ETV Bharat / lifestyle

ঘৰতে কাণ পৰিষ্কাৰ কৰাৰ এই ৫টা নিৰাপদ তথা ফলপ্ৰসূ উপায় জানি লওক - EARWAX

বহুলোকে মানুহে কাণ পৰিষ্কাৰ কৰিবলৈ চোকা বস্তু ব্যৱহাৰ কৰে, যাৰ ফলত কাণৰ ক্ষতি হ’ব পাৰে । সেয়ে কাণ আজি পৰিষ্কাৰ কৰাৰ এই উপায়সমূহ জানি লওক-

How to clean ear wax at home
ঘৰতে কাণ পৰিষ্কাৰ কৰাৰ এই ৫টা নিৰাপদ তথা ফলপ্ৰসূ উপায় জানি লওক (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 13, 2024, 5:09 PM IST

কাণ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, যাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ কাণত থকা কাণৰ মলি (Wax) ধূলি, বেক্টেৰিয়া আৰু অন্যান্য মলি প্ৰৱেশত বাধা দিয়ে, কিন্তু যেতিয়া ই অত্যধিক হয় তেতিয়া ইয়াৰ ফলত শ্ৰৱণ ক্ষমতাৰ সমস্যা, খজুৱতি বা সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷

বহু সময়ত মানুহে কাণ পৰিষ্কাৰ কৰিবলৈ চোকা বস্তু ব্যৱহাৰ কৰে, যাৰ ফলত কাণৰ ক্ষতি হ’ব পাৰে ৷ গতিকে ইয়াত আমি আপোনালোকক জনাইছো কাণ পৰিষ্কাৰ কৰিবলৈ ৫টা নিৰাপদ আৰু ফলপ্ৰসূ ঘৰুৱা উপায় ৷

১) কুহুমীয়া তেল ব্যৱহাৰ কৰক

  • কুহুম তেল কাণৰ মলি পৰিষ্কাৰ কৰিবলৈ এক উত্তম উপায় ৷ আপুনি অলিভ অইল, নাৰিকল তেল বা বেবী অইল ব্যৱহাৰ কৰিব পাৰে ৷
  • এচামুচ তেল লাহে লাহে গৰম কৰক ৷
  • ড্ৰপাৰৰ সহায়ত কেইটোপালমান কাণত দিব ৷
  • মূৰটো এফালে বেঁকা কৰি কেইমিনিটমান অপেক্ষা কৰক ৷
  • তাৰ পিছত কপাহ এটা লাহে লাহে ব্যৱহাৰ কৰি কাণ দুখন পৰিষ্কাৰ কৰক ৷

২) গৰম পানী আৰু চিৰিঞ্জ ব্যৱহাৰ

  • গৰম পানীৰে কাণ পৰিষ্কাৰ কৰাটো এটা নিৰাপদ আৰু ফলপ্ৰসূ পদ্ধতি ৷
  • চিৰিঞ্জত কুহুমীয়া পানী ভৰাই দিব ৷
  • কাণখন লাহে লাহে টানি ভিতৰত পানী ঢালি দিব ৷
  • ইয়াৰ বাবে ৱেক্স বা মলিখিনি কোমল হৈ ওলাই আহে ৷

৩) হাইড্ৰজেন পেৰাক্সাইডৰ ব্যৱহাৰ

  • হাইড্ৰজেন পেৰাক্সাইডে কাণৰ মলি পৰিষ্কাৰ কৰাত সহায় কৰে ৷
  • পানীত মিহলাই কেইটোপালমান কাণত দিব ৷
  • কিছু সময়ৰ পাছত মূৰটো আনফালে হেলনীয়া কৰি দিব যাতে মলি ওলাই যাব পাৰে ৷

৪) ভাপ চিকিৎসা

  • ভাপেৰে কাণৰ ভিতৰত জমা হোৱা মলি ঢিলা হয় ৷
  • গৰম পানীৰ বাটি এটাত মূৰটো নমাই টাৱেলেৰে ঢাকি ৰাখক ৷
  • ৫-১০ মিনিট ভাপত ৰাখিব ৷
  • ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰেৰে কাণ দুখন মচিব লাগে ৷

৫) নিমখীয়া পানীৰে পৰিষ্কাৰ কৰা

  • নিমখীয়া পানী হৈছে প্ৰাকৃতিক চাফাই দ্ৰৱ ৷
  • কপাহৰ এটা বল বনাই কুহুমীয়া পানীত কিছু নিমখ মিহলাই ডুবাই ৰাখক
  • কাণত লাহে লাহে লগাব লাগে
  • ই কাণৰ মলি কোমল অতি সহজে আঁতৰোৱাত সহায় কৰে

কিছুমান সাৱধানতা

  • পিন বা মেচষ্টিক আদি চোকা বস্তু ব্যৱহাৰ নকৰিব ৷
  • কাণত বিষ, ফুলা বা সংক্ৰমণ হ’লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷
  • সঘনাই কাণ পৰিষ্কাৰ কৰাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ দ্বাৰা কাণক সুৰক্ষা দিয়া প্ৰাকৃতিক ৱেক্স আঁতৰি যাব পাৰে ৷

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: উফিৰ সমস্যাক লৈ অশান্তি পাইছে নেকি ? অনুসৰণ কৰিব পাৰে এই উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.