দীপাৱলী হিন্দু ধৰ্মৰ লোকসকলৰ এক অন্যতম প্ৰধান উৎসৱ ৷ পোহৰৰ উৎসৱ দীপাৱলীক দীপান্বিতা বুলিও কোৱা হয় ৷ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় হোৱাৰ উদযাপনেই হৈছে দীপাৱলী ৷ এই দিনটোত সকলোৰে ঘৰত চাকি-বন্তি জ্বলাই চৌদিশ পোহৰাই তোলা হয় ৷ উত্তৰ ভাৰতত এই উৎসৱ ৰাক্ষস ৰজা ৰাৱণক পৰাস্ত কৰি ভগৱান ৰামৰ অযোধ্যালৈ উভতি অহাৰ দিন বুলি উদযাপন কৰা হয় ৷
দক্ষিণ ভাৰতত ৰাক্ষস নৰকাসুৰৰ বিৰুদ্ধে ভগৱান কৃষ্ণৰ বিজয়ৰ দিন হিচাপে এই উৎসৱ উদযাপ কৰা হয় ৷ দীপাৱলী ধনতেৰাছৰ পৰা আৰম্ভ কৰি ভাই দুজলৈ পাঁচ দিন ধৰি পালন কৰা হয় ৷ এই বছৰ ৩১ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হ'ব ৷
দীপাৱলী হৈছে পৰিয়ালৰ সকলো একত্ৰিত হোৱা, পৰস্পৰৰ বান্ধোন শক্তিশালী কৰা, ইজনে সিজনক শুভেচ্ছা জনাই একেলগে উদযাপন কৰাৰ সময় ৷ আপুনিও যদি প্ৰিয়জনক দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিবলৈ বিচাৰে, তেন্তে এইদৰে জনাওঁক শুভেচ্ছা-
- চাকিৰ পোহৰে আপোনাৰ জীৱনক প্ৰেম, হাঁহি আৰু সমৃদ্ধিৰে আলোকিত কৰক ৷ আপোনাক আৰু পৰিয়ালৰ সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো ৷
- দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তি ৷ শুভ দীপাৱলী!
- দীপাৱলীৰ শুভেচ্ছা জনালো ৷ চাকিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ ৷
- দীপাৱলীৰ শুভকামনা ৷ দূৰ হওঁক জীৱনক সকলো দুখ ৷ পোহৰৰে উজলি উঠক আপোনাৰ জীৱন ৷
- দীপাৱলীৰ পোহৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু সমৃদ্ধি ৷ শুভ দীপাৱলী !
- দীপাৱলীৰ শুভেচ্ছা জনালো ৷ সকলোৰে জীৱনটো ৰঙীন হওঁক, দূৰ হওঁক অন্ধকাৰ ৷
- দীপাৱলীৰ শুভক্ষণত এইয়া কামনা কৰিছো যাতে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে ৷
- সকলোৰে মংগল হওঁক, দীপাৱলীৰ পোহৰে দূৰ কৰক আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ ৷
- আপোনাৰ জীৱন আনন্দ আৰু সুখৰ পোহৰেৰে পৰিপূৰ্ণ হওঁক ৷ শুভ দীপাৱলী!
- শুভ দীপাৱলী ! দীপাৱলীৰ এই শুভ ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অসীম আনন্দ, সুখ আৰু শান্তি ৷
- দীপাৱলী পোহৰ, উত্তৰণ আৰু সমৃদ্ধিৰ উৎসৱ ৷ সকলো ভালে হওঁক ৷ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো ৷
- আপোনাৰ জীৱন দীপাৱলীৰ উজ্জ্বল পোহৰৰ দৰে সদায় আলোকিত হৈ থাকক ৷ শুভ দীপাৱলী !