৰ কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ ৷ যেনে-

অত্যধিক ব্যৱহাৰৰ পৰা বিৰত থাকক: চেলিচিলিক এচিড বাৰে বাৰে ব্যৱহাৰ কৰিলে ছালৰ বিষ হ’ব পাৰে ৷ গতিকে সীমিত পৰিমাণতহে ব্যৱহাৰ কৰিব লাগে ৷

সূৰ্যৰ পোহৰ এৰাই চলক: চেলিচিলিক এচিড প্ৰয়োগ কৰাৰ পিছত প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে ৷ বাহিৰলৈ ওলোৱাৰ আগতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰক ৷

সংবেদনশীল ছালৰ প্ৰতি মনোযোগ: যদি আপোনাৰ ছাল সংবেদনশীল হয় তেন্তে ইয়াক ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰি ক্ৰমান্বয়ে ব্যৱহাৰ বৃদ্ধি কৰক ৷

https://my.clevelandclinic.org/health/drugs/20341-salicylic-acid-topical-gel-cream-lotion-solution

লগতে পঢ়ক: মুখৰ পৰা দাগ ফোঁহা হ’ব দূৰ: মাত্ৰ অনুসৰণ কৰক এই উপায় - Skin Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.