ETV Bharat / lifestyle

৩১ অক্টোবৰ নে ১ নৱেম্বৰ ? কেতিয়া পালন হ'ব দীপাৱলী

দীপাৱলী কেতিয়া ? যদি আপুনিও এই বিষয়ে জ্ঞাত নহয় তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক দীপাৱলী ৩১ অক্টোবৰ নে ১ নৱেম্বৰত পালন কৰা হ’ব-

31 October or 1 November ? Know when Diwali will be celebrated in India
৩১ অক্টোবৰ নে ১ নৱেম্বৰ ? কেতিয়া পালন হ'ব দীপাৱলী (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

দীপাৱলী কেতিয়া ? এইবাৰ এই বিষয়টোক লৈ সকলোৱে বিভ্ৰান্ত হৈছে ৷ দীপাৱলী কেতিয়া হ’ব বুলি এতিয়া বিমোৰত পৰিছে অধিকাংশ লোক ৷ এনে পৰিস্থিতিত আপুনি এই বিভ্ৰান্তি দূৰ কৰি সঠিক সময়ত এই আনন্দৰ উৎসৱ উদযাপন কৰা উচিত ৷ গতিকে পলম নকৰি জানো আহক কোন দিনা দীপাৱলী পালন কৰা হ'ব, ৩১ অক্টোবৰ নে ১ নৱেম্বৰ ?

কেতিয়া পালন কৰা হ’ব দীপাৱলী ?

যদি আপুনি ভাবিছে এইবাৰ কেতিয়া দীপাৱলী পালন কৰা হ’ব, তেন্তে আপোনালোকক জনাই দিও যে এইবাৰ ৩১ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হ’ব ৷ দৰাচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল কাতি মাহৰ অমাৱস্যাৰ নিশা সদায় দীপাৱলী পালন কৰা হয় আৰু তেতিয়াহে দীপাৱলীৰ চাকি জ্বলোৱা হয় ৷ গতিকে এইবাৰ এই অমৱস্যা ২০২৪ চনৰ ৩১ অক্টোবৰৰ পৰা, পুৱা ০৩:৫২ বজাত আৰম্ভ হ’ব আৰু ০১ নৱেম্বৰৰ পুৱা ০৬:০০ বজালৈকে চলিব ৷ কিন্তু যদি আমি অমাৱস্য নিশাৰ কথা ক’বলৈ যাও তেন্তে অহা ৩১ অক্টোবৰতহে ৷ এইমতে দীপাৱলী ২০২৪ এইবাৰ কেৱল ৩১ অক্টোবৰতহে পালন কৰা হ’ব ৷

কিয় দীপাৱলী উদযাপন কৰা হয়

দীপাৱলী উৎসৱ দৰাচলতে ভগৱান ৰাম অযোধ্যালৈ ঘূৰি অহাৰ আনন্দত পালন কৰা হয় ৷ এই দিনটোতে সীতা আৰু লক্ষ্মণৰ সৈতে ১৪ বছৰ বনবাসত থাকি লংকাৰ ৰজা ৰাৱনক পৰাস্ত কৰি শ্ৰীৰামে অযোধ্যালৈ উভতি আহে ৷ ই আমাক আন্ধাৰৰ ওপৰত পোহৰ আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ কথা মনত পেলাই দিয়ে ৷ দীপাৱলী কেৱল এটি উৎসৱেই নহয়, ই এক জীৱনৰ উদযাপন, য’ত সকলোৱে একত্ৰিত হৈ আনন্দ কৰে আৰু এই দিনটোক উদযাপন কৰে ৷

লগতে পঢ়ক: দীপাৱলী সমাগত; আপোনাৰ পদূলি পোহৰাবলৈ সাজু গোবৰৰ দ্বাৰা নিৰ্মিত চাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.