ETV Bharat / lifestyle

এইসকল লোকে নিতৌ পুৱা চোবাই খাওক ইলাচি

ইলাচি পাকঘৰতে থকা এনে এবিধ মছলা, যাৰ সহায়ত বহু ধৰণৰ খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি পায় । কিন্তু আপুনি জানেনে যে ইয়াৰো আছে অনেক উপকাৰিতা-

health benefits of cardamom elaichi in assamese
এইসকল লোকে নিতৌ পুৱা চোবাই খাওক ইলাচি (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

ইলাচি হৈছে পাকঘৰত উপস্থিত থকা এনে এবিধ মছলা, যাৰ সহায়ত বহু ধৰণৰ খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি পায় । ইলাচি বহু ধৰণে ব্যৱহাৰ কৰা হয় । কিন্তু আপুনি জানেনে যে প্ৰতিদিনে পুৱা খালী পেটত ইলাচি সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় । হয়, আপুনি ঠিকেই শুনিছে । পুৱাই ইলাচি চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয় । মুখৰ দুৰ্গন্ধ ওলোৱা লোকে পুৱা সেউজীয়া ইলাচি সেৱন কৰিব লাগে । জানক কিয় আৰু কোনে কোনে ইলাচি খাব লাগে-

বাহী মুখত ইলাচি খোৱাৰ উপকাৰিতা-

ৰক্ত সঞ্চালন

পুৱা খালী পেটত সেউজীয়া ইলাচি চোবাই খালে ৰক্ত সঞ্চালন ভালদৰে হোৱাত সহায়ক হয় ।

মুখৰ দুৰ্গন্ধ

যদি আপোনাৰ মুখৰ পৰা দু্ৰ্গন্ধ ওলায়, তেন্তে পুৱা খালী পেটত সেউজীয়া ইলাচি চোবাই খাবলৈ আৰম্ভ কৰক । ইলাচি সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয় ।

হজম

এনে বহু গুণ সেউজীয়া ইলাচিত পোৱা যায়, যিবোৰে পেট সুস্থ কৰি ৰখাত আৰু পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে । যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেন্তে আপুনি সেউজীয়া ইলাচি খাব পাৰে ।

মেদবহুলতা

পুৱা খালী পেটত সেউজীয়া ইলাচি সেৱন কৰিলে ওজন কমোৱাত সহায়ক হয় । যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ইয়াৰ পানীও সেৱন কৰিব পাৰে ।

ছাল

প্ৰতিদিনে পুৱা ইলাচি চোবাই খালে ছালখন সুস্থ কৰি ৰখাত সহায়ক হয় । ইলাচিত থকা গুণবোৰে ছালখনক বহু সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।

https://pmc.ncbi.nlm.nih.gov/articles/PMC8467221/

লগতে পঢ়ক: আহাৰ গ্ৰহণ কৰাৰ পিছত ইলাচী গ্ৰহণ কৰে নেকি ? তেন্তে জানি লওক ইয়াৰ উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.