ETV Bharat / lifestyle

মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম - SKIN CARE TIPS

বিয়াৰ বতৰত তেলেতীয়া ছালৰ লোকসকলে কিদৰে নিজৰ ছালৰ যতন লোৱা উচিত ? ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত এনেদৰে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Skin care tips
মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 2, 2024, 5:16 PM IST

বৰ্তমান সময় বিয়াৰ সময় আৰু সময়ছোৱাত এই প্ৰত্যেকৰে ঘৰত নাইবা, ওচৰ চুবুৰীয়াৰ ঘৰত এখন হ'লেও বিয়াৰ অনুষ্ঠান থাকে । বিয়ালৈ আমন্ত্ৰিত হ'লে বা আপুনি যদি নিজেই কইনা তেন্তে আপোনাৰ ছালখনৰ কেনেদৰে যতন ল'ব এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত এনেদৰে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

আঘোণ মাহৰ এই সময়ছোৱাত সাধাৰণতে বিয়াৰ বতৰ বুলি সকলোৱে অৱগত ৷ এই সময়ছোৱাত ঠায়ে ঠায়ে বিবাহ অনুষ্ঠান দেখিবলৈ পোৱা যায় ৷ সমান্তৰালভাৱে এই সময়তছোৱাত লাহে লাহে জলবায়ু পৰিৱৰ্তন হ'বলৈ ধৰিছে ৷ শীতৰ আগমনৰ প্ৰাকক্ষণত তথা বিয়া-বাৰুৰ এই সময়তচোৱাত আপোনাৰ ছালখনৰ যতন লোৱাটো অতি আৱশ্যক ৷ বিয়াত এখন খাবলৈ গ'লে প্ৰতিগৰাকী মহিলাই নিজকে সজাই পৰাই ধুনীয়াকৈ যাবলৈ বিচাৰে আৰু এনে সময়ত বিয়া বুলি ক’লে মহিলাসকলে মেক আপ সকলোতকৈ প্ৰথমে আহে ৷ কিন্তু তেলেতীয়া লোকৰ এটা সমস্যা হৈছে যে মেক আপ কৰিলেও কিছু সময়ৰ পিচত মেক আপখিনি বিয়পি যায় বা নোহোৱা হৈ যায় তেন্তে এই সমস্যাৰ সমাধান কি জানো আহক-

মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম (ETV Bharat)

মেক আপ কৰাৰ পূৰ্বে কেনে দৰে ছালৰ যতন ল'ব ?

বহু মহিলাই ছালখন বেয়া হৈ যাব বুলি মেক আপ কৰিবলৈ ভয় কৰে বা মেক আপ কৰিবলৈ বহুত চিন্তা-চৰ্চা কৰে ৷ মেক আপ কৰাৰ পূৰ্বে যদি আপুনি কিছু পৰিমাণে চলাৰ যতন লয় তেন্তে এনধৰনৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে ৷ আনহাতে, ছালখন তেলেতীয়া হয় তেন্তে বহুত সোনকালে সেই মেক আপ বেয়া হৈ যায় বা ঘামি যোৱাৰ ফলত মেক আপ সোনকালে বেয়া হৈ যায় আৰু মেক আপৰ যি সুন্দৰতা বেছি দেৰিলৈকে নাথাকে ৷ গতিকে মেক আপ লোৱাৰ পূৰ্বে ছালখনক সাজু কৰি লোৱাটো প্ৰয়োজন ৷ সেয়ে মেক আপৰ পূৰ্বে সদায় ক্লিনজিং টনিং মশ্বোৰাইজাৰ ব্যৱহাৰ কৰাটো উচিত ৷ তদুপৰি ছালত মেক আপ লগোৱাৰ পূৰ্বে এটা ফেচপেক তৈয়াৰ কৰি ল'ব পাৰে ৷ যি সকলৰ তেলেতীয়া ছাল তেওঁলোকৰ নোমৰ গুৰিবোৰ বহল হৈ যায় আৰু অকমানতে ঘমি যায় ৷ সেয়ে তেওঁলোকে ঘৰুৱাভাৱে কিছু উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

তেলেতীয়া ছালৰ লোকসকলে কেনেদৰে যতন ল'ব ?

তেওঁলোকে এটুকুৰা তিয়ঁহ আৰু এটুকুৰা মূলালৈ ভালদৰে বাকলি গুচাই ৰুকি ল'ব ৷ তাৰ পাছ ৰুকি লোৱা সামগ্ৰীখিনি ভালদৰে চেপি ল'ব ৷ তাৰ পাছত সেই মূলা আৰু তিয়হৰ ৰসখিনিৰ লগত অকমান বুটৰ গুৰি মিহলাই ল'ব ৷ তাৰপাচত সেই মিশ্ৰণটো ভালদৰে ছালত ১৫ মিনিট মান সময়ৰ বাবে লগাই থব ৷ ১৫ মিনিট সময়ৰ পাছত বেছি পানীৰে ছালখন ধুই দিব ৷ এনে কৰাৰ ফলত তেলেতীয়া সমস্যাটো দূৰ হ'ব ৷

লগতে পঢ়ক: শৰীৰ হৈ থাকিব সুস্থ, শীতকালত কেৱল অনুসৰণ কৰক এই অভ্যাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.