ETV Bharat / lifestyle

পাপনৰ পৰা ব্ৰায়ান এডামছলৈ...বছৰৰ শেষত এই অনুষ্ঠানসমূহ একেবাৰেই নকৰিব মিচ - MUSICAL EVENT IN NORTH EAST

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংগীত শিল্পীসকলৰ সোঁত ববলৈ ধৰিছে ৷ বছৰৰ শেষ আৰু আৰম্ভণিতে সংগীতৰ মায়াজালেৰে শ্ৰোতাক মুগ্ধ কৰিবলৈ কোন কোন কণ্ঠশিল্পীৰ আহি আছে চাওক তালিকা-

Musical event
পাপনৰ পৰা ব্ৰাইয়ান এডামছলৈ...বছৰৰ শেষত এই অনুষ্ঠানসমূহ একেবাৰেই নকৰিব মিচ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 5, 2024, 5:20 PM IST

উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংগীত শিল্পীসকলৰ এতিয়া লাহে লাহে সোঁত বৈছে ৷ বছৰৰ শেষ আৰু আৰম্ভণিতে সংগীতৰ মায়াজালেৰে শ্ৰোতাক মুগ্ধ কৰিবলৈ আহি আছে কেইবাগৰাকীও কণ্ঠশিল্পী ৷ ইফালে, ৭ ডিচেম্বৰ ঘৰুৱাভূমিত কণ্ঠশিল্পী পাপনৰ বিশেষ সংগীতৰ অনুষ্ঠান ৷

পাপনৰ ২০ বছৰীয়া সাংগীতিক যাত্ৰা

ডিচেম্বৰৰ আৰম্ভণিতে উদযাপন কৰা হ'ব অংগৰাগ পাপন মহন্তৰ সংগীত ক্ষেত্ৰখনত সফলতাৰ ২০টা বৰ্ষ ৷ অহা ৭ ডিচেম্বৰ তাৰিখে চান্দমাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত পাপনৰ অংগৰাগ মহন্তৰ সংগীতক্ষেত্ৰত গৌৰৱজ্জল ২০টা বর্ষ উপলক্ষে অনুষ্ঠিত কৰা হ'ব বিশেষ সংগীতৰ অনুষ্ঠান ৷

কণ্ঠশিল্পীগৰাকীৰ সুকীয়া কণ্ঠ, অসমীয়া লোকসংস্কৃতি বিশেষকৈ লোকগীত-বৰগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি অভিনৱ প্ৰয়াস সেয়া সকলোকে সদায় উৎসাহিত কৰি আহিছে ৷ নিজৰ সুকীয়া কণ্ঠৰে বিগত দুটা দশক দৰ্শকক মোহাচ্ছন্ন কৰা কণ্ঠশিল্পীগৰাকীক সন্মান জনোৱাৰ অৰ্থে চানৰাইজ পিউৰ প্ৰেজেণ্টছ গুপচুপ ব্লকবাষ্টাৰ পাপন অনুষ্ঠানটোত পাপনৰ এই মাইলৰ খুঁটিটোক সন্মান জনোৱাৰ লগতে অনুৰাগীসকলক এটা সন্ধিয়াৰ বাবে তেওঁৰ প্ৰাণৱন্ত সুৰেৰে একত্ৰিত কৰিব ৷ কেৱল অসমীয়া গীতেই নহয় "মোহ মোহ কে ধাগে", "কৌন মেৰা", "লাবন কা কৰোবাৰ", আৰু "কিয়ন"ৰ দৰে বলীউডৰ হিট ছবিটো তেওঁৰ কণ্ঠই মোহাচ্ছন্ন কৰিছে শ্ৰোতাক ৷ সমান্তৰালভাৱে ৭ তাৰিখে মুক্তি পাব পাপনৰ প্ৰকৃতিক লৈ গীত "চৰাইজনী" ৷ পল প্ৰডাকচনৰ বেনাৰত "কেনে আছা তুমি" ৰ সফলতাৰ পিছত আকৌ এবাৰ আহি আছে "চৰাইজনী" ৷

তেখেতৰ ২০ বছৰীয়া সাংগীতিক যাত্ৰাটোক উদযাপন কৰাৰ মানসেৰে অহা ৭ ডিচেম্বৰ তাৰিখে এই গীতটো শ্ৰোতাগণৰ বাবে মুকলি কৰি দিয়া হ'ব গীতটো ৷ গীতটো লিখিছে ৰাহুল গৌতম শৰ্মাই আৰু সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে ৷ ভিজুৱেল ঋতুপৰ্ণ গগৈৰ ৷ আনহাতে ৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ বাবে পাচবোৰ বাহী এপত উপলব্ধ ৷

গুৱাহাটীত শিল্পা ৰাও

অহা ১৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীলৈ আহিব বলীউডৰ কণ্ঠশিল্পী শিল্পা ৰাও ৷ ব্যক্তিগত সংবাদমাধ্যম এটাৰ উদ্যোগত অনুষ্ঠিত এক সংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব কণ্ঠশিল্পী গৰাকী ৷ মহানগৰীৰ ৰয়েল গ্লোবেল ইউনিভাচিটিত অনুষ্ঠিত হ'ব এই সংগীতৰ অনুষ্ঠান ৷ মুঠ ৪ ঘন্টাৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত নিজৰ সুৰৰৰাগীৰে মূৰ্ছনা কৰিব অনুৰাগিক ৷

গুৱাহাটীত প্ৰতীক কুহাদ

Kho Gaye Hum Kahan, Kasoorৰ জনপ্ৰিয় গীতত কণ্ঠদান কৰা কণ্ঠশিল্পী প্ৰতীক কুহাদেও নিজৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অহা ১৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত হ’ব ৷ জানিব পৰা অনুসৰি এক ব্যক্তিগত প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠান মহানগৰীৰ গ্ৰীণ উড ৰিজৰ্টত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ মুঠ ৩ ঘন্টাৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত নিজৰ নিজৰ গীতেৰে জীপাল কৰি তুলিব সন্ধিয়া ৷ যদি আপুনিও এই অনুষ্ঠানৰ অংশ হ’বলৈ বিচাৰিছে তেন্তে বুক মাই শ্ব’ৰ জৰিয়তে নিজৰ টিকত আজিয়েই বুক কৰক ৷

শ্বিলঙত ইজনৰ পিছত সিজন কণ্ঠশিল্পী সংগীত অনুষ্ঠান

অসমৰ লগতে মেঘালয়ৰ ৰাজধানী শ্বিলঙো পৰিণত হৈছে কনচাৰ্ট জন'লৈ ৷ ইজনৰ পিচত সিজন আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সোঁত বৈছে শ্বিলংত ৷ Bryan Adamsএ "Five City Tour in India"ত অন্তৰ্ভুক্তি কৰিছে শ্বিলঙকো ৷ অহা ১০ ডিচেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীগৰাকীৰ কনচাৰ্টৰ সাক্ষী হ'ব সকলো ৷ আনহাতে, আগন্তুক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত Ed Sheeran আৰু Mr. Big ও আহিব শ্বিলঙলৈ ৷

কিছুদিন পূৰ্বে, Akonৰ সমান্তৰালকৈ Europe, Calum Scott আৰু Boney Mক উপভোগ কৰি উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: সীমা বিশ্বাসলৈ 2024 বৰ্ষৰ সন্মানীয় আইদেউ সন্দিকৈ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.