ETV Bharat / international

2024 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ সৈতে কি সম্পৰ্ক অসমৰ ড৹ ৰুবুল মাউতৰ ?

Rubul Mout connection with Nobel: এই বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ সৈতে সম্পৰ্ক আছে এজন বিশেষ অসমীয়াৰ ৷ আহক জানো তেওঁৰ বিষয়ে কিছু কথা-

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Rubul Mout connection with Nobel
ডেভিদ বেকাৰৰ সৈতে ৰুবুল মাউত (Rubul Mout FB page)

নিউজ ডেস্ক, 10 অক্টোবৰ: বুধবাৰে ঘোষণা কৰা হয় 2024 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ৷ এই বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে, যি প্ৰ’টিনৰ বিকাশৰ ক্ষেত্ৰত বিশেষ আৱিষ্কাৰ কৰিছিল ৷ এই বঁটাৰ অৰ্ধেক অংশ “কম্পিউটেচনেল প্ৰ’টিন ডিজাইন”ৰ বাবে ডেভিদ বেকাৰক আৰু বাকী অৰ্ধেক “প্ৰ’টিনৰ গঠন ভৱিষ্যদ্বাণী”ৰ বাবে ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক যৌথভাৱে প্ৰদান কৰা হৈছে ৷

ডেভিদ বেকাৰৰ এই নোবেল লাভৰ ক্ষেত্ৰত নাম জড়িত হৈ আছে এগৰাকী অসমীয়াৰ ৷ তেওঁ হৈছে ‘‘মোৰো এটা সপোন আছে’’ গ্ৰন্থখনৰ স্ৰষ্টা তথা বিজ্ঞানী ড৹ ৰুবুল মাউত ৷

সম্পূৰ্ণ নতুন ধৰণৰ প্ৰ’টিন নিৰ্মাণৰ প্ৰায় অসম্ভৱ কৃতিত্বৰে সফল হৈছে ডেভিদ বেকাৰ । 2003 চনত ডেভিদ বেকাৰে প্ৰ’টিনত সাধাৰণতে থকা ২০ টা ভিন্ন জীৱনৰ গঠনমূলক প্ৰতিৰোধক ব্যৱহাৰ কৰি আন প্ৰ’টিনৰ পৃথক আৰু সম্পূৰ্ণ নতুন এক প্ৰ’টিন ডিজাইন কৰাত সফল হয় । তেতিয়াৰ পৰাই তেওঁৰ গৱেষণা গোটে ঔষধ, ভেকচিন, নেন’মেটেৰিয়েল আৰু ক্ষুদ্ৰ চেন্সৰ হিচাপে ব্যৱহাৰ কৰিব পৰা প্ৰ’টিনকে ধৰি এটাৰ পিছত এটাকৈ কল্পনাপ্ৰসূত প্ৰ’টিন সৃষ্টি আৰু উৎপাদন কৰি আহিছে । এই গৱেষণা তথা উদ্ভাৱনৰ ক্ষেত্ৰত ডেভিদৰ অন্যতম সহযোগী আছিল অসমৰ সুসন্তান ড৹ ৰুবুল মাউত ৷ ডেভিদ বেকাৰে নোবেল লাভ কৰাৰ পিছতেই ড৹ ৰুবুল মাউতে ফেচবুকযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইদৰে-

‘‘যোৱা কেইবামাহে অতি ব্যস্ততাৰ বাবে ফেচবুকৰ পৰা আঁতৰি আছিলো, কিন্তু আজি ৰাতিপুৱাই অহা এক অভাৱনীয় খবৰৰ বাবে ফেচবুকলৈ আহিলোঁ । একালৰ মোৰ প'ষ্ট ডক্টৰেল মেন্টৰ আৰু বৰ্তমানৰ অতি ঘনিষ্ঠ সহযোগী (Collaborator) ডেভিদ বেকাৰক আজি, 2024 বৰ্ষৰ, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছে ! যোৱা ৰাতিৰ পৰাই উদ্গ্ৰীৱ হৈ এই খবৰৰ বাবে ৰৈ আছিলো যদিও, আজি ৰাতিপুৱা ই বাস্তৱ হৈ উঠাত বাকহীন আবেগত উপচি পৰিছোঁ !!

ডেভিদৰ সৈতে মোৰ যোৱা আঠবছৰৰ সম্পৰ্কৰ বিষয়ে ক'বলৈ/লিখিবলৈ গলে হয়তো এখন মহাকব্য হবগৈ--কিন্তু আজি ইয়াকে কওঁ যে পৃথিৱীৰ এজন অতি মেধাৱী (Genius) ব্যক্তিৰ সৈতে কৰা যুটীয়া গৱেষণাৰ ফলত এতিয়ালৈ চাৰিখন গৱেষণা পত্ৰ, কেইবাটিও পেটেন্ট প্ৰকাশিত হৈছে--লগতে আন ভালেকেইটা Collaboration এতিয়াও চলি আছে ।

উল্লেখযোগ্য যে যোৱা সপ্তাহত আমাৰ এনে Collaboration ৰ এখন গৱেষণা পত্ৰ Nature নামৰ জাৰ্নেলত প্ৰকাশ হৈ ওলাইছিল য'ত আছিল আন এগৰাকী নোবেল প্ৰাপক Carolyn Bertozzi (2022)। তাতোকৈ উল্লাসৰ কথা যে যোৱা শুকুৰবাৰে মোৰ অন্য এখন গৱেষণা পত্ৰৰ বাবে (bioRxivত থকা) পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞান আলোচনী Nature এ ডেভিদ, জৰ্জ (হাৰ্ভাৰ্ডৰ ডিন জৰ্জ ডেলি) আৰু মোৰ প্ৰায় এঘন্টাজোৰা Interview লৈছিল, Nature এ মোৰ এই গৱেষণা পত্ৰৰ ওপৰত অহা নৱেম্বৰ মাহৰ শেষৰফালে এটি লেখা উলিয়াব, তাৰ বাবে ।

ডেভিদৰ ওপৰি তেওঁৰ খ্যাতনামা বিজ্ঞানী পত্নী হানেলি বেকাৰ (Hannele Rouhala Baker)ৰ সৈতেও মোৰ সুসম্পৰ্ক তথা Collaboration চলি আছে । ইয়াৰে কিছু কাম যোৱা সপ্তাহত হানেলিৰ এগৰাকী ছাত্ৰীয়ে বাৰ্লিনত Present কৰিছিল । যি কি নওক, আমাৰ জীৱনৰ শৈশৱকাল বিজ্ঞান শিক্ষাৰ অবিহনে তেনেই সাধাৰণভাৱেই পাৰ হৈছিল, কিন্তু আজি ডেভিদৰ এই নোৱেল স্বীকৃতিত আমাৰ অলপ হ’লেও সহযোগ থকাত কেনে ভাৱ হৈছে সেয়া ভাষাৰে ব্যক্ত কৰিবলৈ অপাৰগ । আজি কিছুবছৰ আগতে যেতিয়া ডেভিদৰ পি এইচ ডি মেন্টৰ Randy Schekmanক নোবেল বটা দিয়া হৈছিল, তেতিয়া ডেভিদৰো চাগৈ একে অভিজ্ঞতাই হৈছিল । ধন্যবাদ ।’’

ড৹ ৰুবুল মাউতৰ বিষয়ে

অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাসপুৰৰ এটি কৃষক পৰিয়ালত জন্ম হৈছিল ৰুবুল মাউতৰ ৷ দাৰিদ্ৰতাৰ মাজেৰে শৈশৱ পাৰ কৰা ৰুবুল মাউতে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ ‘‘মোৰো এটা সপোন আছে’’ গ্ৰন্থখনত এই বিষয়ে সবিশেষ বৰ্ণনা কৰিছে তেওঁ ৷ তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ 2003 চনত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷

ৰসায়ন বিজ্ঞানৰ প্ৰতি বিশেষ ধাউতি থকা ৰুবুল মাউতে স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ আহে । বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেওঁ CSIR-NET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । যাৰ ফলশ্ৰুতিত তেওঁ অৰ্জন কৰে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা ৷

2005 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৰুবুল মাউতে । ইয়াৰ পাছত তেওঁ পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক প্ৰয়োগাগাৰ (National Chemical Laboratory, NCL)ত আসন লাভ কৰে আৰু ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণাত যোগদান কৰে । সেইসময়ত তেওঁ জীৱিকাৰো সন্ধান কৰিছিল । সেয়েহে এন চি এলৰ পৰা আহি টি আই এফ আৰত "বিজ্ঞান বিষয়া" পদবীত যোগদান কৰে । ইয়াৰ ফলত তেওঁৰ জীৱিকাৰো বাট মুকলি হয় । টি আই এফ আৰত কৰ্মৰত হৈ থাকোঁতেই তেওঁ আমেৰিকাৰ ইণ্ডিয়ানাস্থিত পাৰাভিউ বিশ্ববিদ্যালয় (Purdue University) তিনিমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে । তাত তেওঁ উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য দেখিবলৈ পায় । ইয়াৰ ফলত মাউতৰ দীৰ্ঘদিনীয়া গৱেষণাকেন্দ্ৰিক সপোনটোৱে প্ৰাণ পাই উঠে ।

ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱৰাৰ বাবে তেওঁ প্ৰায়েই হতাশাত ভুগিছিল । সেই দুৰ্বলতা অতিক্ৰম কৰিবলৈ ৰুবুল মাউতে পাঁচ মাহতে প্ৰায় ছহেজাৰ ইংৰাজী শব্দ মুখস্থ কৰি পেলাইছিল । জি.আৰ.ই. আৰু টফেল পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে বহুকেইখন বিশ্ববিদ্যালয়ৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠে ৰুবুল মাউত ৷ আৰ্মহাষ্টস্থিত মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতে 2017 চনত জিন-সম্পাদনাৰ বিষয়ত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে ।

পৰৱৰ্তী সময়ত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেন'ৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো' হিচাপে গৱেষণা কৰে ৰুবুল মাউতে । য’ত তেওঁৰ মেণ্টৰ আছিল জিম দে য়েৰেও (Jim De Yoreo) আৰু ডেভিদ বেকাৰ । নেন’ প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল ৰুবুল মাউতে । তেওঁৰ 30 খনতকৈও অধিক গৱেষণাপত্ৰ 'নেছাৰ নেনোটেকন'লজি', 'নেচাৰ কেমিষ্ট্ৰী' আৰু 'এচিএছ নেনো' আদি জাৰ্ণেলত প্ৰকাশিত হৈছে । বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু বাৰ্কিংহাম শিশু চিকিৎসালয়ৰ এজন গৱেষক ৷ (উইকীপেডিয়াত উল্লেখিত আছে ৰুবুল মাউতৰ বিষয়ে এই তথ্য)

অসমবাসী আশাবাদী, এদিন হয়তো ড৹ ৰুবুল মাউতৰ দৰে এজন অসমীয়াৰ নামো উচ্চাৰিত হ’ব নোবেল বঁটাৰ বাবে ৷ ই টিভি ভাৰতৰ তৰফৰ পৰাও ড৹ ৰুবুল মাউতলৈ জনালোঁ অলেখ শুভকামনা ৷

লগতে পঢ়ক: প্ৰ’টিন সম্বন্ধীয় আৱিষ্কাৰৰ বাবে তিনিগৰাকী বিজ্ঞানীলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.