ETV Bharat / lifestyle

আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা...জানি লওক আজিৰ দিনটোৰ মহত্ব

আজি অসমৰ ঠায়ে ঠায়ে চলিছে দেৱী লক্ষ্মীৰ পূজা ৷ কেৱল অসমতে নহয় পশ্চিমবংগ, ওড়িশাতো এই পূজা অতি ধূমধামেৰে পালন কৰা হয় ৷

author img

By ETV Bharat Lifestyle Team

Published : 9 hours ago

Kojagari Puja 2024: Date, Timings, Significance and Lakshmi Puja Muhurat
আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা...জানি লওক আজিৰ দিনটোৰ মহত্ব (ETV Bharat)

আজি লক্ষ্মী পূজা । কোজাগৰী লক্ষ্মী পূজা বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমত অতি ভক্তিৰে পালন কৰা হয় । এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয় । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাস ৰাখে আৰু নিশাটো দেৱী লক্ষ্মীৰ আৰাধনা কৰে ।

জনবিশ্বাস মতে, লক্ষ্মীপূজাৰ দিনা দেৱী লক্ষ্মীয়ে তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি আশীৰ্বাদ প্ৰদান কৰে । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু প্ৰদীপেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু ভোগ ৰান্ধে ।

ধৰ্মীয় বিশ্বাস অনুসৰি, আজি নিশাটো দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । সেয়ে ভক্তসকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা অতি আনন্দেৰে কৰা দেখা যায় ।

এইবাৰ লক্ষ্মী পূজাৰ তাৰিখ আৰু শুভ সময়

  • লক্ষ্মী পূজাৰ শুভ সময়: বুধবাৰ, ১৬ অক্টোবৰ, ২০২৪
  • লক্ষ্মী পূজাৰ দিনটোত চন্দ্ৰ উদয়: সন্ধিয়া ০৫:০৬ বজাত
  • পূৰ্ণিমা তিথি আৰম্ভ: নিশা ০৮:৪০ বজাত
  • পূৰ্ণিমা তিথিৰ অন্ত পৰিব: ১৭ অক্টোবৰ তাৰিখে বিয়লি ০৪:৫৫ বজাত

কোজাগৰী লক্ষ্মী পূজাৰ মহত্ব

কোজাগৰী শব্দৰ অৰ্থ হৈছে-“কো জাগৰ্তী”। যাৰ অৰ্থ হৈছে “কোন জাগ্ৰত” । ধৰ্মীয় বিশ্বাস অনুসৰি, এই নিশা দেৱীয়ে পৃথিৱীত বিচৰণ কৰি যিসকল জাগ্ৰত হৈ থাকে তেওঁলোকক ধন-সম্পত্তি প্ৰদান কৰাৰ লগতে সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয় । গতিকে কোজাগৰী লক্ষ্মী পূজাৰ দিনা ভক্তসকলে লক্ষ্মী দেৱীক বিশেষ পূজা-অৰ্চনা কৰাৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

এই নিশা লক্ষ্মী দেৱী আদৰিবলৈ গোটে ৰাতি ভক্তসকল সাৰ পাই থাকে । ভক্তসকলে বিশ্বাস কৰে যে, এই ব্ৰত পালন কৰিলে ঐশ্বৰিক আশীৰ্বাদ পোৱা যায় আৰু আৰ্থিক সমস্যা দূৰ হয় । এই পৰম্পৰাৰ মূলতে- প্ৰাচীন বিশ্বাস অনুসৰি দেৱী লক্ষ্মী জাগ্ৰত হৈ থকাসকলৰ ভক্তিত সন্তুষ্ট হয় আৰু তেওঁলোকক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ বাবে আৰ্শীবাদ দিয়ে । লক্ষ্মী পূজাৰ দিনটোত ব্ৰত পালন কৰিলে সুখ-সমৃদ্ধি, সুস্বাস্থ্য, আৰ্থিক স্থিতিশীলতা আৰু জীৱনলৈ সুখ আহে বুলি বিশ্বাস কৰা হয় । লক্ষ্মী পূজাৰ নিশা ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.