ETV Bharat / lifestyle

কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে জানি লওক এইসমূহ কথা

বহুলোকৰ বাবে কেদাৰনাথ ধামলৈ যোৱাটো কোনো সপোনতকৈ কম নহয় ৷ যদি আপুনিও ইয়ালৈ যোৱাৰ কথা ভাবিছে তেন্তে নিশ্চয়কৈ জানি লওক এইসমূহ জৰুৰী তথ্য-

author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

Kedarnath Dham Yatra: What precautions should be taken and what mistakes to avoid during Kedarnath Dham Yatra?
কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে জানি লওক এইসমূহ কথা (ETV Bharat)

প্ৰতিজন শিৱভক্তই জীৱনত এবাৰলৈ হলেও (Kedarnath Temple) দৰ্শন কৰাৰ সপোন মনত পুহি ৰাখে ৷ কেদাৰনাথ মন্দিৰ হিন্দুসকলৰ অন্যতম প্ৰধান তীৰ্থকেন্দ্ৰ ৷ এই মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত ৷ প্ৰতি বছৰে লাখ লাখ ভক্তই ভগৱান শিৱৰ দৰ্শনৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা কেদাৰনাথ মন্দিৰ দৰ্শন কৰে ৷ মন্দিৰটো অতি উচ্চতাত অৱস্থিত, সেয়েহে বতৰৰ কথা বিবেচনা কৰি মন্দিৰৰ দুৱাৰ কেৱল এপ্ৰিল আৰু নৱেম্বৰৰ মাজত খোলা হয় ৷ ইয়াৰ পাছত প্ৰচুৰ বৰফ পৰাৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় ৷

২০২৪ চনৰ ১০ মে' তাৰিখে কেদাৰনাথ ধামৰ দুৱাৰ খোলা হৈছিল ৷ মাজভাগত মূষলধাৰ বৃষ্টিপাতৰ ফলত মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হৈছিল যদিও ৭ আগষ্টৰ পৰা পুনৰ মন্দিৰৰ দুৱাৰ খোলা হয় ৷ যদি আপুনিও কেদাৰনাথ ধাম যাত্ৰাৰ পৰিকল্পনা কৰি আছে তেন্তে কিছুমান দিশৰ প্ৰতি বিশেষ ধ্যান ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ অন্যথা আপোনাৰ কেদাৰনাথলৈ যোৱাৰ অভিজ্ঞতা বেয়াৰ পিনে ঢাল খাব পাৰে ৷ কেদাৰনাথ যাত্ৰাত যাওঁতে আপুনি কি কথাত ধ্যান ৰখাটো অতি জৰুৰী জানো আহক-

  • যদি আপুনি কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে মনত ৰাখিব যাতে অত্যধিক শীতকালত আৰু বাৰিষা ঋতুত যোৱাৰ চিন্তা পৰিহাৰ কৰিব ৷ পাহাৰীয়া অঞ্চলত বাৰিষাৰ সময়ত বানপানী বা ভূমিস্খলনৰ আশংকা যথেষ্ট বেছি ৷ সেয়েহে এই সময়ত ভ্ৰমণৰ পৰিকল্পনা নকৰিব ৷
  • ভ্ৰমণলৈ যাওঁতে আপুনি গ্ৰীষ্মকালত গ'লেও আপোনাৰ লগত শীতৰ কাপোৰ কঢ়িয়াই নিবলৈ নাপাহৰিব ৷
  • পাহাৰৰ ওপৰৰ যিকোনো সময়তে বৰষুণ হ'ব পাৰে ইয়াৰ ফলত ঠাণ্ডাও বহু পৰিমাণে বৃদ্ধি পাব পাৰে সেয়ে ইয়ালৈ যোৱাৰ সময়ত আপোনাৰ সৈতে গ্ল’ভছ, জেকেট, মোজা, টুপি ছাতি, ৰেইনকোট লগত ৰখাটো খুবেই জৰুৰী ৷ লগতে ভাল মজবুত জোতা পৰিধান কৰাটো উচিত ৷
  • এজন সাধাৰণ ব্যক্তিয়ে গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধাম পাব পাৰে ৷ দৰ্শনৰ পাছত এদিন ৰাতি ইয়াত জিৰণি লওঁক আৰু পাছদিনা পুৱা পুনৰ গৌৰীকুণ্ডলৈ উভতি যাত্ৰা আৰম্ভ কৰক ৷
  • যদি আপুনি দৰ্শন, আৰোহণ আৰু এদিনত উভতি অহাৰ কথা ভাবিছে, তেন্তে আপুনি সন্ধিয়া বা নিশালৈ গৌৰীকুণ্ডলৈ গৈ পাব, কিন্তু গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈ ৰে'লত আসন পোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব ৷ লগতে গৌৰীকুণ্ডত খুব কম হোটেল বা ল'জ থকাৰ বাবে আপোনাৰ ইয়াত এটা কোঠা বিচাৰি পোৱাত অসুবিধা হ'ব পাৰে ৷
  • কেদাৰনাথ যাত্ৰাৰ সময়ত কেতিয়াও ১২ বছৰৰ তলৰ শিশুক লগত নিব নালাগে ৷ ইয়াত অক্সিজেনৰ স্তৰ অতি কম, যাৰ ফলত শিশুৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা থাকে ৷
  • যদি আপুনি কোনো কষ্ট নকৰাকৈ কেদাৰনাথ ধাম যাবলৈ বিচাৰে, তেন্তে আপুনি দোলাত বহি যাব পাৰে ৷ যাৰ ভাড়া ৮ ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত ৷ খচ্চৰত উঠি যোৱাৰ ভাড়া হৈছে ৫ৰ পৰা ৬ হাজাৰ টকা ৷ যদি আপুনি হেলিকপ্টাৰেৰে যোৱাৰ কথা ভাবে তেন্তে ইয়াৰ ভাড়া হৈছে প্ৰায় ৭ হাজাৰ টকা ৷
  • কেদাৰনাথ ভ্ৰমণলৈ যাওঁতে উন্নত ফোন নেটৱৰ্কৰ বাবে বিএছএনএল, ভোডাফোন আৰু জিঅ'ৰ চিম লওঁক ৷ কিন্তু সকলো নেটৱৰ্কে আপুনি ভালদৰে পাব তাৰ কোনো নিশ্চয়তা নাই ৷
  • আপোনাৰ ভ্ৰমণ কাৰ্ড আৰু আধাৰ কাৰ্ড লগত নিবলৈ নাপাহৰিব ৷
  • ৰাতি কেদাৰনাথ মন্দিৰ দৰ্শন কৰা পৰিহাৰ কৰিব কিয়নো ৰাতি বন্য জন্তুৰ পৰা বিপদ হ'ব পাৰে ৷
  • ভ্ৰমণলৈ যোৱাৰ আগতে টৰ্চ লাইট আৰু অতিৰিক্ত বেটাৰী আপোনাৰ সৈতে ৰাখিব ৷
  • কেদাৰনাথ ধাম ভ্ৰমণৰ কেইদিনমান আগতে উশাহ-নিশাহৰ ব্যায়াম কৰক ৷ তেতিয়া উশাহ লোৱাত বেছি সমস্যা নহ'ব ৷
  • হোটেল আগতীয়াকৈ বুক কৰক ৷ হোটেলত এটা কোঠা পোৱাত যথেষ্ট অসুবিধা হয় কাৰণ মানুহৰ ভিৰ বহুত বেছি হয় ৷
  • যদি আপুনি ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ সৈতে কেদাৰনাথলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, বিশেষকৈ আৰোহণৰ সময়ত ৷ যদি তেওঁলোকৰ শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় কোনো ৰোগ আছে, তেন্তে তেনে লোকৰ সৈতে কেদাৰনাথলৈ যোৱাৰ কোনো পৰিকল্পনা নকৰিব ৷
লগতে পঢ়ক: প্ৰত্যাহ্বান নেওচি আজিৰে পৰা পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা - KEDARNATH YATRA RESUMED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.